ETV Bharat / state

খহনীয়াৰ কৱলত বছৰি হাজাৰ হাজাৰ হেক্টৰ ভূমি - Assam flood

পাঁচটা বছৰত খহনীয়াৰ ফলত ভূমিহীন হৈছে ৮৬,৫৩৬ গৰাকী লোক । ছয় বছৰত অসমত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহত খহনীয়াৰ ফলত জাহ গৈছে ৪.২৭ হেক্টৰ ভূমি । প্ৰতি বছৰেই গৰাখহনীয়াত জাহ যায় প্ৰায় ৮ হাজাৰ হেক্টৰ ভূমি ।

erosion
খহনীয়াৰ কৱলত বছৰি হাজাৰ হাজাৰ হেক্টৰ ভূমি
author img

By

Published : Jun 15, 2021, 8:10 PM IST

গুৱাহাটী, ১৫ জুন : ক'ভিড (Covid 19)ৰ ভয়াৱহতাৰ মাজতে বান-খহনীয়াৰ দুৰ্যোগৰে মোকাবিলা কৰিবলৈ পুনৰ সাজু হৈছে ৰাজ্যবাসী । বছৰৰ পিছত বছৰ ধৰি অসমৰ ৰাইজে দীৰ্ঘদিনীয়া এই সমস্যাৰে যুঁজ দি আহিছে । প্ৰত্যেক বছৰেই খহনীয়াত ৰাজ্যৰ হাজাৰ হাজাৰ হেক্টৰ ভূমি নৈৰ বুকুত জাহ যায় । চৰকাৰী তথ্য মতে বিগত ৬ বছৰত অসমত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহত খহনীয়াৰ ফলত জাহ গৈছে ৪.২৭ হেক্টৰ ভূমি । প্ৰতি বছৰেই গৰাখহনীয়া (Erosion)ত জাহ যায় প্ৰায় ৮ হাজাৰ হেক্টৰ ভূমি ।

erosion
খহনীয়াৰ কৱলত বছৰি হাজাৰ হাজাৰ হেক্টৰ ভূমি

সবাতকৈ বেছি ভয়ংকৰভাৱে খহনীয়াৰ সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰই । উল্লেখ্য যে, বিগত এটা দশকত ব্ৰহ্মপুত্ৰই খহনীয়াৰ সৃষ্টি কৰি কোনো কোনো অঞ্চলত নৈখনৰ প্ৰসাৰতা ১৫ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি কৰিছে । খহনীয়াই বছৰ বছৰ ধৰি ৰাজ্যৰ হাজাৰ হাজাৰ লোকক সৰ্বহাৰা কৰি আহিছে ।

চৰকাৰী তথ্য মতে বিগত পাঁচটা বছৰত খহনীয়াৰ ফলত ৮৬,৫৩৬ গৰাকী লোক ভূমিহীন হৈছে । ইয়াৰে সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা জিলা হৈছে বৰপেটা । জিলাখনত বিগত পাঁচ বছৰত খহনীয়াত জাহ গৈছে ১,২০,৪৯৩ বিঘা ভূমি । ইয়াৰ বিপৰীতে ডিব্রুগড় জিলাত জাহ যোৱা ভূমিৰ পৰিমাণ হ’ল ৫৬.১৮৬ বিঘা ৪ কঠা ১৯ লেচা । একেদৰে কামৰূপ জিলাত খহনীয়াত জাহ গৈছে ৯২,৭৩৪ বিঘা ৫ কঠা ৪৩ লেচা ভূমি ।

লক্ষণীয় বিষয় যে, খহনীয়া প্রতিৰোধৰ বাবে কেন্দ্রীয় চৰকাৰে কেইবাখনো আঁচনিৰ জৰিয়তে ধন আৱণ্টন দিয়াৰ লগতে ৰাজ্য চৰকাৰেও বিগত পাঁচটা বছৰত ব্যয় কৰিছে শ শ কোটি টকা । কিন্তু বাস্তৱত ইয়াৰ কোনো সুফল পৰিলক্ষিত হোৱা নাই । প্রত্যেক বছৰ বাৰিষাত বানে প্ৰলয়ৰ সৃষ্টি কৰাৰ লগতে খহনীয়াই সৰ্বহাৰা কৰে হাজাৰ হাজাৰ লোকক ।

অসম দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণ (ASDMA)ৰ তথ্য অনুসৰি বিগত পাঁচ বছৰত ফ্লাড মেনেজমেণ্ট প্র’গ্রেম (FMP) শিতানত খহনীয়া প্রতিৰোধৰ বাবে মোকলাই দিয়া হৈছিল ২,৩৮২ কোটি টকা । ১৪১ টা আঁচনিৰ বিপৰীতে মোকলাই দিয়া এই ধনৰাশিৰ লগতে ৰাজ্য চৰকাৰে খহনীয়া প্রতিৰোধৰ বাবদ ব্যয় কৰিছে ১,২০১.৩৬ কোটি টকা । কিন্তু এনে আঁচনিৰ পাছতো বছৰৰ আৰম্ভণি আৰু শেষ ভাগত চপৰাচপৰে খহে ৰাজ্যৰ নৈকাষৰীয়া অঞ্চল আৰু মথাউৰিসমূহ।

গৰাখহনীয়া এতিয়া বৰপেটা জিলা, কামৰূপ জিলা, শোণিতপুৰ জিলা, মাজুলী, ডিব্রুগড় আদিকে ধৰি কেইবাখনো জিলাত সুলভ হৈ পৰিছে ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত নতুন চৰকাৰখনে দিছপুৰত দায়িত্বভাৰ গ্রহণৰ পাছতে খহনীয়া প্রতিৰোধৰ বাবে তৎপৰতাৰে নামি পৰিছে যদিও আহি পৰা বাৰিষাৰ ফলত এই খহনীয়া প্রতিৰোধ এতিয়া সম্ভৱ হৈ উঠা নাই । এনেস্থলত বৰপেটা, দক্ষিণ কামৰূপ, ডিব্রুগড়, মাজুলী আৰু শোণিতপুৰ জিলাত প্রায় প্রতিদিনে জাহ গৈছে কেইবাশ হেক্টৰ কৃষিভূমি।

শেহতীয়াকৈ বৰপেটাৰ বিভিন্ন অঞ্চলত খহনীয়াৰ কৱলত পৰিছে ৩০ বিঘা কৃষিভূমি । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াৰ ফলত সৰ্বহাৰা হৈছে বহু লোক । খহনীয়া প্রতিৰোধৰ বাবে ইতিমধ্যে জলসম্পদ মন্ত্রী পীয়ুষ হাজৰিকা (Piyush Hazarika)ই বিভিন্ন জিলা ভ্রমণ কৰি প্রতিৰোধী আঁচনিসমূহ কার্যকৰী কৰাত তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে । কিন্তু বাৰিষা নামি অহাৰ ফলত এনে প্রতিৰোধ আঁচনিসমূহ কিমানদূৰ ফলপ্ৰসূ হ'ব সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক:বিজ্ঞানসন্মতভাৱে পৰিস্কাৰ কৰা হ’ব মহানগৰীৰ নলা : অশোক সিংঘাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.