ETV Bharat / state

পৰীক্ষাৰ বাবে সাজু থাকিবলৈ শিক্ষাৰ্থীৰ প্ৰতি আহ্বান শিক্ষামন্ত্রীৰ

পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক সাজু হৈ থাকক । পৰিস্থিতি ভাল হ'লেই অনুষ্ঠিত হ'ব পৰীক্ষা । চি বি এছ ইয়ে পৰীক্ষা বাতিল কৰিছে, আমি বাতিল নকৰো মন্তব্য শিক্ষামন্ত্ৰীৰ । মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ছাত্ৰী-ছাত্ৰীৰ ভবিষ্যতৰ বাবে অধিক গুৰুত্বপূৰ্ণ ।

Education Minister calls on students to be ready for exams
পৰীক্ষাৰ বাবে সাজু থাকিবলৈ শিক্ষাৰ্থীৰ প্ৰতি আহ্বান শিক্ষামন্ত্রীৰ
author img

By

Published : Jun 5, 2021, 9:51 PM IST

গুৱাহাটী, ৫ জুনঃ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (AHSEC) অনুষ্ঠিত হ'ব নে নহয় তাক লৈ এতিয়াও অনিশ্চয়তাত আছে পৰীক্ষাৰ্থীৰ লগতে অভিভাৱকসকল । ইতিমধ্যে চি বি এছ ইয়ে (CBSC) বাতিল কৰিছে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা । পৰীক্ষাৰ পৰিৱৰ্তে বিকল্প মূল্যায়ন পদ্ধতিৰ সন্ধানত আছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ(CBSC) । এনে জটিলতাৰ মাজতে শনিবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

পৰীক্ষা অনুষ্ঠিত হোৱা-নোহোৱাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়-' ক'ভিড পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণত অহা নাই । চৰকাৰে ব্যৱস্থা লৈ আছে । পৰিস্থিতি উন্নত হ'লে পৰীক্ষাৰ কথা ঘোষণা কৰা হ'ব । পৰীক্ষাৰ পূৰ্ণ সম্ভাৱনা আছে । আমি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম আৰু ইয়াৰ বাবে সাজু হৈ আছে । পৰীক্ষা বাতিল কৰিলে সমস্যা সমাধান নহয় । শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব । হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আমি আছো ।

শিক্ষামন্ত্ৰী গৰাকীয়ে পৰীক্ষাৰ্থীসকলক উদ্দেশ্যি কয়-' পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰী সাজু হৈ থাকক । পৰিস্থিতি ভাল হ'লেই অনুষ্ঠিত হ'ব পৰীক্ষা । চি বি এছ চি য়ে পৰীক্ষা বাতিল কৰিছে, আমি বাতিল নকৰো । মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ছাত্ৰী ছাত্ৰীৰ ভবিষ্যতৰ বাবে অধিক গুৰুত্বপূৰ্ণ । ক'ভিড আক্ৰান্তৰ হাৰ হ্ৰাস পালেই পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা চিন্তা চৰ্চা কৰা হ'ব ।

লগতে পঢ়ক: কাৰ্বি আংলঙত খাদ্যৰ সন্ধানত ৰাজপথত গজৰাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.