গুৱাহাটী , ৮ ছেপ্তেম্বৰ : ক'ভিড পৰিস্থিতিৰ বাবে এইবাৰ শাৰদীয় দুৰ্গোৎসৱ অনুষ্ঠিত হ'ব নে নাই তাক লৈ সকলোৰে মাজত এক উৎকণ্ঠা আছিল ৷ কাৰণ, দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা মাহ বাকী ৷ অৱশেষত বুধবাৰে সকলোৰে উৎকণ্ঠাৰ অৱসান ঘটাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পূজা অনুষ্ঠিত কৰাক লৈ এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ঘোষণা কৰি কয় যে, ক’ভিড প্ৰট'কল মানি এইবাৰ শাৰদীয় দুৰ্গা পূজা উদযাপন কৰা হ’ব ।
উল্লেখ্য যে, ১১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ অনুষ্ঠিত হ'ব শাৰদীয় দুৰ্গোৎসৱ ৷ বিগত বৰ্ষটো ক'ভিড পৰিস্থিতিৰ বাবে বহু নীতি-নিৰ্দেশনাৰ মাজেৰে অতি সাধাৰণভাৱে অনুষ্ঠিত হৈছিল দুৰ্গা পূজা, নাছিল কোনো জাক-জমকতা তথা ব্যয়বহুল আয়োজন ৷ সকলোৱে নিয়ম ৰক্ষা কৰি অনুষ্ঠিত কৰিছিল দুৰ্গা পূজা ৷
অৱশ্যে, এইবাৰো ক'ভিড প্ৰটক'ল মানি চলিয়েই শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, "এয়া নিশ্চিত যে দুৰ্গা পূজা অনুষ্ঠিত হ’ব, কিন্তু মানি চলিব লাগিব ক’ভিড প্ৰট’কল ৷ অতি সাৱধানতাৰে পাতিব লাগিব দুৰ্গা পূজা ৷ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানিলে সকলো সুৰক্ষিত থাকিব ৷ ভেকচিন লওক আৰু পূজা উদযাপন কৰক "৷
উল্লেখ্য যে দুৰ্গা পূজা সন্দৰ্ভত সৰ্বসাধাৰণ লোকৰ লগতে বিশেষভাৱে পূজাৰ আয়োজক সমিতি আৰু মৃৎ শিল্পী আদি সকলোৱে চিন্তিত হৈ আছিল ৷ তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাই সকলোকে কিছু সকাহ দিয়া পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : দুৰ্গা পূজা 2021: কি বাৰ্তা আনিছে দেৱীৰ আগমন আৰু প্ৰস্থানে ?