গুৱাহাটী, 4 জুলাই : ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ'ল এনকাউণ্টাৰৰ ঘটনা । এইবাৰ এনকাউণ্টাৰত গুলীবিদ্ধ হ'ল কুখ্যাত ড্ৰাগছ মাফিয়া । এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ দক্ষিণগাঁৱত । দক্ষিণগাঁৱৰ পাহাৰত গাড়ী নিয়াৰ অসুবিধাৰ বাবে খোজকাঢ়ি যোৱাৰ সময়তে দেওবাৰে ধৃত ড্ৰাগছ মাফিয়া অৰুণ যাদৱে পলাবলৈ চেষ্টা কৰে । লগে লগে আৰক্ষীৰ দলে অৰুণ যাদৱ লৈ লক্ষ্য কৰি গুলী চালনা কৰে । ভৰিত গুলী লগাত বাগৰি পৰা কুখ্যাত ড্ৰাগছ মাফিয়াটোক আৰক্ষীৰ লোকে লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায় ।
আৰক্ষীৰ সূত্রত প্ৰকাশ যে, গুৱাহাটী আৰক্ষী আয়ুক্তৰ মধ্য জিলাৰ এডিচিপি পল্লৱ তামুলীৰ নেতৃত্বত পল্টন বজাৰ আৰক্ষীৰ এটা দলে গোপন সূত্রৰ পম খেদি মহানগৰীৰ লাচিত নগৰ যোৱা নিশা অভিযান চলা ৷ অভিযানত চঞ্চল নাথ আৰু ৰিমন শৰ্মা নামৰ দুজন ড্ৰাগছ পেডলাৰক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ জেৰাত পেডলাৰ দুজনে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বিৰুবাৰীৰ আৰ চি এম ষ্টোৰ নামৰ বৈদ্যুতিক সামগ্ৰীৰ দোকানত অভিযান চলাই অৰুণ যাদৱক গ্ৰেপ্তাৰ কৰে ।
অভিযানকালত আৰক্ষীয়ে ৪৩ টা চাবোনৰ বাকচত ৬০০ গ্ৰাম হেৰ’ইন জব্দ কৰে । আৰক্ষীৰ জেৰাত ধৃত অৰুণ যাদৱে দক্ষিণগাঁৱৰ এজন লোকে ড্ৰাগছ যোগান ধৰে বুলি স্বীকাৰোক্তি দিয়ে । এই সংক্ৰান্তত আৰক্ষীৰ এটা দলে দক্ষিণগাঁৱত অভিযান চলোৱাৰ বাবে ড্ৰাগছ মাফিয়া অৰুণ যাদৱক লগত লৈ দক্ষিণ গাঁৱলৈ যায় । কিন্তু সুযোগ বুজি অৰুণ যাদৱে পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলী চালনা কৰে ।
আৰক্ষীৰ গুলীত আহত হোৱা অৰুণ যাদৱক জি এম চি এইচত (gmch) ভৰ্তি কৰোৱা হয় । ইফালে আৰক্ষীয়ে জনোৱা মতে, অৰুণ যাদৱে মণিপুৰৰ এগৰাকী যুৱতীক বিয়া কৰোৱাই ড্ৰাগছৰ ব্যৱসায়ত লিপ্ত হৈ আছিল । ড্ৰাগছ মাফিয়া অৰুণ যাদৱৰ পত্নীক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে । উল্লেখ যে, ৰাজ্যজুৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে ।
লগতে পঢ়কঃ জল-জীৱন মিছনৰ প্ৰথম পৰ্যায়ত ৩২৭৭ কোটিৰ কামৰ প্ৰশাসনিক অনুমোদন