গুৱাহাটী,20 জানুৱাৰী: "বহুবল্কী মন্ত্ৰী হিমন্তই নিজৰ স্বাৰ্থৰ বাবে সকলো পন্থায়ে অৱলম্বন কৰিব পাৰে । মানুহৰ ভৰিত ধৰি সেই মানুহকে পিছফালৰে ডেগাৰ মাৰিবও ভালদৰে জানে", প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ সোমবাৰে দিশপুৰস্থিত চৰকাৰী বাসভৱনত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এইদৰে কঠোৰ ভাষাৰে সমালোচনা কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । হিমন্তই নিজকে গুণী জ্ঞানী বুলি ভাৱে । যিজন ব্যক্তিয়ে 2013 চনত উচ্চতম ন্যায়ালয়ত অসম চুক্তি অনুসৰি এন আৰ চি প্ৰস্তুতৰ বাবে লেখ আবেদন দাখিল কৰিছিল । আজি সেইজন হিমন্তই অসম চুক্তিক ভৰিৰে মোহাৰি 2014 চনক ভিত্তিবৰ্ষ হিচাপে বিচাৰিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । ইপিনে শিক্ষামন্ত্ৰীৰ পদ লাভ কৰিয়েই শিক্ষক সমাজক অসন্মান কৰিছে বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । গগৈৰ স্পষ্ট কথা বহুবল্কী মন্ত্ৰী হিমন্তই নিজৰ স্বাৰ্থৰ বাবে সকলো পন্থায়ে অৱলম্বন কৰিব পাৰে । মানুহৰ ভৰিত ধৰি সেই মানুহকে পিছফালৰে ডেগাৰ মাৰিবও ভালদৰে জানে বুলি হিমন্তক কটাক্ষ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক:নতুন মন্ত্ৰী সঞ্জয় কিশানৰ কনভয়ৰ পাছে পাছে আছুৰ ক'লা পতাকা, ক'লা বেলুন
ইফালে মন্ত্ৰী হিমন্তই ডাঙৰ গগৈ ,মিডিল গগৈ আৰু জুনিয়ৰ গগৈ ভয় নকৰো বুলি কৰা মন্তব্যক উভতি ধৰি তৰুণ গগৈয়ে ক'লে, হিমন্তই কেৱল মোডী-অমিত শ্বাহকহে ভয় কৰে । তদুপৰি সিদ্ধাৰ্থ ভট্টাচাৰ্যক শিক্ষা বিভাগৰ পৰা আঁতৰুৱা সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যিজন ব্যক্তিৰ ভৰিত ধৰি বিজেপিত যোগদান কৰিছিল । আজি সেই ব্যক্তিকে নিজৰ বিভাগৰ আঁতৰাইছে। প্ৰয়োজন হ'লে পুনৰ ভৰিত ধৰিব বুলিও হিমন্ত বিশ্ব শৰ্মাক সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ । এনেদৰেই সোমবাৰে সংবাদমেল পাতি পুনৰ হিমন্ত আৰু বিজেপিৰ বিৰুদ্ধে সোচ্চৰ হোৱা দেখা গ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ।
লগতে পঢ়ক:CAA সন্দৰ্ভত ছোনীয়া গান্ধীক সাক্ষাৎ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ