ETV Bharat / state

এতিয়াৰে পৰা Engineering College ৰ নিযুক্তিত নাথাকিব APSC

author img

By

Published : Jul 8, 2021, 7:17 PM IST

Updated : Jul 8, 2021, 7:38 PM IST

ৰাজ্যৰ আভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহত অধ্যাপক, সহকাৰী অধ্যাপক আদি নিযুক্তিৰ ক্ষেত্ৰত কোনো দায়িত্ব নাথাকিব অসম লোকসেৱা আয়োগ (APSC) ৷ এতিয়াৰে পৰা আছাম ইঞ্জিনিয়াৰিং ৰিক্ৰুইটমেণ্ট এক্ট (Assam Engineering Recruitment Act)ৰ আধাৰত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এখন ব’ৰ্ডে সম্পন্ন কৰিব আভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহৰ নিযুক্তিৰ প্ৰক্ৰিয়া । এক সংবাদমেলযোগে এই মন্তব্য কৰে ৰাজ্যিক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Dr Ranoj Pegu)ৱে ।

education minister pressmeet
শিক্ষামন্ত্ৰীৰ সংবাদমেল

গুৱাহাটী, 8 জুলাই : এতিয়াৰে পৰা অসমৰ আভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহত অধ্যাপক, সহকাৰী অধ্যাপক আদি নিযুক্তিৰ ক্ষেত্ৰত অসম লোকসেৱা আয়োগ (APSC)ৰ কোনো দায়িত্ব নাথাকিব । দীৰ্ঘসময় ধৰি এই শৈক্ষিক প্ৰতিষ্ঠানসমূহত এনেধৰণৰ নিযুক্তিৰ প্ৰক্ৰিয়া লোকসেৱা আয়োগে পৰীক্ষাৰ জৰিয়তে সম্পন্ন কৰি আহিছিল । কিন্তু এতিয়াৰে পৰা আছাম ইঞ্জিনিয়াৰিং ৰিক্ৰুইটমেণ্ট এক্ট (Assam Engineering Recruitment Act)ৰ আধাৰত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এখন ব’ৰ্ডে আভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহত এই নিযুক্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব । বৃহস্পতিবাৰে দিছপুৰত এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে ৰাজ্যিক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Dr Ranoj Pegu)ৱে ।

শিক্ষামন্ত্ৰীৰ সংবাদমেল

সংবাদমেলযোগে তেওঁ কয় যে, এই সিদ্ধান্ত ইতিমধ্যে ৰাজ্যিক কেবিনেট (Cabinet)য়ে গ্ৰহণ কৰিছে । ইয়াৰোপৰি কেবিনেটে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি, এতিয়াৰে পৰা বিটিআৰ (BTR)ত বসবাস কৰি অহা নেপালী সম্প্ৰদায়ৰ লোকসকল গোৰ্খা প্ৰটেক্টেড ক্লাছ (Gorkha Protected Class)ত অন্তৰ্ভুক্ত হ’ব । 2005 চনৰ পূৰ্বৰ পৰা বসবাস কৰি অহা গোৰ্খাসকলে এই সুবিধা লাভ কৰিব বুলিও উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

আনহাতে, 1951 চনৰে পৰা শদিয়াৰ ট্ৰাইবেল বেল্ট (Tribal Belt)ৰ এটা অঞ্চলত বসবাস কৰি অহা অনুসূচিত জাতি, অনুসূচিত জনজাতি, চাহ জনগোষ্ঠী, চুতীয়া, টাই আহোম, মৰাণ, মটক আদি জনগোষ্ঠীৰ লোকসকলকো প্ৰটেক্টেড ক্লাছত অন্তৰ্ভুক্ত কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে । যিসমূহ অঞ্চলত এতিয়াও ট্ৰাইবেল বেল্ট গঠন হোৱা নাই, সেই অঞ্চলসমূহত শীঘ্ৰেই বেল্ট গঠন কৰিব চৰকাৰে ।

লগতে পঢ়ক : মৰিগাঁও-গছগাঁও শীৰ্ষক শ্ল’গানেৰে বন মহোৎসৱ পালন

Last Updated : Jul 8, 2021, 7:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.