ETV Bharat / state

ৰাজ্যজুৰি দুর্গতিনাশিনীক আদৰাৰ ব্যাপক প্ৰস্তুতি

author img

By

Published : Oct 4, 2019, 5:42 PM IST

সমগ্ৰ দেশৰ লগতে ৰাজ্যত দুৰ্গোৎসৱৰ উছাহ ৷ আৰ্কষণীয় আৰু ব্যতিক্ৰমীভাৱে পূজা মণ্ডপ সমূহ সজাই তোলাৰ লক্ষ্য আয়োজক সমিতিৰ ৷ শান্তি-সম্প্ৰীতি বজাই ৰাখিবৰ বাবে প্ৰশাসনৰ বিশেষ তৎপৰতা ৷

দেশতে আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ

নিউজ ডেক্স , 4 অক্টোবৰঃ সমগ্ৰ দেশতে আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ ৷ ৰাজ্যৰ প্ৰত্যেকটো প্ৰান্তত এতিয়া উখল মাখল পৰিবেশ ৷ ব্যতিক্ৰমীভাৱে আৰু নতুন ধাৰণাৰে পূজা মণ্ডপক সজাই তোলাৰ চেষ্টা প্ৰত্যেকখন পূজাৰ আয়োজক সমিতিৰ ৷ গছেৰে পৰিপূৰ্ণ এখন ব্যতিক্ৰমী দূর্গাপূজাৰ মণ্ডপেৰে পৰিবেশ সংৰক্ষণৰ প্ৰতি সচেতনতা অনাৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে গোৱালপাৰা চহৰৰ চক বাজাৰ পূজা সমিতিয়ে ৷ প্ৰত্যেকজন ভক্তপ্ৰাণ ৰাইজক একোটাকৈ গছৰ পুলিৰে সম্ভাষণ জনোৱাৰো প্ৰশংসনীয় পদক্ষেপ পূজা সমিতিখনৰ ৷

durga puja preperation in assam
দেশতে আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ

ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱা, ডাঃ দূৰ্গা ফুকনৰ দৰে ব্যক্তিৰ সান্নিধ্যত গঢ় লৈ উঠা টীয়কৰ ঐতিহাসিক হাতখোলা সহায়ী মন্দিৰত হিন্দু ধৰ্মোৎসৱ সংঘৰ উদ্যোগত শক্তি নাশিনী দেবী দূৰ্গাৰ পূজাৰ ব্যাপক আয়োজন পূজা সমিতিৰ ৷ জাক জমকতাৰ পৰা আঁতৰি সম্পূৰ্ণ আধ্যাত্মিকতাৰে পূজাৰ আয়োজনেই হিন্দু ধৰ্মোৎসৱ সংঘৰ পূজাৰ বিশেষত্ব ৷

মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, বিশিষ্ট ঔপন্যাসিক, লেখক, শিক্ষাবিদ ৰিতা চৌধুৰী, নলবাৰী জিলা পৰিষদৰ সদস্যা ৰিতামনি ডেকাৰ উপস্থিতিত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, আদি কাৰ্যসূচীৰে ষষ্ঠীৰ দিনা পুৱা পূজাৰ কাৰ্যসূচী আৰম্ভ কৰিলে নলবাৰী জিলাৰ ককয়া বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ আয়োজক সমিতিয়ে ।

durga puja preperation in assam
দেশতে আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ

আনহাতে বিলাসীপাৰাৰ আনন্দ নগৰ - বাঙালীপাৰা গাঁও পঞ্চায়তৰ অধীনস্থ ভোটেৰকান্দা গাঁৱৰ গাঁও পঞ্চায়তৰ সভাপতি জামাল হকে হিন্দু ধৰ্মৰ দৰিদ্ৰ লোকৰ মাজত শাৰী, ধূতি, চোলা, পেন্ট আদি সামগ্ৰী বিতৰণ কৰি পৰিচয় দিয়ে মহানুভৱতাৰ ৷

আনহাতে ডিব্ৰুগড়ৰ মাৰোৱাৰী পট্টী পূজা সমিতিয়ে তেওঁলোকৰ ৭৫ বছৰীয়া তথা হীৰকজয়ন্তী পূজা উপলক্ষে সু-বিশাল মণ্ডপেৰে অতি জাক জমকতাৰে আয়োজন কৰা "সপোন পুৰী" চাবলৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা দলীয় নেতা সকলৰ সৈতে মাজ নিশা উপস্থিত হ'ল পূজা মণ্ডপত ৷

৬২ বছৰত ভৰি দিয়া ডিব্ৰুগড় জালুকপাৰা দূৰ্গা পূজা সমিতিৰ উদ্যোগত সুবিশাল পাহাৰৰ ওপৰত নিৰ্মাণ কৰা দেৱভুমি কেদাৰনাথ,বদ্ৰীনাথ,গংগোত্ৰী আৰু যমুনোত্ৰী এই চাৰিটা ধামৰ আৰ্হিত আয়োজিত পূজা ভাগত উপস্থিত হৈ দেৱী দূৰ্গাৰ ওচৰত সকলোৱে বাবে মংগল প্ৰাৰ্থনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

durga puja preperation in assam
দেশতে আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ

1863 চনত জানকী নাথ মুখাৰ্জীয়ে আৰম্ভ কৰা তেজপুৰৰ মুখাৰ্জী বাৰীৰ দুৰ্গা পূজাত 1920 চনৰ পৰাই বন্ধ হৈ আহিছে জীৱ জন্তুৰ বলি-বিধান ৷ এই পূজাৰ আন এটা বিশেষত্ব হ'ল, পূজাৰ দেৱী অনা হয় দোলাৰ দৰে কান্ধত তুলি আৰু দেৱী বিসৰ্জনৰ বাবেও এইদৰেই নিয়া হয় ।

সৰ্বমুঠ ৪৯২খন পূজাৰ আয়োজন কৰা গুৱাহাটী মহানগৰীত পূজাৰ সময়ত যাতে কোনো অপ্ৰিতীকৰ পৰিস্থিতিৰ উদ্ভৱ নহয়, তাৰ বাবে সম্পূৰ্ণ হৈ পৰিছে প্ৰশাসন ৷ প্ৰশাসন সম্পূৰ্ণ সাজু যদিও পৰিস্থিতি সুস্থিৰ কৰি ৰাখিবলৈ পূজা সমিতি আৰু ৰাইজক আহ্বান জনায় আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷

ৰাজ্যত দুৰ্গোৎসৱৰ উছাহ

Anchor+V. O :- গছেৰে পৰিপূৰ্ণ এখন ব্যতিক্ৰমী দূর্গাপূজাৰ মণ্ডপ।এই প্ৰাকৃতিক মণ্ডৱটো দেখিবলৈ পোৱা গৈছে গোৱালপাৰা চহৰৰ চক বাজাৰ পূজা মণ্ডপত।বিশ্ব ত গোলকীয় উত্তাপ প্ৰসমন আৰু অস্বাভাৱিক জলবায়ু পৰিৱৰ্তন ৰোধৰ প্ৰতি সাধাৰণ জনতাক সচেতন কৰোৱাৰ লক্ষ্যৰে পূজা সমিতিয়ে এই মণ্ডৱটো সাজি উলিয়াইছে।পূজাৰ প্ৰাকখনত সমিতিয়ে প্ৰতিটো ভক্তপ্ৰাণ পৰিয়াললৈ আগবঢ়াব একোটাকৈ গছপুলি।পূজা সমিতিয়ে ভক্তপ্ৰাণ ৰাইজৰ ঘৰৰ ঠিকনা দিবলৈ গেটত এখন কমেণ্ট বক্স ওলমি ৰাখিব ।সেই বাকচত প্ৰতিজন ভক্ত প্ৰাণ লোকে নিজৰ নিজৰ ঘৰৰ ঠিকনা দিবা লাগিব।সেই অনুপাতে পূজা সমিতিয়ে প্ৰতিগৰাকী পৰিয়াল লৈ পূজাৰ পিছতএকোটাকৈ গছপুলি ঘৰলৈ গৈ যোগান ধৰিব পূজা সমিতিয়ে।এই প্ৰাকৃতিক পূজা মণ্ডপৰ সন্দৰ্ভত গোৱালপাৰাৰ সাংবাদিক জাহিদুল ইছলামৰ এক প্ৰতিবেদন।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.