ETV Bharat / state

অনুসূচীত জাতি পৰিষদৰ কেন্দ্ৰীয় কমিটীৰ কাৰ্যনিৰ্বাহক সভা - agp

অগপ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন দল-সংগঠনৰ বহুকেইগৰাকী ব্যক্তিয়ে অগপত যোগদ‍ন কৰে । সকলোকে আদৰণি জনাই অগপৰ সভাপতি অতুল বৰাই ।

SC Parishad
অনুসূচীত জাতি পৰিষদৰ কেন্দ্ৰীয় কমিটীৰ কাৰ্যনিৰ্বাহক সভা
author img

By

Published : Sep 15, 2021, 9:36 PM IST

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : বুধবাৰে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অনুসূচীত জাতি পৰিষদৰ কেন্দ্ৰীয় কমিটীৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সভাত অগপ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন দল-সংগঠনৰ বহুকেইগৰাকী ব্যক্তিয়ে অগপত যোগদান কৰে ।

SC Parishad
অনুসূচীত জাতি পৰিষদৰ কেন্দ্ৰীয় কমিটীৰ কাৰ্যনিৰ্বাহক সভা

সভাত দলৰ সভাপতি তথা মন্ত্রী অতুল বৰাই অংশগ্ৰহণ কৰি দলৰ মজিয়ালৈ নতুন সদস্যসকলক উষ্ম আদৰণি জনায় । ভাষণ প্ৰসংগত অতুল বৰাই অনাগত দিনবোৰত আঞ্চলিকতাবাদৰ ধ্বজাবাহক অসম গণ পৰিষদৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰাত সমৰ্পিতভাৱে কাম কৰি যাবলৈ যোগদান কৰা সকলৰ প্ৰতি আহ্বান জনায় ।

লগতে পঢ়ক: টেট পৰীক্ষাত সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাৰ্থীক বঞ্চিত কৰাৰ অভিযোগ AIUDF-ৰ

অতুল বৰাই কয়, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰখনে অনুসূচীত জাতিৰ সৰ্বাংগীন উত্তৰণ সাধনৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত হৈছে । চৰকাৰৰ এই কল্যাণকামী পদক্ষেপ সমূহৰ সুফল যাতে ৰাইজৰ দুৱাৰডলিত উপলব্ধ হয়, তাৰ বাবে শক্তিশালী জনহিতকৰ ভূমিকা পালন কৰিবলৈ অনুসূচীত জাতি পৰিষদৰ কৰ্মকৰ্তাসকলক আন্তৰিকতাৰে আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে ।

সভাত অগপৰ অনুসূচীত জাতি পৰিষদৰ সভাপতি ড৹ ৰমানন্দ দাস, অগপৰ উপ-সভাপতিত্ৰয় বিষ্ণু দাস, সুনীল ডেকা আৰু সুনীল ৰাজকোঁৱৰ, অগপৰ তথ্য আৰু প্ৰচাৰ সম্পাদক ড৹ তপন দাস প্ৰমুখ্যে অগপ আৰু অনুসূচীত জাতি পৰিষদৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে।

লগতে পঢ়ক: ক্ৰাইম ৰেকৰ্ডত ভয়াৱহ তথ্য : ২০২০ চনত ২৬ গৰাকী নাৰীক ধৰ্ষণ কৰি হত্যা অসমত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.