ETV Bharat / state

আশা কৰা মতে এন আৰ চিৰ ফলাফল দিয়াত ব্যৰ্থ ৰঞ্জন গগৈ: তৰুণ গগৈ - শিশু নিৰ্যাতন

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল ৷ শিশু দিৱস,এন আৰ চি,কেব সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য তৰুণ গগৈৰ ৷ শুদ্ধ এন আৰ চি প্ৰকাশ কৰাত ব্যৰ্থ চৰকাৰ ৷ শিশু দিৱসতো শিশু সকলক গুৰুত্ব দিয়া হোৱা নাই চৰকাৰে গুৰুতৰ অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ৷

আশা কৰা মতে এন আৰ চিৰ ফলাফল দিয়াত ব্যৰ্থ ৰঞ্জন গগৈ: তৰুণ গগৈ
author img

By

Published : Nov 14, 2019, 9:17 PM IST

গুৱাহাটী, 14 নৱেম্বৰ: বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদেমল সম্বোধন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ সংবাদমেলত শিশু দিৱস, এন আৰ চি, কেব সন্দৰ্ভত মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তীব্ৰ সমালোচনা কৰে বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰক ৷ সংবাদমেলত গগৈয়ে কয় 14 নৱেম্বৰ দিনটোও শিশু দিৱস হিচাপে পালন কৰা নাই অসম চৰকাৰে। দেশৰ ভৱিষ্যৎ শিশু সকলক যে গুৰুত্ব দিয়া হোৱা নাই ইয়াৰ দ্বাৰাই প্ৰমাণিত হৈছে । শিশু নিৰ্যাতনৰ ঘটনাৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ স্থানত অধিষ্ঠিত অসম ৷ কিন্তু শিশুসকলৰ আঁচনিৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই এইখন চৰকাৰে ।

শিশু সকলক গুৰুত্ব দিয়া হোৱা নাই বিজেপি চৰকাৰে

যিবিলাক বিষয়ত চৰকাৰে গুৰুত্ব দিব লাগিছিল সেই বিলাকত গুৰুত্ব দিয়া নাই চৰকাৰখনে । ফ্লিমফেয়াৰ পাতিবলৈ কোটি কোটি টকা ক'ৰ পৰা ওলাই এই চৰকাৰৰ ৷ এইখন উৎসৱ পতা চৰকাৰ বুলি কটাক্ষ কৰে গগৈয়ে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল

ইপিনে এন আৰ চিৰ প্ৰসংগ টানি আনি গগৈয়ে কয়,এন আৰ চিয়ে দেশীসকলক বিদেশী বনালে। 19 লাখ লোকৰ এতিয়া ভৱিষ্যৎ অন্ধকাৰ । এন আৰ চিৰ কথা এতিয়া অমিত শ্বাহে নোকোৱা হ'ল । যদি হে কেব আনেই তেতিয়া এন আৰ চিৰ প্ৰাসংগিকতা ক’ত থাকিল বুলি উল্লেখ কৰে গগৈয়ে ৷ ইপিনে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰতীক হাজেলাক বেছিকৈ গুৰুত্ব দি ভুল কৰিলে বুলি উল্লেখ কৰে। শুদ্ধ এন আৰ চি প্ৰকাশ নকৰালৈকে প্ৰতীক হাজেলাক কেনেকৈ যাবলৈ দিলে বুলি প্ৰশ্ন উত্থাপন কৰি কয় অসম সন্তান ৰঞ্জন গগৈৰ তত্বাৱধানত অসমীয়া ৰাইজে শুদ্ধ এন আৰ চি লাভ কৰাৰ আশা প্ৰকাশ কৰিছিল যদিও শুদ্ধ এন আৰ চি দিয়াত ব্যৰ্থ হ’ল ৷

লগতে চাওক-বৃদ্ধি পাইছে দিল্লীত বায়ু প্ৰদূষণৰ সূচাংকৰ মাত্ৰা

Intro:বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে শিশু দিৱস, এন আৰ চি আদি বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য কৰে।

Body:সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে অসম চৰকাৰে পালন কৰা নাই। দেশৰ ভবিষ্যত শিশুসকলক যে গুৰুত্ব দিয়া হোৱা নাই ইয়াৰ দ্বাৰাই প্ৰমাণিত হৈছে। ভাৰতৰ অসমতে শিশু নিৰ্যাতনৰ ঘটনা সৰ্বাধিক কিন্তু চৰকাৰে শিশুসকলৰ আঁচনিৰ উপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আমাৰ দিনত অতি উলহ-মালহেৰে শিশু দিৱস পাতিছিলো।

যিবিলাক বিষয়ত চৰকাৰে গুৰুত্ব দিব লাগে সেইবিলাকত গুৰুত্ব দিয়া নাই। ফেব্ৰুৱাৰীত ফ্লিম ফেয়াৰ পাতিবলৈ কোটি কোটি টকা ক'ৰ পৰা ওলাল। এইখন উৎসৱ পতা চৰকাৰ। সোণোৱালে চিনেমা কৰাই ভাল। ৰাসৰ বতৰত সোণোৱাল কৃষ্ণ হৈ থকাই ভাল। দুৰ্নীতি মুক্তৰ কথা কোৱা চৰকাৰখনেই দুৰ্নীতি কৰি আছে। ছিণ্ডিকেটো দিনক দিনে বাঢ়ি আছে। উন্নয়ন নকৰি ৰাইজৰ ধন অপচয় কৰি এইখনেই উৎসৱ পতা প্ৰথম চৰকাৰ।

এন আৰ চিৰ প্ৰসংগকো টানি আনি গগৈয়ে কয় যে এন আৰ চিয়ে দেশীসকলক বিদেশী বনালে। ১৯ লাখ লোকৰ এতিয়া ভৱিষ্যত অন্ধকাৰ। এন আৰ চিৰ কথা এতিয়া অমিত শ্বাহে নোকোৱা হ'ল। যদি কেব আনেই তেতিয়াহ'লে এই পইচাখিনি কিয় খৰছ কৰিলে?

সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ৰঞ্জন গগৈয়ে প্ৰতীক হাজেলাক বেছিকৈ গুৰুত্ব দি ভুল কৰিছে। শুদ্ধ এন আৰ চি নকৰালৈকে হাজেলাক যাবলৈ দিব নালাগিছিল। এই চৰকাৰখনে একো নীতি-নিয়ম নাজানে। হাজেলাৰ খুচিমতে মধ্য প্ৰদেশলৈ যোৱাৰ সুবিধা দিলে। মোৰ চিঠিৰো উত্তৰ নিদিলে ৰঞ্জন গগৈয়ে। এইখন শুদ্ধ এন আৰ চি নহয়। মই পৰৱৰ্তী মুখ্য ন্যায়াধীশকো কম বাদ পৰা ১৯ লাখৰ প্ৰকৃত ভাৰতীয়ৰ নাম সোমোৱাব লাগে।

বাইট : তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী

Conclusion:ইফালে কংগ্ৰেছত চলি ঠিক আভ্যন্তৰীণ সংঘাতক লৈ গগৈয়ে কয় যে কংগ্ৰেছৰ সংঘাত আগৰ পৰাই আছে । এইয়া নতুন নহয়। মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হওঁতে ৰিপুন বৰাইও হিমন্তৰ লগ হৈ মোৰ বিৰোধীতা কৰিছিল। আব্দুল খালেকেও কৰিছিল। সভাপতি হোৱাৰ মোৰ কোনো মন নাই আৰু বিচৰাও নাই। অধিক সংখ্যকে যদি কয় তেনেহ'লে হাইকামাণ্ডে নেতৃত্ব সলনি কৰিব লাগে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.