ETV Bharat / state

Constituency Delimitation:সামৰণি পৰিল সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ তিনিদিনীয়া ৰাজহুৱা শুনানি

author img

By

Published : Jul 21, 2023, 10:43 PM IST

শুকুৰবাৰে সামৰণি পৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ওপৰত তিনিদিনীয়া ৰাজহুৱা শুনানি ৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১৯ জুলাইৰ পৰা ২১ জুলাইলৈ তিনিদিনীয়াকৈ ৰাজহুৱা শুনানি অনুষ্ঠিত হয় ৷ 3 দিনত আয়োগে ৩১ খন জিলাৰ ১,২০০ৰো অধিক প্ৰতিনিধিৰ শুনানি গ্ৰহণ কৰে ৷

Constituency Delimitation
সামৰণি পৰিল সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ তিনিদিনীয়া ৰাজহুৱা শুনানি

গুৱাহাটী,21 জুলাই: বুধবাৰৰ পৰা দেশৰ নিৰ্বাচন আয়োগে গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ সন্দৰ্ভত তিনিদিনীয়াকৈ ৰাজহুৱা শুনানি অনুষ্ঠিত কৰে । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১৯ জুলাইৰ পৰা ২১ জুলাইলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত ৰাজহুৱা শুনানিৰ শুকুৰবাৰে সামৰণি পৰে ৷

৩১ খন জিলা আৰু ২০টা ৰাজনৈতিক দলৰ ১,২০০ৰো অধিক প্ৰতিনিধিয়ে শুনানিত অংশগ্ৰহণ কৰে। তিনিদিনত ৬,০০০ৰো অধিক ব্যক্তিয়ে পৰামৰ্শৱলী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ, নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলেৰে গঠিত আয়োগে বিগত তিনিদিনৰ ভিতৰত ৰাজনৈতিক দল, নাগৰিক সমাজ, বিভিন্ন সংগঠন আৰু জনসাধাৰণৰ প্ৰতিনিধিৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত শুনানি গ্ৰহণ কৰে।

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত পৰামৰ্শমূলক কাৰ্যসূচীৰ অংশ হিচাপে আয়োগে এই ৰাজহুৱা শুনানি গ্ৰহণ কৰে । বিগত 3 দিনত আয়োগে ৩১ খন জিলাৰ ১,২০০ৰো অধিক প্ৰতিনিধিৰ শুনানি গ্ৰহণ কৰে আৰু ২০ টাতকৈও অধিক ৰাজনৈতিক দলৰ সৈতে বৈঠকত মিলিত হয় । তিনিদিনত ৬,০০০ৰো অধিক লোকে ৰাজহুৱা শুনানিত অংশগ্ৰহণ কৰিছিল । ২০ জুলাইত ২০ ঘণ্টাৰো অধিক সময় ধৰি শুনানি চলিছিল।

তিনিজন আয়ুক্তই ৩টা স্থানত সমান্তৰাল শুনানি অনুষ্ঠিত কৰিছিল । ১৯ জুলাই আৰু ২১ জুলাইৰ ক্ষেত্ৰতো একেধৰণৰ আছিল । ৰাষ্ট্ৰীয় দলৰ প্ৰতিনিধি ক্ৰমে আম আদমী পাৰ্টি, ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী), ভাৰতীয় জনতা পাৰ্টি, ৰাজ্যিক দল-অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট, অসম গণ পৰিষদ, ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টে আয়োগৰ সন্মুখত তেওঁলোকৰ মতামত আৰু পৰামৰ্শ দাঙি ধৰে ৷

অসম জাতীয় পৰিষদ, চিপিএম, ৰাইজৰ দল, চিপিআই, জাতীয় দল অসম, এনচিপি, আৰজেডি, জনতা দল (ইউ), টিএমচি, চিপিআই(এমএল) আৰু অন্যান্য কেইবাটাও অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলেও শুনানিত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Constituency delimitation: নিৰ্বাচন আয়োগৰ শুনানি সন্দৰ্ভত বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.