ETV Bharat / state

World Suicide Prevention Day : মনোৰোগ বিশেষজ্ঞ ডাঃ সঞ্জয় সিঙৰ সৈতে ইটিভি বিশেষ

author img

By

Published : Sep 10, 2021, 9:13 PM IST

ৰাজ্যজুৰি শেহতীয়াকৈ চিন্তনীয় ৰূপত বৃদ্ধি পোৱা আত্মহত্যাৰ ঘটনা সন্দৰ্ভত কি কয় বিশেষজ্ঞ চিকিৎসকে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা গুৱাহাটীৰ হায়াৎ হাস্পতালৰ বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ সঞ্জয় সিঙৰ এক আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল ৷ সাক্ষাৎকাৰত তেওঁ তথ্য সহকাৰে দাঙি ধৰিলে বহু দিশ ৷ ক'লে কেনেদৰে ইয়াক প্ৰতিৰোধ কৰিব পৰা যায় ৷

World Suicide Prevention Day
মনোৰোগ বিশেষজ্ঞ ডাঃ সঞ্জয় সিঙৰ সৈতে ইটিভি বিশেষ

গুৱাহাটী, ৮ ছেপ্তেম্বৰ : বিশ্বত প্ৰতি ৪০ ছেকেণ্ডত এজন লোকে আত্মহত্যা কৰে ৷ সমগ্ৰ বিশ্বত বছৰি দহ লাখ লোকে আত্মহত্যা কৰে আৰু ইয়াৰে প্ৰায় ২ লাখ লোকেই ভাৰতৰ ৷ আনহাতে আত্মহত্যাৰ চেষ্টা কৰি বিফল হোৱা লোকৰ সংখ্যা ইয়াৰ প্ৰায় কুৰি গুণ ৷ এইক্ষেত্ৰত বিশ্বজুৰি সজাগতা অনাৰ উদ্দেশ্যৰে প্ৰতিবছৰে ১০ ছেপ্তেম্বৰৰ দিনটো “বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস” হিচাপে পালন কৰা হয় ৷

আত্মহত্যাৰ বহুকেইটা কাৰকে ক্ৰিয়া কৰে ৷ পৰীক্ষাত অসফলতা, প্ৰেমত বিফলতা, গৃহকন্দল, অবৈধ সম্বন্ধ, অতিমাত্ৰা ঋণৰ বোজা, আৰ্থিক দুৰৱস্থা, লোক-লজ্জাৰ ভয়, অভিভাৱকৰ গালি-গালাজ, ৰেগিং, ধৰ্ষণ আৰু বলাৎকাৰৰ আশংকা, কৃষিকৰ্মত ব্যৰ্থতা, কৰ্মক্ষেত্ৰত হতাশা, দুৰাৰোগ্য ব্যাধি, মানসিক ৰোগ, বাল্যকালত যৌন অপপ্ৰয়োগৰ অভিজ্ঞতা ইত্যাদি নানানটা সৰু-বৰ কাৰণ এইক্ষেত্ৰত জড়িত হৈ আছে ৷

ইয়াৰ বাহিৰেও কিছুমান দৰৱৰ ভয়ংকৰ পাৰ্শ্বক্ৰিয়াৰ ফলত ভুক্তভোগীয়ে আত্মহননৰ পথ বাচি ল'ব পাৰে বুলি বিশেষজ্ঞসকলে উল্লেখ কৰিছে ৷ আনহাতে চিজ’ফ্ৰেনিয়া, ডিপ্ৰেচন, বাইপ’লাৰ ডিচঅৰ্ডাৰ, এলকহলিজম আৰু ড্ৰাগ এবিউজ আদি কাৰণো জড়িত ৷ অসমতো শেহতীয়াকৈ উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে আত্মহত্যাৰ ঘটনা ৷

দুৰ্ভাগ্যজনক সত্য এয়ে যে, অসমৰ আৱাল-বৃদ্ধ-বণিতাৰ মাজত শেহতীয়াভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতা ৷ বৰ্তমানেও অব্যাহত থকা বিগত প্ৰায় দুবছৰীয়া ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে এইক্ষেত্ৰত বিশেষভাৱে ক্ৰিয়া কৰিছে ৷

হতাশা-নিৰাশাই গ্ৰাস কৰিছে বিভিন্ন বয়সৰ লোকক ৷ একাকীকত্ব আৰু নিসংগতাই আৱৰি ধৰিছে বহুজনক ৷ সেইবাবে যুঁজি যুঁজি জীয়াই থকাতকৈ জীৱনৰ ওচৰত পৰাজয় স্বীকাৰ কৰি মৃত্যুক আঁকোৱালি লৈছে বহুজনে ৷ অসমত সম্প্ৰতি আত্মহত্যাৰ ঘটনাই একপ্ৰকাৰ গুৰুতৰ সামাজিক ব্যাধিৰ ৰূপ লৈছে ৷ বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায়ে সংঘটিত হৈছে আত্মহত্যাৰ ঘটনা ৷

ৰাজ্যজুৰি শেহতীয়াকৈ চিন্তনীয় ৰূপত বৃদ্ধি পোৱা আত্মহত্যাৰ ঘটনা সন্দৰ্ভত কি কয় বিশেষজ্ঞ চিকিৎসকে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা গুৱাহাটীৰ হায়াৎ হাস্পতালৰ বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ সঞ্জয় সিঙৰ এক আছুতীয়া সাক্ষাৎকাৰ ৷

লগতে চাওক: আমাৰ অতিথিত এ পি ডব্লিউৰ সঞ্চালক অভিজিৎ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.