ETV Bharat / state

মহানগৰীত উচ্ছেদ অভিযান গুৱাহাটী পৌৰ নিগমৰ - গুৱাহাটী পৌৰ নিগম

গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ দুই পৃথক স্থানত চলায় এক উচ্ছেদ অভিযান ৷ অবৈধভাৱে গঢ়ি উঠা বাসগৃহৰ লগতে বজাৰ অংশত চলে নিগমৰ হাতোৰা ৷ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা নতুন দলঙখনৰ নিৰ্মানকাৰ্য সময়মতে সম্পূৰ্ণ কৰিবলৈ পৌৰ নিগমে এই উচ্ছেদ চলায় ৷

evection near bhootnath guwahati kamrup metro etv bharat news
উচ্ছেদ অভিযান
author img

By

Published : May 7, 2020, 5:04 PM IST

গুৱাহাটী,7 মে’ঃ মহানগৰীৰ ভূতনাথ বাঁহৰ বজাৰ আৰু পুৰণি ছাগলী বজাৰত বুধবাৰে উচ্ছেদ অভিযান চলালে গুৱাহাটী পৌৰ নিগমে ৷ অঞ্চলদুটাৰ অবৈধ গৃহসমূহত চলে প্ৰশাসনৰ বুলড’জাৰ ৷ দীৰ্ঘদিনৰ পৰা উক্ত অঞ্চল দুটাত অবৈধভাৱে গঢ়ি উঠিছিল একাংশ লোকৰ বসতি ৷

উচ্ছেদ অভিযান

উল্লেখ্য যে, এই স্থানৰ সমীপতে বৰ্তমান নিৰ্মাণৰত অৱস্থাত আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং ৷ এছ পি চিংলাৰ নেতৃত্বত চলা দলঙখনৰ নিৰ্মাণত অবৈধ বজাৰসমূহে যথেষ্ঠ বাধাৰ সৃষ্টি কৰিছিল ৷ ২০২৩ চনত সম্পূৰ্ণ হোৱাকৈ নিৰ্মাণকাৰ্য চলোৱা দলঙখনৰ নিৰ্মাণৰ গতিত যাতে কোনো বাধা নাহে সেইবাবে উচ্ছেদ চলোৱা বুলি পৌৰ নিগমৰ বিষয়া প্ৰদীপ মেধিয়ে প্ৰকাশ কৰে । বুধবাৰে চলোৱা উচ্ছেদৰ ফলত প্ৰায় নটা পৰিয়াল গৃহহাৰা হয় ৷

লগতে চাওকঃ গুৱাহাটীত উপস্থিত বহিঃৰাজ্যত আৱদ্ধ অসমৰ লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.