ETV Bharat / state

Endangered snake found dead: দীপৰ বিলৰ ৰেলআলিত বিলুপ্তপ্ৰায় প্ৰজাতিৰ সাপৰ মৃত্যু

author img

By

Published : Jul 27, 2022, 8:22 AM IST

দীপৰ বিলৰ ৰেলআলিত ৰেলৰ চেপাত মৃত্যু বিলুপ্তপ্ৰায় প্ৰজাতিৰ সাপৰ(Endangered species of snake dies on railway line) ৷ দ্ৰুতবেগী ৰেলৰ চেপাত মৃত্যু হোৱাৰ আশংকা স্থানীয় ৰাইজৰ ৷

দীপৰ বিলৰ ৰেলআলিত বিলুপ্তপ্ৰায় প্ৰজাতিৰ সাপৰ মৃত্যু
An endangered snake died

গুৱাহাটী , ২৬ জুলাই: দীপৰ বিলৰ সমীপৰ জন্তু আৰু হস্তী কৰিডৰ(animal & elephant corridor)ত বিগত দিনকেইটাত ৰেল বিভাগে বৈদ্যুতিকৰণৰ কাম আৰম্ভ কৰাৰ পিছৰে পৰা ৰেল বিভাগ আৰু বন বিভাগৰ মাজত বৃদ্ধি পাইছে সংঘাত(Rail electrification in Deepor Bill) । সংঘাত অব্যাহত থকাৰ মাজতে মঙলবাৰে দুপৰীয়াৰ ভাগত তীব্ৰবেগী ৰেলৰ চেপাত দীপৰ বিলৰ পাৰত মৃত অৱস্থাত এডাল বিলুপ্তপ্ৰায় প্ৰজাতিৰ সাপ উদ্ধাৰ কৰা হয়(Endangered snake found dead)।

ঘটনা সন্দৰ্ভত দীপৰ বিলৰ পাৰৰ চকৰদৌ কলিতাপাৰাৰ বাসিন্দা, পৰিৱেশ কর্মী আৰু দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতাই জানিবলৈ দিয়া অনুসৰি মঙলবাৰে দুপৰীয়া প্ৰায় ১ মান বজাত দ্ৰুতবেগী ৰেলৰ চেপাত মৃত্যু হোৱা বিলুপ্তপ্ৰায় প্ৰজাতিৰ ধুন্দুলি ফেঁটী সাপডাল ৰেলৰ চিৰিৰ মাজত ছিন্ন ভিন্ন অৱস্থাত উদ্ধাৰ কৰা হয় । স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ প্ৰায় এক/ডেৰ ঘণ্টাৰ ভিতৰত তীব্ৰবেগী ৰেলৰ চেপাত সাপডালে কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱাৰ সন্দেহ ব্যক্ত কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ।

আনহাতে, দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ আৰু সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া অনুসৰি ১৯৯০-৯১ চনত দীপৰ বিলৰ দক্ষিণ পাৰেৰে আজাৰা-কামাখ্যা সংযোগী ৰেলপথছোৱা নিৰ্মাণ কৰাৰ পাছৰে পৰা বিগত সময়ছোৱাত দুখজনকভাবে বৃদ্ধি হৈছে বন্য জীৱ-জন্তৰ মৃত্যুৰ সংখ্যা ৷

উল্লেখ্য যে, বন্য জন্তু আৰু হাতীয়ে চলাচল কৰা পথ হিচাপে পৰিচিত চকৰদৌ আৰু দেওচোতালৰ অংশটোচোৱাত ৰেলৰ চেপাত বৰ্তমানলৈকে প্ৰায় ১৫ টাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ সমান্তৰালভাৱে বিলুপ্তপ্ৰায় প্ৰজাতিৰ শিয়াল, বন গাহৰি, কেটেলা পহুসহ বহু বনৰীয়া জীৱ-জন্তুৰ মৃত্যু হৈছে ।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীশকৰণৰ নিৰ্দেশনা উলংঘাৰে ৰেল বিভাগে বৈদ্যুতিকৰণৰ কাম যদি বন্ধ নকৰে, তেন্তে অনাগত সময়ছোৱাত দীপৰ বিলৰ অস্তিত্ব অধিক বিপদাপন্ন হোৱাৰ আসংকা প্ৰকাশ কৰিছে পৰিৱেশ কৰ্মীসকলে ৷ সেয়ে সময় থাকোতেই দীপৰ বিলৰ অস্তিত্ব ৰক্ষাৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক: দীপৰ বিলৰ ৰে’লপথত বৈদ্যুতিকৰণক লৈ ৰে’ল বিভাগ আৰু বন বিভাগৰ মুখামুখি সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.