ETV Bharat / state

আকৌ 2G স্পেকট্ৰাম : মনমোহন সিঙৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ ফাদিল ! - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

2G স্পেকট্ৰাম কেলেংকাৰীৰ নামত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক অতি চক্ৰান্তমূলকভাবে জড়িত কৰা হৈছিল নেকি ? কোন কোন জড়িত আছিল এই ষড়যন্ত্ৰৰ অন্তৰালত ৷ ফাদিল হৈছে ৰহস্য ৷

ex-prime-minister-manmohan-singh-was-falsely-named-in-2g-spectrum-case
আকৌ ২ জি স্পেকট্ৰাম : মনমোহন সিঙৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ ফাদিল
author img

By

Published : Nov 7, 2021, 5:43 PM IST

Updated : Nov 7, 2021, 7:18 PM IST

গুৱাহাটী, ৭ নৱেম্বৰ : শেহতীয়াকৈ দেশজুৰি চৰ্চাৰ বিষয় হৈ উঠিছে যে, 2G স্পেকট্ৰাম কেলেংকাৰীৰ নামত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক অতি চক্ৰান্তমূলকভাবে জড়িত কৰা হৈছিল । সেই সময়ৰ কেন্দ্ৰীয় মহাগাননিক বিনোদ ৰায় আছিল এই চক্ৰান্তৰ আঁৰত থকা মূল ব্যক্তি । বিনোদ ৰায়ৰ সৈতে আছিল আৰু কেইবাজনো লোক । অভিযোগ অনুসৰি, সেই সকল আছিল জেনেৰেল ভি কে সিং, যি বৰ্তমান এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ।

কিৰণ বেদী, যি পৰৱৰ্তী সময়ত পণ্ডিচেৰীৰ লেফটেনেন্ট গৱৰ্ণৰ হৈছিল । বাবা ৰামদেৱ, যি বৰ্তমান দেশৰ এগৰাকী আগশাৰীৰ উদ্যোগপতি । অৰবিন্দ কেজৰিৱাল, যি দিল্লীৰ মুখ্যমন্ত্ৰী । গুৱাহাটীত দেওবাৰে এক সংবাদমেলত এই বিস্ফোৰক মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অধ্যাপক গৌৰৱ বল্লভে ।

তেওঁ কয় যে, ইতিমধ্যে চলিত বৰ্ষৰ ২০ অক্টোবৰত বিনোদ ৰায়ে এখন শপতনামা যোগে এই কথা স্বীকাৰ কৰিছে যে প্ৰকৃততে টু জি স্পেকট্ৰাম কেলেংকাৰীৰ সৈতে ড৹ মনমোহন সিং কোনোধৰণে জড়িত নাছিল । উদ্দেশ্যে প্ৰণোদিতভাৱে তেওঁৰ নাম ইয়াৰ সৈতে জড়িত কৰা হৈছিল আৰু এই কাৰ্যৰ বাবে তেওঁ ক্ষমাপ্ৰাৰ্থী । সংবাদমেলত আনকি কংগ্ৰেছ মুখপাত্ৰ গৰাকীয়ে বিনোদ ৰায়ে ইতিমধ্যে দাখিল কৰা শপতনামাৰ প্ৰতিলিপিও বিতৰণ কৰে ।

আকৌ 2G স্পেকট্ৰাম : মনমোহন সিঙৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ ফাদিল !

তেওঁ আৰু কয় যে সেই সময়ত ড৹ সিঙৰ ভাৱমূৰ্তি ম্লান কৰিবলৈ এগৰাকী টিভি এংকৰেও চক্ৰান্তকাৰী সকলৰ সৈতে থিয় দিছিল, যিগৰাকী এতিয়া এটা টিভি চেনেলৰ মালিক আৰু যাৰ অসম ভূমিৰ সৈতেও সম্পৰ্ক আছে । কংগ্ৰেছ মুখপাত্ৰ গৰাকীয়ে আৰু কয় যে, এইসকল চক্ৰান্তকাৰীৰ লগত অন্যতম হিচাপে আছিল বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

তেওঁ সেয়েহে বিনোদ ৰায়ৰ দৰে এই আটাইকেইজন চক্ৰান্তকাৰীক ৰাজহুৱা ক্ষমা খুজিবলৈও দাবী জনায় । মনকৰিবলগীয়া যে, ২০১৭ চনত চি বি আই আদালতে ১ লাখ ৭৬ হাজাৰ কোটি টকীয়া কোনো 2G স্পেকট্ৰাম কেলেংকাৰী হোৱাই নাছিল বুলি ৰায়দান কৰিছিল ।

তেওঁ কয় যে, এই চক্ৰান্তকাৰী সকলে উপযুক্ত পুৰস্কাৰ পালে । আনকি বিনোদ ৰায়কো চৰকাৰে মন্ত্ৰীৰ মৰ্যাদাৰে বেংক ৰিকুইটমেন্ট ব’ৰ্ডৰ অধ্যক্ষ পাতিলে বুলি মন্তব্য কৰে গৌৰৱ বল্লভে । ইপিনে, অসমৰ কেইবাগৰাকীও কংগ্ৰেছ বিধায়ক বিজেপিলৈ যাব বুলি ওলোৱা খবৰ খণ্ডন কৰি তেওঁ কয় " ময়ো দাবী কৰিব পাৰো যে সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ বিশ গৰাকী বিজেপি বিধায়ক আমাৰ সৈতে যোগাযোগত আছে । কিন্তু এনে কাম গণতন্ত্ৰৰ সুস্বাস্থ্যৰ বাবে ক্ষতিকাৰক " ।

লগতে পঢ়ক : টুইটাৰ কৰ্তৃপক্ষলৈ কিহৰ পত্ৰ পঠিয়ালে ত্ৰিপুৰা আৰক্ষীয়ে ?

Last Updated : Nov 7, 2021, 7:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.