গুৱাহাটী , 14 ফেব্ৰুৱাৰীঃ চিকিৎসাধীন হৈ আছে অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ ভদেশ্বৰ বুঢ়াগোহাঁই ৷ একালৰ প্ৰভাৱশালী সাংসদ , বিধায়ক তথা অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ ভদেশ্বৰ বুঢ়াগোহাঁইৰ অৱস্থা অতিকৈ সংকটজনক । দিছপুৰস্থিত পলিক্লিনিক হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে প্ৰাক্তন ৰাজনীতিবিদ গৰাকী ৷
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি বিগত তিনি দিন ধৰি আই চি ইউত ভৰ্তি হৈ আছে ভদেশ্বৰ বুঢ়াগোহাঁই ৷ চিকিৎসকে জনোৱা অনুসৰি তেখেত সুস্থ হোৱাৰ সম্ভাৱনা মাত্ৰ ২০% ৷ ৰাজনীতিবিদগৰাকীৰ পত্নীয়ে জানিবলৈ দিয়া অনুসৰি , বুঢ়াগোহাঁইৰ চিকিৎসাৰ বাবে আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে পৰিয়ালটো ৷ পৰিয়ালটোৱে বৰ্তমান ভুগি আছে তীব্ৰ আৰ্থিক সংকটত ৷ প্ৰাক্তন উপাধ্যক্ষ গৰাকীৰ চিকিৎসাৰ বাবে চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈও আহ্বান জনায় ৰাজনীতিবিদগৰাকীৰ পত্নীয়ে ৷
লগতে পঢ়কঃওম প্ৰকাশ আগৰৱালা হত্যাকাণ্ডত ব্যৱহৃত মাৰণাস্ত্ৰ উদ্ধাৰ