ETV Bharat / state

Constituency Delimitation 2023: তৎপৰ নিৰ্বাচন আয়োগ; ১৫ আগষ্টৰ ভিতৰত চূড়ান্ত কৰাৰ লক্ষ্য সমষ্টি পুনৰ নিৰ্ধাৰণ - সমষ্টি পুনৰ নিৰ্ধাৰণ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত ওজৰ-আপত্তি দিয়াৰ সময়সীমা ১১ জুলাই । ২০ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব নির্বাচন আয়োগৰ এটা দল । খচৰাখনৰ সন্দৰ্ভত সকলোৰে পৰামৰ্শ তথা ওজৰ-আপত্তিসমূহ গ্ৰহণ কৰিব । নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকাত চূড়ান্ত ছীল-মোহৰ মৰাৰ পাছতেই ৰাজ্যত সমষ্টি অনুসৰি নতুন ভোটাৰ তালিকা প্রস্তুতৰ কাম আৰম্ভ হ'ব । ১৮ বছৰত ভৰি দিয়া নতুন ভোটাৰৰ বাবে বছৰত চাৰিবাৰ নামভৰ্তিৰ সুবিধা ।

election commission of india
ভাৰতৰ নির্বাচন আয়োগ
author img

By

Published : Jun 25, 2023, 12:36 PM IST

গুৱাহাটী,২৫ জুন: অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধীতা কৰিছে । ইয়াৰ মাজতে নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো ১৫ আগষ্টৰ পূৰ্বে সমাপ্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকাত চূড়ান্ত ছীল-মোহৰ মৰাৰ পাছতেই ৰাজ্যত সমষ্টি অনুসৰি নতুন ভোটাৰ তালিকা প্রস্তুতৰ কাম আৰম্ভ হ'ব ।

Election Commission of India
১৫ আগষ্টৰ ভিতৰত চূড়ান্ত কৰাৰ লক্ষ্য সমষ্টি পুনৰ নিৰ্ধাৰণ

উল্লেখ্য যে নিৰ্বাচন আয়োগে প্রকাশ কৰা খচৰা সন্দৰ্ভত পৰামৰ্শ তথা ওজৰ-আপত্তি দিয়াৰ বাবে ১১ জুলাইৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে । ইয়াৰ পাছতেই ২০ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব নির্বাচন আয়োগৰ এটা দল । দলটোৱে খচৰাখনৰ সন্দৰ্ভত সকলোৰে পৰামৰ্শ তথা ওজৰ-আপত্তিসমূহ গ্ৰহণ কৰিব । বিভিন্ন দল-সংগঠন তথা ৰাইজৰ শুনানি গ্ৰহণৰ পাছতেই নিৰ্বাচন আয়োগে অতি ক্ষিপ্ৰতাৰে চূড়ান্ত কৰিব পুনৰ নিৰ্ধাৰিত সমষ্টিৰ তালিকা ।

লক্ষণীয় বিষয় যে সমগ্ৰ দেশত ২০২৬ চনত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ব যদিও অসমত সেই সময়ত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা নহয় । জানিব পৰা মতে সম্প্রতি যি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ব উক্ত সমষ্টিৰেই অনাগত দুটা দশকলৈ ৰাজ্যত নির্বাচন অনুষ্ঠিত হৈ থকাৰ সম্ভাৱনা আছে । নির্বাচন আয়োগে ইতিমধ্যে নতুন ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ বাবে প্রস্তুতি চলাইছে । সেই অনুসৰি বুথ লেভেল অফিচাৰসকলক (বি এল অ’) ভোটাৰ তালিকাত নতুন ভোটাৰৰ নাম অন্তর্ভুক্তিৰ বাবে নির্দেশনা দিয়া হৈছে ।

বি এল অ’ সকল ২১ জুলাইৰ পৰা ২১ আগষ্টলৈ এমাহ ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিকৰণ বা কৰ্তনৰ বাবে ঘৰে ঘৰে যাব । এই সময়চোৱাত বি এল অ' সকলে নতুন ভোটাৰৰ নাম অন্তর্ভূক্ত কৰা বা মৃতকৰ নাম কৰ্তন কৰা আদি কামৰ নিৰীক্ষণ কৰিব । ইয়াৰ পাছত ১৭ অক্টোবৰত সংশোধিত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ পাব । ১৭ অক্টোবৰৰ পৰা ১৭ নৱেম্বৰলৈ মাহজোৰাকৈ ওজৰ-আপত্তি গ্ৰহণ কৰা হ'ব । ২৬ ডিচেম্বৰত ওজৰ-আপত্তি সমূহ নিষ্পত্তি কৰা হ'ব আৰু ৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ হ'ব ।

লক্ষণীয় বিষয় যে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ঠায়ে ঠায়ে হৈছে প্ৰতিবাদ । ইফালে সংখ্যালঘু ভোটাৰক লৈ ৰাজনীতি কৰি অহা ৰাজনৈতিক দলসমূহো প্রকাশিত খচৰাখনক লৈ সংকটত পৰিছে । কাৰণ সমষ্টিসমূহৰ সীমাৰ সালসলনিয়ে ৰাজনৈতিক দলসমূহৰ সকলো ৰাজনৈতিক সমীকৰণ ওলট-পালট কৰি পেলাইছে । খিলঞ্জীয়াৰ প্ৰভৃত্ব বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব দি প্ৰস্তুত কৰা খচৰাখনৰ বিৰুদ্ধে আনকি আদালতলৈ যোৱাৰো হুংকাৰ দিছে সংখ্যালঘু ভোটাৰক লৈ ৰাজনীতি কৰি অহা এ আই ইউ ডি এফ দলে ।

ইফালে সমষ্টি পুনৰ গঠনৰ খচৰাত খিলঞ্জীয়াই আধিপত্য বিস্তাৰৰ সুবিধা লাভ কৰাৰ সমানে নতুন ভোটাৰক নাম অন্তর্ভুক্ত কৰাৰো অধিক সুবিধা দিছে দেশৰ নির্বাচন আয়োগে । উল্লেখ্য যে ১৮ বছৰ হোৱা নতুন ভোটাৰে বছৰত এবাৰহে ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰাৰ সুবিধা লাভ কৰে । শেহতীয়াকৈ নিৰ্বাচন আয়োগে জাৰি কৰা নির্দেশনা অনুসৰি এতিয়াৰে পৰা প্ৰতি বছৰে চাৰিবাৰকৈ ১৮ বছৰত ভৰি দিয়া নতুন ভোটাৰে নামভৰ্তিৰ সুবিধা লাভ কৰিব । আগতে বছৰত এবাৰ অর্থাৎ এক জানুৱাৰী তাৰিখক ভিত্তি কৰি লৈ নতুনকৈ ১৮ বছৰত ভৰি দিয়াসকলৰ নাম ভোটাৰ তালিকাত সোমোৱাৰ সুবিধা লাভ কৰিছিল ।

আয়োগৰ নতুন নিৰ্দেশনাৰ ফলত এতিয়াৰে পৰা বছৰত চাৰিবাৰ ক্ৰমে ১ জানুৱাৰী, ১ এপ্রিল, ১ জুলাই আৰু ১ অক্টোবৰত ১৮ বছৰ হোৱাসকলে ভোটাৰ তালিকাত নাম সোমোৱাৰ সুবিধা লাভ কৰিব । এটা বছৰত অসমত প্ৰায় চাৰি লাখ নতুন ভোটাৰৰ নাম তালিকাত অন্তর্ভুক্ত হয় । এতিয়াৰে পৰা বছৰত চাৰিটা পৰ্যায়ত নাম অন্তর্ভুক্ত কৰাৰ সুবিধা নতুন ভোটাৰে লাভ কৰিব ।

লগতে পঢ়ক: Anundoram Borooah Award 2023 : যোগ্য শিক্ষাৰ্থীক নাম পঞ্জীয়ন কৰাৰ আহ্বান শিক্ষামন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.