ETV Bharat / state

প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ "আপ"ত যোগদান

অব্যাহত আছে দল সলনিৰ প্ৰক্ৰিয়া ৷ সোমবাৰে পুনৰ আৰু এগৰাকী প্ৰাক্তন বিধায়কৰ লগতে কেইবাজনো নেতাই সলনি কৰে নিজৰ ৰাজনৈতিক ঠিকনা ৷

author img

By

Published : May 16, 2022, 2:13 PM IST

Updated : May 16, 2022, 2:31 PM IST

Ex MLA Mamun Imdadul Haque Chaudhury join AAP

গুৱাহাটী, 16 মে': ৰাজ্যৰ ৰাজনীতিত অব্যাহত আছে দল সলনিৰ প্ৰক্ৰিয়া ৷ বিগত কেইমাহমানৰ ভিতৰত বিভিন্ন ৰাজনৈতিক দলৰ কেইবাজনো দিগ্গজ নেতাই ইটো দলৰ পৰা সিটো দললৈ নিজৰ ঠিকনা সলনি কৰাৰ পিছত সোমবাৰে পুনৰ আৰু এগৰাকী প্ৰাক্তন বিধায়কৰ লগতে কেইবাজনো নেতাই সলনি কৰে নিজৰ ৰাজনৈতিক ঠিকনা ৷

সোমবাৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে "আপ"ত যোগদান কৰে নাওবৈচা বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰী, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য ব্ৰজেন কুমাৰ সন্দিকৈ আৰু এ আই ইউ ডি এফৰ মুখপাত্ৰ ৰেজাউল হাছানে (Ex MLA Mamun Imdadul Haque Chaudhury joins AAP)। "আপ"ৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত দলটোৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীৰ উপস্থিতিত কেউজনে অনুষ্ঠানিকভাৱে যোগদান কৰে আম আদমি পাৰ্টীত ।

দলটোত যোগদান কৰি এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে অসমৰ ৰাইজক সততাৰে সেৱা কৰিবলৈ তেওঁ আপত যোগদান কৰাৰ সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰে । তেওঁ কয় যে আপৰ নেতা অৰবিন্দ কেজৰিৱালৰ সততা আৰু উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ তেওঁ "আপ"ত যোগদান কৰিছে ।

নিজস্ব কোনো ৰাজনৈতিক স্বাৰ্থ পূৰণৰ উদ্দেশ্যে তেওঁ আপত যোগদান কৰা নাই বুলি স্পষ্ট কৰি দিয়ে । ইপিনে ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে এইসকল নেতাৰ যোগদানে অসমত "আপ"ক অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: ব্যতিক্ৰমী প্ৰচেষ্টা: এশ বৰেণ্য ব্যক্তিৰ এশখন জীৱনীমূলক গ্ৰন্থ উন্মোচন

Last Updated : May 16, 2022, 2:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.