গুৱাহাটী, 14 নৱেম্বৰ: এডুকেট চুপাৰ ৩০ য়ে ৩০গৰাকী শিক্ষাৰ্থীক বিনামূলীয়াকৈ JEE আৰু NEET ত পাঠদান কৰোৱাৰ ব্যৱস্থা কৰিছে । শনিবাৰে শিশু দিৱস উপলক্ষে মহানগৰীৰ জালুকবাৰীত অনুষ্ঠিত এক অনুষ্ঠানত এই কথা ঘোষণা কৰে শিক্ষা প্ৰতিষ্ঠানখনৰ সঞ্চালক মিজানুৰ ৰহমানে । উল্লেখ্য যে, ২০১৫ চনৰ পৰায়ে আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীক সহায়ৰ হাত আগবঢ়াই আহিছে এডুকেট নামৰ শিক্ষা প্ৰতিষ্ঠানটোৱে । পূৰ্বে ৩০ শতাংশ দৰিদ্ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ পাঠদান কৰাইছিল প্ৰতিষ্ঠানটোৱে । কিন্তু চলিত বৰ্ষৰ পৰা ৩০ গৰাকী শিক্ষাৰ্থীক সম্পূৰ্ণ বিনামূলীয়াকৈ পাঠদান কৰোৱাৰ ব্যৱস্থা হাতত লৈছে এডুকেট চুপাৰ ৩০য়ে । অনুষ্ঠানটোত এডুকেটৰ সঞ্চালক মিজানুৰ ৰহমান, লেখিকা শিখা শৰ্মা, আব্দুল ৱাডিদ শ্বেইখৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
দৰিদ্ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ পাঠদান কৰাব এডুকেটে - NEET
চলিত বৰ্ষৰ পৰা ৩০ গৰাকী শিক্ষাৰ্থীক JEE আৰু NEET ত সম্পূৰ্ণ বিনামূলীয়াকৈ পাঠদান কৰোৱাৰ ব্যৱস্থা হাতত লৈছে এডুকেট চুপাৰ ৩০য়ে ।