গুৱাহাটী, 9 ডিচেম্বৰ: সোমবাৰে গুৱাহাটীৰ হোটেল পেলেছিঅ'ত শুভাৰম্ভণি হ'ল 2019-20 বৰ্ষৰ দৈজিং মহোৎসৱৰ । পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই শুভাৰম্ভণি কৰে 2019 বৰ্ষৰ এই মহোৎসৱৰ। চলিত বৰ্ষৰ ২৭ ডিচেম্বৰৰ পৰা চিৰাং জিলাৰ আই নদীৰ পাৰত উদযাপন কৰা হ'ব দৈজিং উৎসৱ ৷ এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দন ব্ৰহ্ম,অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক ৷ অনুষ্ঠানৰ শেষত সংবাদ মাধ্যমৰ আগত CAB সম্পৰ্কে মন্তব্য কৰে চন্দন ব্ৰহ্মই।
উল্লেখ্য যে, অনুষ্ঠানৰ শেষত সাংবাদিকৰ আগত প্ৰতিবাদৰ নামত দুষ্কাৰ্য নকৰিবলৈ আহ্বাব জনায় জয়ন্ত মল্ল বৰুৱাই ৷ কেবৰ প্ৰতিবাদৰ বাবে সংবাদ মাধ্যমক জগৰীয়া বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে। ইয়াৰোপৰি হৰেকৃষ্ণ ডেকাকো আওপকীয়াকৈ আক্ৰমণ কৰে জয়ন্ত মল্ল বৰুৱাই।
লগতে চাওকঃৰাজ্যৰ প্ৰান্তে-প্ৰান্তে ফাঁচিকাঠত ওলমিছে মন্ত্ৰী-বিধায়কৰ প্ৰতিমূৰ্তি