গুৱাহাটী, 3 আগষ্ট: শেহতীয়াকৈ মঙলদৈত বজৰং দলে আয়োজন কৰা প্ৰশিক্ষণ শিৱিৰকলৈ সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছে । বিভিন্ন ৰাজনৈতিক দলে এয়া অস্ত্ৰ প্ৰশিক্ষণ বুলি অভিযোগ তুলি আৰক্ষীক গোচৰ দিছে । আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত তদন্ত চলাই আছে । ইয়াৰ বিপৰীতে একাংশ বিজেপি নেতাই এই প্ৰশিক্ষণ শিবিৰৰ সমৰ্থন জনায় আত্মপক্ষ দাঙি ধৰা দেখা গৈছে ।
এইবোৰৰ মাজতে এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ অসমৰ সাধাৰণ সম্পাদক নীলাভজ্যোতি দাসে ঘটনাটোৰ সন্দৰ্ভত ইটিভি ভাৰতৰ সম্মুখত মন্তব্য দাঙি ধৰিছে । ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ অসমৰ সাধাৰণ সম্পাদক নীলাভজ্যোতি দাসে কয়, ‘‘বজৰং দলৰ শিবিৰকলৈ বিতৰ্ক সৃষ্টি কৰি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ দৰে ৰাজনৈতিক দল সংগঠনে বজৰং দলক মানুহৰ মাজত হেয় প্ৰতিপন্ন কৰিব খুজিছে ৷ এই দলসূহে ৰাজনৈতিক মুনাফা আদায়ৰ লক্ষ্য হিচাপে বজৰং দলক সন্ত্ৰাসবাদী সংগঠন সজাব বিচাৰিছে ।’’
এই দলসমূহৰ ৰাজনৈতিক উদ্দেশ্যক তীব্ৰ ভাষাৰে গৰিহণা দি তেওঁ কয়, ‘‘বজৰং দল কোনো সন্ত্ৰাসবাদী সংগঠন নহয় । বজৰং দলৰ প্ৰশিক্ষণ শিৱিৰত কোনো মাৰাণাস্ত্ৰ ব্যৱহাৰ কৰা হোৱা নাছিল ।’’ শিবিৰৰ সম্পৰ্কত স্পষ্ট কৰি তেওঁ কয়, ‘‘বজৰং দলে প্ৰতিবছৰে এটা শিবিৰ অনুষ্ঠিত কৰে । যুৱকসকলৰ মানসিক, শাৰীৰিক, বৌদ্ধিক বিকাশৰ বাবে এই শিবিৰ কৰা হয় । আত্মৰক্ষাৰ কৌশল শিকোৱা হয় । শিৱিৰবোৰত লক্ষ্য ভেদ কৰাৰ বাবে এয়াৰ গান তথা এয়াৰ পিষ্টল ব্যৱহাৰ কৰা হয় । এইবাৰৰ এই শিবিৰতো লক্ষ্য ভেদ কৰাৰ বাবে এয়াৰ গান তথা এয়াৰ পিষ্টল ব্যৱহাৰ কৰা হৈছিল । শিবিৰত ব্যৱহাৰ কৰা এয়াৰ গান তথা এয়াৰ পিষ্টলৰ পৰা ধোৱা ওলাইছিল । ইয়াকে লৈ একাংশই এয়া সাংঘাতিক মাৰাণাস্ত্ৰ বুলি প্ৰচাৰ কৰিছে ।’’
তেওঁ আৰু কয়, ‘‘আচলতে শিবিৰত ব্যৱহাৰ কৰা এয়াৰ গান তথা এয়াৰ পিষ্টলত বান্দৰ খেদাৰ বাবে ব্যৱহাৰ কৰা কেপ লগাই দিয়া হৈছিল । য'ত গুলীটো ওলোৱাৰ সময়ত কেপটো ফাটি ধোৱা ওলাইছিল । এইবোৰ কোনো মাৰাণাস্ত্ৰ নহয় ।’’
এই সন্দৰ্ভত তেওঁ আকৌ স্পষ্ট কৰি কয়, ‘‘১৯৫০ arms act অনুসৰি এয়াৰ গান তথা এয়াৰ পিষ্টল কিনিব পাৰি । এয়া বেআইনী নহয় । এইবোৰ মাৰাণাস্ত্ৰৰ তালিকাত নপৰে । কিন্তু কংগ্ৰেছ আৰু ৰাইজৰ দলৰ দৰে ৰাজনৈতিক দল সংগঠনে বজৰং দলক মানুহৰ মাজত হেয় প্ৰতিপন্ন কৰাৰ বাবে তিলটোকে তাল কৰি ৰাজনীতিকৰণ কৰিছে ।’’
অসম আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত ঘোষণা কৰাৰ সন্দৰ্ভত তেওঁ কয়, ‘‘অসম আৰক্ষী সঞ্চালক প্ৰধানে এই ঘটনাৰ তদন্ত ঘোষণা কৰিছে । আমি ইয়াৰ আদৰণি জনাইছোঁ । কাৰণ আমি যে বেআইনী কাম কৰা নাই সেই আচল সত্য উদঘাটন হ'ব লাগে ।’’
মঙলদৈ চহৰত বজৰং দলে সমদলে উলিওৱা সন্দৰ্ভত তেওঁ কয় যে একাংশই অভিযোগ দিয়া মতে সমদলত কোনো মাৰাণাস্ত্ৰ ব্যৱহাৰ কৰা হোৱা নাছিল । এয়া মিছা কথা । ইয়াৰ কোনো প্ৰমাণ নাই । তেওঁ কয় , ‘‘বজৰং দল হিন্দু সংগঠন । আমি হিন্দু সুৰক্ষিত হোৱাটো বিচাৰো । সেয়া সঁচা কথা । হিন্দু যুৱকক ৰাষ্ট্ৰ গঢ়াৰ বাবে প্ৰশিক্ষণ দিছো । দেশপ্ৰেম জাগ্ৰত কৰাৰ বাবে প্ৰশিক্ষণ দিছো । বজৰং দলে কোনো অসামাজিক কাম কৰিব যোৱা নাই । কোনো সংবিধান বিৰোধী কাম কৰিব যোৱা নাই ।’’