ETV Bharat / state

Constituency Delimitation in Assam: আৰম্ভ হ’ল অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া

author img

By

Published : Dec 27, 2022, 3:30 PM IST

Updated : Dec 27, 2022, 6:00 PM IST

অসমত শীঘ্ৰেই আৰম্ভ হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া (Constituency Delimitation in Assam)৷ অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ নিৰ্বাচন আয়োগে প্ৰৰণ কৰিছে জাননী ৷

Constituency Delimitation in Assam
অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ নিৰ্বাচন আয়োগে প্ৰৰণ কৰিছে জাননী

গুৱাহাটী, ২৭ ডিচেম্বৰ : অসমত আৰম্ভ হৈছে বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া (Constituency Delimitation in Assam)৷ জন প্ৰতিনিধিত্ব আইন, 1950ৰ ৮(A) ধাৰা অনুসৰি অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা মঙলবাৰে ঘোষণা কৰে ভাৰতৰ নিৰ্বাচন আয়োগে ৷

আয়োগে জাৰি কৰা অধিসূচনা অনুসৰি 2001 চনৰ লোকপিয়লৰ পৰিসংখ্যাৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন হ’ব ৷ এই প্ৰক্ৰিয়া সম্পন্ন নোহোৱা পৰ্যন্ত ৰাজ্যত নতুন প্ৰশাসনিক একক সৃষ্টিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে আয়োগে (Ban on creation new administrative unit)৷

Constituency Delimitation in Assam
নিৰ্বাচন আয়োগৰ প্ৰেছ বিজ্ঞপ্তি

ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰণালয়ৰ পৰা লাভ কৰা আহ্বানৰ পাছতে দেশৰ নিৰ্বাচন আয়োগে অসমত জনপ্ৰতিনিধিত্ব আইন, ১৯৫০ৰ ধাৰা ৮(A)(Representation of the People Act) অনুসৰি বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ(Chief Election Commissioner Shri Rajiv Kumar), নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলৰ নেতৃত্বত আয়োগে অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ নিৰ্দেশনা জাৰি কৰিছে যাতে ৰাজ্য চৰকাৰে কোনোধৰণৰ নতুন প্ৰশাসনিক গোট সৃষ্টি নকৰে ৷ ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে সম্পূৰ্ণৰূপে বাহাল থাকিব এই নিষেধাজ্ঞা ৷ অহা ১ জানুৱাৰীৰ পৰা প্ৰযোজ্য হোৱাকৈ দিয়া হৈছে এই নিষেধাজ্ঞা ৷

ৰাজ্যখনৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণত 2001ৰ লোকপিয়লৰ(Census 2001) পৰিসংখ্যা ব্যৱহাৰ কৰা হ’ব৷ এই প্ৰক্ৰিয়াত ভাৰতীয় সংবিধানৰ ৩৩০ আৰু ৩৩২ নং অনুচ্ছেদ অনুসৰি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব ৷ নিৰ্বাচন আয়োগে সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ উদ্দেশ্যে নিজাকৈ নিৰ্দেশনা আৰু পদ্ধতি চূড়ান্ত কৰিব ৷

সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া চলি থকা সময়ত আয়োগে বাস্তৱিক বৈশিষ্ট্য, প্ৰশাসনিক এককসমূহৰ বৰ্তমানৰ সীমা, যোগাযোগৰ সুবিধা, জনসাধাৰণৰ সুবিধা আৰু যিমানদূৰ সম্ভৱ ব্যৱহাৰিক ক্ষেত্ৰত ভৌগোলিকভাৱে সংকুচিত অঞ্চল আদি সকলো কথাত গুৰুত্ব প্ৰদান কৰিব বুলি জানিবলৈ দিছে অধিসূচনাখনৰ জৰিয়েতে ৷

অসমৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ আয়োগে চূড়ান্ত কৰাৰ পিছত সাধাৰণ জনতাই পৰামৰ্শ অথবা আপত্তি দৰ্শোৱাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক ৰাজপত্ৰ প্ৰকাশ কৰা হ’ব বুলিও জানিবলৈ দিছে ৷ এই সন্দৰ্ভত দুখন স্থানীয় বাতৰি কাকততো ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা শুনানিৰ তাৰিখ আৰু স্থানৰ সন্দৰ্ভত জাননী প্ৰকাশ কৰিব নিৰ্বাচন আয়োগে ৷

উল্লেখ্য যে, অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ কাম ভাৰতৰ নিৰ্বাচন আয়োগক ১৫ নৱেম্বৰ, ২০২২ তাৰিখৰ H-11019/06/2022-Leg.II নং পত্ৰৰ জৰিয়তে আইন আৰু ন্যায় মন্ত্ৰণালয়ে আহ্বান জনাইছিল । সীমা নিৰ্ধাৰণ আইন, ১৯৭২ অনুসৰি অসমৰ সমষ্টিসমূহৰ ১৯৭১ চনৰ লোকপিয়লৰ পৰিসংখ্যাৰ ভিত্তিত ৰাজ্যত সীমা নিৰ্ধাৰণৰ কাম তদানীন্তন সীমা নিৰ্ধাৰণ আয়োগে ১৯৭৬ চনত আৰম্ভ কৰিছিল ৷

লগতে পঢ়ক: Pratima Pandey Award 2022 : একলব্য গামলৈ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা

Last Updated : Dec 27, 2022, 6:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.