ETV Bharat / state

এইবাৰ আৰৱ সাগৰত সাতুৰিব এলভিছ আলী হাজৰিকাই

এলভিছ হৈছে ১৯৯২ চনত চীনত অনুষ্ঠিত এছিয়া-পেচিফিক সাঁতোৰ প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ সাঁতোৰবিদ(Elvis Ali Hazarika becomes first Assames) । তেওঁ ১৯৯৪ চনৰ এছিয়ান চুইমিং প্ৰতিযোগিতাত দুটা স্বৰ্ণসহ ছয়টা পদক জয় কৰি অভিলেখো গঢ়িছিল । ২০১৯ চনত উচ্চ বিপদাশংকা থকা তিমি-চাৰ্ক-ছীল-শিহু-আক্ৰান্ত কাটালিনা চেনেল (আমেৰিকা যুক্তৰাষ্ট্ৰ) অতিক্ৰম কৰি এই কৃতিত্ব অৰ্জন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন সাঁতোৰবিদ ৷

Elvis Ali Hazarika will try to swim about 168 km in the Arabian Sea
এলভিছ আলী হাজৰিকাই
author img

By

Published : Feb 20, 2022, 8:18 AM IST

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী : ১৯৯৪ চনৰ এছিয়ান চুইমিং প্ৰতিযোগিতাত দুটা স্বৰ্ণসহ ছয়টা পদক জয়েৰে অভিলেখ গঢ়া এলভিছ আলী হাজৰিকাই 'ইণ্ডো-আৰবিয়ান গেটৱে চুইম' নামেৰে ১৬৮ কিল’মিটাৰ দৈঘ্য সাঁতোৰাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে । চলিত বৰ্ষৰ ৮ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ প্ৰায় আঢ়ৈ দিন একেৰাহে সাতুৰিব দুঃসাহসিক সাঁতোৰবিদ জনে । এলভিছৰ এই সাঁতোৰৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হৈছে সাগৰ আৰু নদীৰ পানী প্ৰদূষণৰ বিষয়ে সজাগতা সৃষ্টি কৰা ।

ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ সহযোগত এই প্ৰত্যাহ্বানমূলক সাঁতোৰত অংশ ল'ব এলভিছ আলী হাজৰিকাই । এই সাঁতোৰত এলভিছ আলী হাজৰিকাক সহযোগ কৰিব মহাৰাষ্ট্ৰৰ সাঁতোৰবিদ গণেশ পালাণ্ডে আৰু পশ্চিমবংগৰ ৰিমো ছাহাই । এই সিদ্ধান্তৰ কথা সদৰি কৰি সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই কয় যে, আমাৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে প্ৰদূষণ বন্ধ কৰিবলৈ সৰ্বাধিক অগ্ৰাধিকাৰ হিচাপে লৈ তেওঁ মুম্বাই আৰু ইয়াৰ আশে-পাশে থকা এই প্ৰদূষিত পানীত ৰিলে সাঁতোৰৰ পৰিকল্পনা কৰিছে ।

আৰৱ সাগৰৰ ১৬৮ কিলোমিটাৰ বৃত্তাকাৰ চাপ, এষ্টুৱেৰিন, ভাচাই আৰু পানভেল ক্ৰীক আৱৰি উলহাচ, কাচাৰ্ডি আৰু কালুন্দ্ৰে নদীক সংযোগ কৰি এই সাঁতোৰ সমাপ্ত হ'ব । এয়া এক প্ৰত্যাহ্বানমূলক সাঁতোৰ বুলি উল্লেখ কৰি তেওঁ এই প্ৰয়াস আগতে কোনেও কৰা নাছিল বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে, এলভিছে ১৯৮৯ চনত সাত বছৰ বয়সত চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰত ৰূপৰ পদক লাভ কৰিছিল । এলভিছ হৈছে ১৯৯২ চনত চীনত অনুষ্ঠিত এছিয়া-পেচিফিক সাঁতোৰ প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ সাঁতোৰবিদ ।

তেওঁ ১৯৯৪ চনৰ এছিয়ান চুইমিং প্ৰতিযোগিতাত দুটা স্বৰ্ণসহ ছয়টা পদক জয় কৰি অভিলেখো গঢ়িছিল । তেওঁৰ প্ৰথম প্ৰয়াস আছিল ২০১৮ চনত ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ । কিন্তু অনুকূলনৰ অভাৱৰ বাবে তেওঁ এই প্ৰচেষ্টা মাজভাগত বাতিল কৰিব লগা হৈছিল । শেষৰ ১১ কিলোমিটাৰ সাঁতুৰি সম্পূৰ্ণ কৰিব নোৱাৰিলে । কিন্তু ২০১৯ চনত উচ্চ বিপদাশংকা থকা তিমি-চাৰ্ক-ছীল-শিহু-আক্ৰান্ত কাটালিনা চেনেল (আমেৰিকা যুক্তৰাষ্ট্ৰ) অতিক্ৰম কৰি এই কৃতিত্ব অৰ্জন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰথমজন হৈ পৰিছিল ।

লগতে পঢ়ক : গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নৈশ ফেৰী সেৱা আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.