ETV Bharat / state

Dr Debadatta Barkataki passes away : বিশিষ্ট শিক্ষাবিদ ড৹ দেৱদত্ত বৰকটকীৰ পৰলোক প্ৰাপ্তি - Dr Debadatta Barkataki dead

বি বৰুৱা মহাবিদ্যালয়(B Borooah College)ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, জ্ঞান-বিজ্ঞান সমিতি অসমৰ প্ৰতিষ্ঠাপক তথা ভাৰতীয় জনতা পার্টীৰ জ্যেষ্ঠ নেতা ড৹ দেৱদত্ত বৰকটকীৰ দেহাৱসান(Dr Debadatta Barkataki passes away) ৷ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু ঘটে বিশিষ্ট শিক্ষাবিদগৰাকীৰ । ড৹ দেৱদত্ত বৰকটকীৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে গুণমুগ্ধসকলে ।

Dr Debadatta Barkataki passes away
ডঃ দেৱদত্ত বৰকটকীৰ বিয়োগ
author img

By

Published : Nov 24, 2021, 12:08 PM IST

গুৱাহাটী, ২৪ নৱেম্বৰ : ক'ভিড-১৯ মহামাৰীৰে যুঁজি অৱশেষত হাৰ মানিলে বি বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক(Retired professor of B Borooah College) তথা ভাৰতীয় জনতা পার্টী(BJP)ৰ জ্যেষ্ঠ নেতা ড৹ দেৱদত্ত বৰকটকীয়ে(Dr Debadatta Barkataki passes away) । মঙলবাৰে দেহাৱসান ঘটে জ্ঞান-বিজ্ঞান সমিতি অসমৰ প্ৰতিষ্ঠাপকগৰাকীৰ । কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে যােৱা কেইবাদিনাে ধৰি ড৹ বৰকটকী চিকিৎসাধীন হৈ আছিল । মঙলবাৰে পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

বিশিষ্ট শিক্ষাবিদগৰাকী দীর্ঘদিন ধৰি ভাৰতীয় জনতা পার্টী(Bharatiya Janata Party)ৰ অসম প্রদেশৰ মাহেকীয়া মুখপত্র “অসমীয়া বিজেপি বার্তা”ৰ মুখ্য সম্পাদকৰ দায়িত্বত আছিল । তেওঁৰ আকস্মিক মৃত্যুৱে দলৰ সর্বস্তৰতে শােকৰ ছাঁ পেলাইছে । ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক শােকবার্তাত ড৹ দেৱদত্ত বৰকটকী(Dr Debadatta Barkataki)ৰ মৃত্যুত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, প্রাক্তন ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ লগতে ৰাজ্যিক বিজেপিৰ প্ৰতিগৰাকী কার্যকর্তাই গভীৰ শােক প্রকাশ কৰে ।

Dr Debadatta Barkataki passes away
ড৹ দেৱদত্ত বৰকটকীৰ বিয়োগ

ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে, প্রয়াত ড৹ দেৱদত্ত বৰকটকীয়ে ২০১৫ চনৰ পৰা ৰাজ্যিক বিজেপিৰ মুখপত্র “অসমীয়া বিজেপি বার্তাৰ সম্পাদকৰ দৰে গুৰু দায়িত্বত মৃত্যু পর্যন্ত কার্যনির্বাহ কৰি আছিল ।

দলৰ মুখপত্ৰৰ সম্পাদক হিচাপে তেওঁ আগবঢ়োৱা সেৱা অনবদ্য আৰু অতুলনীয় আছিল বুলি সভাপতি কলিতাই মন্তব্য কৰে । উল্লেখ্য যে, অসম গণ পৰিষদ দলৰ “গণ বাতৰি” নামৰ পষেকীয়া কাকতৰ নতুন সংস্কাৰখনৰো ড৹ বৰকটকী সম্পাদক আছিল । আনহাতে, দলৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মায়েও ড৹ বৰকটকীৰ আকস্মিক মৃত্যুত গভীৰ শােক প্রকাশ কৰে ৷

ৰাজ্যিক বিজেপিৰ প্রাক্তন সভাপতি তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ড৹ দেৱদত্ত বৰকটকীৰ মৃত্যুত শােক প্রকাশ কৰি কয় যে- সকলাে ধৰণৰ প্ৰত্যাহ্বানক নেওচি তেওঁ “অসমীয়া বিজেপি বার্তা”ক এক অনন্য মাত্রা প্রদান কৰি থৈ গ'ল । তেওঁৰ নিষ্ঠা আৰু কর্মোদ্যমী ভূমিকাৰ বাবেই ক’ভিডৰ দৰে জটিল পৰিস্থিতিৰ মাজতাে নিৰৱচ্ছিন্নভাৱে প্ৰতিটো মাহৰ প্ৰথমটো দিনত মুখপত্ৰখন নিয়মীয়াভাৱে প্রকাশ পাবলৈ সক্ষম হৈছিল । তেওঁৰ এই ভূমিকাক ৰাজ্যিক বিজেপিয়ে চিৰদিন মনত ৰাখিব বুলিও দাসে মত প্ৰকাশ কৰে ।

লগতে পঢ়ক: DU Vice Chancellor suspension : ঘটনাক লজ্জাজনক আখ্যা পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.