গুৱাহাটী, ২৮ ডিচেম্বৰঃ অসম প্ৰদেশ বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা,ৰাজ্যিক বিজেপিৰ মহীৰূহ স্বৰূপ,প্ৰাক্তন সাংসদ,প্ৰাক্তন ৰাজ্যিক সভাপতি ইন্দ্ৰমণি বৰাই শেষ নিশ্বাস ত্যাগ। শুকুৰবাৰে নিশা প্ৰায় ২ বজাত গুৱাহাটীৰ উজানবজাৰস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী প্ৰবীণ বিজেপি নেতাই ।
ইন্দ্ৰমণি বৰা এনে এগৰাকী নেতা যিয়ে অসমত বিজেপিৰ কোনো অস্তিত্ব নথকা সময়ৰে পৰা একনিষ্ঠভাৱে দলটোক জনতাৰ কাষ চপাই নিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছিল । নীৰৱে দলটোৰ স্বাৰ্থত কাম কৰি যোৱা ইন্দ্ৰমণি বৰা ২০০৩ চনৰ পৰা দীৰ্ঘ সময়ৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্বতো আছিল। সেই সময়তে তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল। সুদীৰ্ঘ সময় হৃদৰোগ আৰু উচ্চ ৰক্তচাপত ভুগি থকা বৰাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৭ বছৰ । এইগৰাকী প্ৰবীণ ৰাজনৈতিক নেতাৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে আজি নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হব।
লগতে চাওকঃ aশিৱসাগৰৰ বিভিন্ন প্ৰান্তত অব্যাহত CAA বিৰোধী প্ৰতিবাদ