ETV Bharat / state

গুৱাহাটীত নিৰ্বাচনী আয়োগৰ বৈঠকঃ বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা

মঙলবাৰে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰে নিৰ্বাচনী আয়োগৰ প্ৰতিনিধিৰ দলৰ বৈঠক । আজিৰ বৈঠকত ৰঙালী বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাত সন্মতি জনায় সকলোৱে ।

author img

By

Published : Jan 19, 2021, 7:10 PM IST

Breaking News

গুৱাহাটী, ১৯ জানুৱাৰী: বিধানসভা নিৰ্বাচনৰ দিন চমূ চাপি অহাৰ লগে লগে অসমৰ ৰাজনৈতিক ক্ষেত্ৰৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ বাবে সোমবাৰে গুৱাহাটীত উপস্থিত হয় দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ লগতে নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰ আৰু ৰাজীৱ কুমাৰ । মঙলবাৰে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰে বৈঠকত মিলিত হয় তিনিগৰাকী বিষয়া ।

গুৱাহাটীত নিৰ্বাচনী আয়োগৰ বৈঠকঃ বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা

ৰঙালী বিহুৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত কৰাত সকলোৱে সহমত আগবঢ়ায় । সমাগত নিৰ্বাচনক লৈ ৰাজনৈতিক দলবোৰৰ উপৰিও মুখ্য সচিব, গৃহ সচিবৰ লগতে আৰক্ষী সঞ্চালকৰ সৈতেও বৈঠকত মিলিত হয় নিৰ্বাচনী আয়োগৰ বিষয়াসকল ।

আনহাতে, বুধবাৰে দুপৰীয়া ১২.৩০ বজাত আয়োগৰ দলটোৱে এখন সংবাদমেল সম্বোধন কৰিব বুলি জানিব পৰা গৈছে । বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হ'বনে নাই, সেই বিষয়ে সংবাদমেলত স্পষ্টকৈ ঘোষণা কৰা কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:কোকৰাঝাৰত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ অনুষ্ঠানক লৈ ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.