ETV Bharat / state

ECI team visits Assam: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগক লৈ অসমত কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ দল - ECI team visits Assam

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত ২৬ মাৰ্চৰ পৰা ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা দলৰ তিনি দিনীয়া অসম ভ্ৰমণ কাৰ্যসূচী ৷ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত প্ৰতিনিধিৰ দলটোত থাকিব নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেল ৷ ২৮ মাৰ্চলৈ অসমত থাকিব নিৰ্বাচন আয়োগৰ দলটো (ECI team visits Assam) ৷

ECI visit Assam to disccused constituency delimitation
আজি অসমলৈ নিৰ্বাচন আয়োগৰ দল
author img

By

Published : Mar 26, 2023, 1:21 PM IST

গুৱাহাটী, ২৬ মাৰ্চ : অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জল্পনা-কল্পনা চলি থকাৰ মাজতে অব্যাহত আছে বিতৰ্ক, বিভিন্ন প্ৰতিক্ৰিয়াৰ ৷ তাৰ মাজতে আজি অৰ্থাৎ ২৬ মাৰ্চৰ পৰা ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা দলৰ তিনি দিনীয়া অসম ভ্ৰমণ কাৰ্যসূচী ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত পৰ্যালোচনা কৰিবলৈ অসমত উপস্থিত হ'ব দলটো ৷ ২৮ মাৰ্চলৈ অসমত থাকিব নিৰ্বাচন আয়োগৰ দলটো (ECI team visits Assam to discuss on constituency delimitation) ৷

ECI team visits Assam
অসমত কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ দল

ভাৰতীয় নিৰ্বাচন আয়োগৰ দলটোৱে অসমত চলি থকা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত ৰাজ্যখনৰ দল-সংগঠন আৰু জনসাধাৰণৰ আশা-আকাংক্ষাৰ বুজ লোৱাৰ উদ্দেশ্যৰে অসম ভ্ৰমণ কৰিব দলটোৱে ৷ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ, নিৰ্বাচনী আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলে ২৬ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ বিভিন্ন পৰ্যায়ৰ লোকৰ সৈতে আলোচনা কৰিবলৈ অসম ভ্ৰমণ কৰাৰ সিদ্ধান্ত শনিবাৰে এক বিবৃতি যোগে সদৰী কৰে (Constituency Delimitation of Assam) ৷

ৰাজ্যৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ পূৰ্বে ভাৰতীয় নিৰ্বাচন আয়োগৰ অসম ভ্ৰমণলৈ অহা পূৰ্ণ বিচাৰপীঠে ৰাজনৈতিক দল, সাধাৰণ ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ মতামত লব ৷ বিবৃতিটোত কোৱা হৈছে যে এই সময়ছোৱাত আয়োগে ৰাজনৈতিক দল, জনপ্ৰতিনিধি, নাগৰিক সমাজ, সামাজিক সংগঠন আদিৰ সৈতে আলোচনাত মিলিত হ’ব । জিলা জিলাৰ নিৰ্বাচনী বিষয়া, ৰাজ্যৰ প্ৰশাসনৰ মুৰব্বীসকলৰ সৈতে মত বিনিময় কৰি প্ৰত্যক্ষ তথ্য সংগ্ৰহ কৰিব নিৰ্বাচন আয়োগৰ দলটোৱে (Election Commision of India) ৷

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ এতিয়াও ৰাজ্যৰ বিভিন্ন পৰ্যায়ত প্ৰতিবাদ, প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ উল্লেখ্য যে ৰাজ্যিক নিৰ্বাচন আয়ুক্তই বিবৃতিযোগে জনায় যে প্ৰথম বাৰৰ বাবে নিৰ্বাচন আয়োগে খচৰা প্ৰকাশৰ আগতে জনমত গ্ৰহণৰ বাবে কোনো ৰাজ্যলৈ আহিব ৷ আনহাতে খচৰা প্ৰকাশৰ পিচতো পুনৰ জনমত গ্ৰহণৰ বাবে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল (Chief Election Commissioner of India) ৷

উল্লেখযোগ্য যে, আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত সম্পূৰ্ণ হ’ব সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া (Assam constituency delimitation issue) । ইতিমধ্যে নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত কাম আৰম্ভ কৰিছে ৷ সমষ্টি পুনৰ গঠন সন্দৰ্ভত ৰাজ্যৰ ৰাজনৈতিক দল, সামাজিক সংগঠনসমূহৰ লগতে নাগৰিকসকলৰ মতামত গ্ৰহণৰ বাবে ২৬ মাৰ্চত অসমলৈ আহিব দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত এটা প্ৰতিনিধিৰ দল (CEC Rajiv Kumar visit Assam) ।

মুখ্য নিৰ্বাচনী বিষয়াই জনোৱা অনুসৰি ২৭ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ গুৱাহাটীৰ হোটেল ৰেডিছন-ব্লুত আয়োগৰ দলটোৱে স্বীকৃতি প্ৰাপ্ত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ সৈতে মত বিনিময় কৰিব । একেদিনাই দিনৰ এক বজাৰ পৰা নাগৰিক সমাজ, সামাজিক সংগঠনৰ প্ৰতিনিধিৰে আলোচনাত মিলিত হ’ব আয়োগৰ দলটো । লগতে সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়ত ৰাজ্যৰ সকলো জিলাৰ নিৰ্বাচনী বিষয়া, ৰাজ্যৰ প্ৰশাসনৰ মুৰব্বীসকলৰ সৈতেও অনুষ্ঠিত হ’ব বৈঠক । বৈঠকৰ অন্তত ২৮ মাৰ্চৰ আবেলি ৩ বজাত সংবাদ মাধ্যমক সম্বোধন কৰিব নিৰ্বাচন আয়োগে । যিসকলে নিৰ্বাচন আয়ুক্তক লগ কৰিব নোৱাৰে তেওঁলোকে knbhar@eci.gov.in নাইবা brajesh@eci.gov.in লৈ নিজৰ মতামত মেইল কৰিব পাৰিব ৷

মন কৰিবলগীয়া যে বিগত ২৭ ডিচেম্বৰত নিৰ্বাচন আয়োগে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমত সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে অধিসূচনা জাৰি কৰিছিল । সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ২০০১চনৰ লোকপিয়লৰ ভিত্তিত কৰাক লৈ ৰাজ্যত বিতৰ্কৰ সূত্ৰপাত ঘটি আহিছে ৷ ২০১১ ৰ লোকপিয়লৰ ভিত্তিত কিয় কৰা হোৱা নাই তাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে ৷ আনকি উচ্ছতম ন্যায়ালয়ৰো কাষ চাপিছে ড° হীৰেন গোঁহাই, অজিত ভূঞা আদি বিশিষ্ট ব্যক্তিয়ে ৷

লগতে পঢ়ক:AFSPA extended in NE: পৰিসীমা সংকোচনেৰে পূৰ্বোত্তৰৰ চাৰি ৰাজ্যত পুনৰ ছমাহলৈ ম্যাদ বৃদ্ধি AFSPAৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.