ETV Bharat / state

Swimmer Elvis Ali Hazarika : পুনৰ ইংলিছ চেনেল সাঁতুৰিব এলভিছ আলী হাজৰিকাই

পুনৰ ইংলিছ চেনেল সাঁতুৰিবলৈ সাজু হৈছে সাঁতোৰবিদ এলভিছ আলী হাজৰিকা (Assam swimmer Elvis Ali Hazarika)। ২০১৮ চনত সাতোঁৰবিদজনে ইংলিচ চেনেল সাঁতোৰাৰ প্ৰয়াস কৰিছিল যদিও ব্যৰ্থ হৈছিল । তেওঁ ২০১৯ চনত আমেৰিকাৰ পৰা মেক্সিকো সংযোগী কেটেলিনা চেনেলো সাঁতোৰিবলৈ সক্ষম হৈছিল ।

Guwahati
পুনৰ ইংলিছ চেনেল সাঁতুৰিব এলভিছ আলী হাজৰিকাই
author img

By

Published : Nov 9, 2022, 5:32 PM IST

গুৱাহাটী, ৯ নৱেম্বৰ : অসমৰ সাঁতোৰবিদ তথা বৰ্তমানৰ চেনেল ছুইমাৰ এলভিছ আলী হাজৰিকাই বুকুত অদম্য সাহস লৈ পুনৰ সাঁতুৰিবলৈ ওলাইছে ইংলিছ চেনেল (Elvis Ali Hazarika to swim English Channel again)। ২০১৮ চনত সাতোঁৰবিদজনে ইংলিচ চেনেল সাঁতোৰাৰ প্ৰয়াস কৰিছিল যদিও ক্ষীণ দূৰত্বৰ বাবে ব্যৰ্থ হৈছিল । তাৰ পাছতো আশা এৰি দিয়া নাই এলভিছে ।

এলভিছে অহা বৰ্ষৰ ১৭-২২ জুনৰ ভিতৰত পুনৰ ইংলিছ চেনেল সাঁতোৰাৰ চেষ্টা কৰিব । পূৰ্বতে এলভিছে ইংলেণ্ডৰ পৰা ফ্ৰান্স সংযোগী ইংলিছ চেনেলত 'ৱান ৱে ছুইম' কৰিবলৈ চেষ্টা কৰিছিল যদিও এইবাৰ 'টু ৱে ছুইম' কৰিব । অৰ্থাৎ ইংলেণ্ডৰ পৰা ফ্ৰান্স পোৱাৰ পাছত পুনৰ ফ্ৰান্সৰ পৰা ইংলেণ্ডলৈ উভতি আহিব । এই সাঁতোৰৰ মুঠ দূৰত্ব হ'ল ৭৮ কিলোমিটাৰ ।

এই ৰীলে সাঁতোৰত প্ৰতিগৰাকী সন্তৰণবিদক এটা নিদিষ্ট দূৰত্ব সাঁতোৰিবলৈ দিয়া হ'ব । বুধবাৰে এই সন্দৰ্ভত এখন সংবাদমেল আয়োজন সম্বোধন কৰি এলভিছে কয় যে ইংলিছ চেনেল সাঁতোৰাৰ বাবে প্ৰয়োজন হ'ব প্ৰায় ১৫ লাখ টকা । ইয়াৰ বাবে অসম চৰকাৰৰ লগতে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহক আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে এলভিছ আলী হাজৰিকাই (Elvis Ali Hazarika calls for financial support)।

স্মৰ্তব্য যে, চলিত ছেপ্টেম্বৰত এলভিছে নৰ্ডান আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ড সংযোগী নৰ্থ চেনেল সফলতাৰে অতিক্ৰম কৰিছিল (Elvis successfully crossed the North Channel)। তদুপৰি ২০১৯ চনত আমেৰিকাৰ পৰা মেক্সিকো সংযোগী কেটেলিনা চেনেলো সাঁতোৰিবলৈ সক্ষম হৈছিল সাঁতোৰবিদজনে (Elvis successfully swim Catalina Channel)। সংবাদলমেলত অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ঋতুবৰণ শৰ্মা, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক প্ৰণয় বৰদলৈ আৰু সুবোধ মল্ল বৰুৱা, কামৰূপ মহানগৰৰ ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি কলিতা তথা অসম অলিম্পিক সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক :Assam Education minister Press conference : পদ বিলুপ্তি সন্দৰ্ভত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ সংবাদমেল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.