ETV Bharat / state

ETV Exclusive: শিক্ষাসেতু, প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু প্ৰতিবাদ সন্দৰ্ভত ৰাতুল চন্দ্ৰ গোস্বামীৰ সৈতে সাক্ষাৎকাৰ - Assam education system

কেনেদৰে চলিছে অসমৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা ? কিয় হঠাৎ প্ৰতিবাদমুখৰ হৈ পৰিছে চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল ? তেওঁলোকৰ দাবী কি ? এই সন্দৰ্ভত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ...

Exclusive interview with Ratul Goswami
primary school teachers protest in Assam
author img

By

Published : May 25, 2023, 7:18 PM IST

ৰাতুল চন্দ্ৰ গোস্বামীৰ সৈতে সাক্ষাৎকাৰ

গুৱাহাটী, 25 মে’: প্ৰাথমিক শিক্ষাই হৈছে এগৰাকী শিক্ষাৰ্থী বা শিশুৰ আনুষ্ঠানিক শিক্ষা আহৰণৰ মূল ভেঁটি । প্ৰাথমিক শিক্ষাৰ ওপৰতেই নিৰ্ভৰ কৰে এখন ৰাজ্যৰ, দেশৰ শিক্ষা ব্যৱস্থা । অথচ এই প্ৰাথমিক শিক্ষা ব্যৱস্থাকে যেন গুৰুত্ব প্ৰদানত কৃপণালি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে । বছৰ বছৰ ধৰি শাসনৰ গাদীত বহা প্ৰতিটো দলৰ চৰকাৰেই প্ৰাথমিক বিদ্যালয়ৰ প্ৰতি অৱহেলাৰ দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে । যাৰ বাবে হয়তো আজিৰ তাৰিখত বহুত অভিভাৱকে চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নিজৰ সন্তানক পঢ়ুৱাব নিবিচাৰে । ফলত এতিয়া ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ব্যক্তিগত বিদ্যালয় (primary school teachers protest in Assam)।

অসমৰ প্ৰাথমিক বিদ্যালয়সমূহ কি কি সমস্যাৰ মাজেৰে চলি আছে, সেই বিষয়ে জানিবলৈ ইটিভি ভাৰতৰ সাংবাদিক কাষ চাপিছিল অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান‌ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীৰ । এক আছুতীয়া সাক্ষাৎকাৰত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান‌ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে অসমৰ প্ৰাথমিক বিদ্যালয় কি কি সমস্যাৰ মাজেৰে চলি আছে তাৰ বিতং ব্যাখ্যা আগবঢ়াইছে (Problems in govt primary schools) ।

ৰাতুল চন্দ্ৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে, অসমত বৰ্তমান 36,234 খন প্ৰাথমিক বিদ্যালয় আছে । এই প্ৰাথমিক বিদ্যালয়বোৰত 1 লাখ 10 হাজাৰ জন শিক্ষক-শিক্ষয়িত্ৰী কৰ্মৰত হৈ আছে । ইয়াৰে 20 হাজাৰ জন ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰী । এই প্ৰাথমিক বিদ্যালয়বোৰত অসমৰ 40 লাখ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে । কিন্তু ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়বোৰত নাই কোনো প্ৰধান শিক্ষক । ৰাজ্যৰ 36,234 খন প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত 3000 খন প্ৰাথমিক বিদ্যালয়ত আছে এজন শিক্ষক । দুজন শিক্ষক থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা হৈছে 19,000 খন (Assam education system) ।

তেওঁ লগতে কয় যে, শেহতীয়াভাৱে চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক অতিৰিক্ত কামৰ বোজা জাপি দিছে । এতিয়াৰে পৰা অসমত থকা অংগনবাড়ী কেন্দ্ৰ থকা অংকুৰ, মকুল আৰু কানন শ্ৰেণীৰ নিৰীক্ষণৰ দায়িত্ব অতিৰিক্তভাৱে প্ৰাথমিক শিক্ষকসলৰ ওপৰত জাপি দিছে । এনেদৰে চলিছে অসমৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা (Siksha Setu App in Assam)।

মনকৰিবলগীয়া যে, শেহতীয়াকৈ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ বাবে শিক্ষাসেতু আৰম্ভ কৰিছে । এই শিক্ষাসেতুৰ কামৰ বাবে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক একোটাকৈ টেবলেট দিছে । কিন্তু প্ৰাথমিক বিদ্যালয়বোৰত প্ৰধান শিক্ষক নিযুক্তি নিদিয়াৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে শিক্ষাসেতুৰ কাম নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি টেবলেটসমূহ চৰকাৰক ওভতাই দিছে । যি ঘটনা অসমৰ শিক্ষা বিভাগৰ বাবে অতি লজ্জাজনক ।

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান‌ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীৰ মতে, টেবলেটসমূহৰ জৰিয়তে শিক্ষাসেতুৰ কামৰ দায়িত্ব দিয়া হৈছে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক । শিক্ষাসেতুৰ কাম কৰাৰ বাবে শিক্ষকসকলৰ আপত্তি নাই । কিন্তু অসমৰ কোনো এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকেই নাই । চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি পালন নকৰা পৰ্যন্ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাসেতুৰ কাম আৰম্ভ কৰা সম্ভৱ নহয় বুলি তেওঁ স্পষ্টভাৱে কয় । যাৰ বাবে এতিয়া শিক্ষা বিভাগৰ শিক্ষাসেতু অচল হৈ পৰিছে ।

লগতে পঢ়ক: Mega appointment letter distribution : চৰকাৰী চাকৰী লাভ কৰি সুখী ৰাজ্যৰ বহু যুৱক-যুৱতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.