ETV Bharat / state

Binita Baruah passed away: অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা শিক্ষাবিদ বিনীতা বৰুৱাৰ পৰলোক

author img

By

Published : Mar 7, 2023, 5:13 PM IST

বিশিষ্ট শিক্ষাবিদ বিনীতা বৰুৱাৰ দেহাৱসান ৷ যোৱা কিছুদিন ধৰি অসুস্থ হৈ থকা শিক্ষাবিদ গৰাকীয়ে মহানগৰীৰ হেলথ চিটি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি ১৯৬৩ চনত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত (Handique Girls College Guwahati) প্ৰবক্তাৰূপে কৰ্মজীৱনৰ পাতনি মেলিছিল বৰুৱাই ৷

Binita Baruah passed away
অৱসৰপ্ৰাপ্ত অধ্যাপিকা বিনীতা বৰুৱাৰ পৰলোক

গুৱাহাটী, 7 মাৰ্চ: সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন অধ্যাপিকা, শিক্ষাবিদ বিনীতা বৰুৱা আৰু নাই । যোৱা কিছুদিন ধৰি অসুস্থ হৈ থকা শিক্ষাবিদ গৰাকীয়ে 3 মাৰ্চৰ শেষ নিশা মহানগৰীৰ হেলথ চিটি চিকিৎসালয়ত (health city hospital guwahati) শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ ৷ বিনীতা বৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিচতেই তেওঁৰ গনেশগুৰিস্থিত বাসভৱনত বহু লোকৰ সমাগম হয় আৰু সকলোৱে তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । পাচত অসংখ্য গুণমুগ্ধৰ উপস্থিতত শিক্ষাবিদ গৰাকীৰ নশ্বৰ দেহ গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সৎকাৰ কৰা হয় । মৃত্যুৰ সময়ত তেওঁ দুজন পুত্ৰ, দুগৰাকী বোৱাৰী ,দুজন নাতিকে ধৰি বহুসংখ্যক আত্মীয় আৰু গুণমুগ্ধক এৰি থৈ যায় ৷

গুৱাহাটীৰ উজানবজাৰৰ বিখ্যাত বৰুৱা পৰিয়ালৰ স্বৰ্গীয় ৰাধিকা বৰুৱা আৰু শশী বৰুৱাৰ কন্যা বিনীতা বৰুৱাৰ জন্ম হৈছিল আচানচোলত (Asansol West Bengal) ৷ প্ৰাথমিক শিক্ষা আচানচোল, গয়া, মুচৌৰী আৰু গুৱাহাটীৰ তাৰিণী চৰণ বৰুৱা বিদ্যালয়ত সমাপ্ত কৰি তেখেতে শ্বিলঙৰ ল'ৰেটো কনভেণ্ট স্কুলৰ (Loreto Convent School Shillong) পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় ৷

পঢ়া-শুনাত সৰুৰে পৰাই অতি মেধাৱী শিক্ষাবিদ বিনীতা বৰুৱাই শ্বিলঙৰ নামজ্বলা চেন্ট মেৰীজ মহাবিদ্যালয়ৰ (Saint Mary's College Shillong) পৰা তেতিয়াৰ আই.এ. পৰীক্ষাত প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ লগতে তাৰ পৰাই স্নাতক শিক্ষা সম্পূৰ্ণ কৰে ৷ ইয়াৰ পাচত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি ১৯৬৩ চনত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত (Handique Girls College Guwahati) প্ৰবক্তাৰূপে কৰ্মজীৱনৰ পাতনি মেলে ৷

২০০০ চনত এই মহাবিদ্যালয়ৰ পৰাই বিভাগীয় মূৰব্বী হিচাবে অৱসৰ লয় শিক্ষাবিদ বিনীতা বৰুৱাই ৷ ইতিপূৰ্বে ২০১০ চনত পৰলোক প্ৰাপ্তি ঘটা গুৱাহাটী শোধনাগাৰৰ মুখ্য চিকিৎসা বিষয়া জীৱন চন্দ্ৰ বৰুৱাৰ লগত বিনীতা বৰুৱাৰ বিবাহ সম্পন্ন হৈছিল ৷ তদুপৰি বহু সামাজিক কাম-কাজৰ লগতো জড়িত আছিল তেওঁ ৷ নাৰেংগী লায়নচ ক্লাবৰ এগৰাকী সক্ৰিয় সদস্যও (Lions Club of Gauhati Narangi) আছিল তেওঁ ৷ বিভিন্ন কলাসুলভ কৰ্মৰাজি আৰু তেওঁৰ সৰলতাৰ বাবে তেখেত বন্ধু-বান্ধৱ,পৰিয়ালৰ সদস্য, সহকৰ্মী আৰু ছাত্ৰ -ছাত্ৰীৰ মাজত অতিকৈ জনপ্ৰিয় আছিল ৷

৬০ ৰ দশকতে গুৱাহাটীত প্ৰথম বাহন চলোৱা মহিলাৰ মাজত তেখেত অন্যতম আছিল ৷ বিনীতা বৰুৱাৰ মৃত্যুত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰিয়াল বৰ্গ আৰু অসম মহাবিদ্যালয় অৱসৰী শিক্ষক গোট সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে | বহুসংখ্যক গুণমুগ্ধ আৰু পৰিয়ালৰ উপস্থিতিত শনিবাৰে নৱগ্ৰহ শ্মশানত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷ তেখেতৰ মৃত্যুত পৰিয়াল আৰু গুণমুগ্ধ সকলৰ মাজত শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক: Local Holiday in Kamrup Metro: ৮ মাৰ্চত কামৰূপ (মহানগৰ) জিলাত স্থানীয় বন্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.