গুৱাহাটী, 12 মাৰ্চ : গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত বিজেপি বিৰোধী 11 টাকৈ ৰাষ্ট্ৰীয়-আঞ্চলিক ৰাজনৈতিক দলৰ যৌথ সংবাদমেল । চলিত মাহৰ ১৬ তাৰিখে গুৱাহাটী মহানগৰীত যৌথ প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা (Eleven anti BJP political parties protest in Guwahati on March 16) ।
ৰে’ল বিভাগে গুৱাহাটী মহানগৰী ভূমি বণিয়াক হস্তান্তৰ কৰা আৰু নগাঁও-কাছাৰ কাগজ কল বিক্ৰীৰ বিৰুদ্ধে এই যৌথ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা । উক্ত দিনা গুৱাহাটী ক্লাবৰ ৰটাৰীৰ পৰা 11 টাকৈ ৰাষ্ট্ৰীয়-আঞ্চলিক ৰাজনৈতিক দলে যৌথভাৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে বাহিৰ কৰিব এক প্ৰতিবাদী ৰেলী । শুকুৰবাৰে এক সংবাদমেলত 11 টা দলে যৌথভাৱে সংবাদ বিবৃতিৰ জৰিয়তে ঘোষণা কৰে এই কথা ৷
ৰে’ল বিভাগে প্ৰকাশ কৰা মতে, প্ৰায় 26 বিঘা গুৱাহাটীৰ মাজমজিয়াৰ ভূমি তিনিগৰাকীকৈ বণিয়াক 99 বছৰৰ বাবে লীজত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অসমৰ ভূমি বহিৰাগতক লীজত দিয়া সিদ্ধান্ত আইন বিৰোধী কথা । ৰে’ল বিভাগক ভূমিখিনি প্ৰয়োজন নহ’লে অসম চৰকাৰক ঘূৰাই দিয়া দাবী জনাই সাংসদ অজিত কুমাৰ ভূঞাই ।
আনহাতে, প্ৰদেশ কংগ্ৰেছ দলৰ হৈ সংবাদমেলত উপস্থিত থকা মনজিৎ মহন্তই কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মাটি লুভীয়া মানুহ । ৰে’লৱেৰ মাটি 99 বছৰৰ লীজত দিয়া সিদ্ধান্ত আঁৰত থাকিব পাৰে অন্য এক কৌশল । যাৰ বাবে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷
উল্লেখ্য যে, এই সংবাদমেলত অসম জাতীয় পৰিষদৰ অমিতাভ বৰঠাকুৰ, ৰাইজৰ দলৰ কমল কুমাৰ মেধি, চিপিআই (এম) সুপ্ৰকাশ তালুকদাৰ, চিপিআই ডম্বৰু বৰা, চিপিআই (এম-এল) পংকজ কুমাৰ দাস, আম আদমী পাৰ্টী শ্যামাপদ ৰায়, এনচিপি হৃদয়ানন্দ গগৈ, আৰজেডি কামাখ্যা পাণ্ডে আৰু এলডিপি গুণ গগৈ উপস্থিত থাকে ।
লগতে পঢ়ক : বিজেপি টকাৰ জোৰত পৌৰসভাত জয়ী হৈছে: অখিল গগৈ