ETV Bharat / state

জেমছ কেমেৰুণৰ দেশী "অৱতাৰ" চাবলৈ আহক গুৱাহাটীলৈ

author img

By

Published : Sep 21, 2019, 11:51 PM IST

2009 চনত বিখ্যাত চিত্ৰ নিৰ্মাতা জেমছ কেমেৰুণে নিৰ্মাণ কৰিছিল অৱতাৰ কথাছবিখন ৷ সেইখন কথাছবিকে দেশীয় ৰূপত উপস্থাপন কৰিবলৈ যোজা চলিছে মহানগৰীত ৷ ৰাজ্যৰ বিশিষ্ট মৃৎশিল্পী নুৰুদ্দিন আহমেদৰ প্ৰচেষ্টাত চলি আছে দেশীয় "অৱতাৰ" ছবিৰ নিৰ্মাণকাৰ্য ৷

মহানগৰীত দূৰ্গাপূজাৰ প্ৰস্তুতি তুংগত

গুৱাহাটী, 21 চেপ্তেম্বৰঃ শৰতৰ আগমনে ধৰাৰ বুকুলৈ লৈ আনিছে নতুনৰ সমাহাৰ ৷ শৰতৰ আগমনে শাৰদীয় উৎসৱৰ বতৰা লৈ প্ৰতিজনৰে মন চুই গৈছে ৷ এনে সময়তে গুৱাহাটীত চেষ্টা চলোৱা হৈছে হলিউদৰ প্ৰখ্যাত কথাছবি নিৰ্মাতা জেমছ কেমেৰুণ নিৰ্দেশিত "অৱতাৰ" ছবিক দেশীয় ৰূপত উপস্থাপনৰ ৷ ৰাজ্যৰ বিশিষ্ট মৃৎশিল্পী নুৰুদ্দিন আহমেদৰ নেতৃত্বত প্ৰায় এমাহ ধৰি 40 জনীয়া এটি দলে দিনে-নিশাই ইয়াৰ বাবে কাম কৰি আছে ৷

আচলতে এয়া শাৰদীয় দূৰ্গাপূজাক আদৰণিৰ এক প্ৰচেষ্টাহে ৷ মহানগৰীৰ বিষ্ণুপুৰ বিমলা নগৰৰ চানফ্লাৱাৰ ক্লাৱৰ উদ্যোগত নিৰ্মাণ কৰি থকা হৈছে "অৱতাৰ" ছবিৰ দেশীয় ৰূপ ৷ দূৰ্গাপূজা মণ্ডপক অৱতাৰ কথাছবিৰ ৰূপত উপস্থাপন কৰিবলৈ এইদৰে দিনে নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছে এদল কৰ্মোদ্যম ব্যক্তিয়ে ৷

জেমচ কেমেৰুণৰ দেশী "অৱতাৰ" চাবলৈ পাব গুৱাহাটীত

1975চনৰ পৰাই দূৰ্গা পূজা মণ্ডপ নিৰ্মাণৰ সৈতে জড়িত থকা শিল্পী নুৰুদ্দিন আহমেদৰ চিন্তা-ধাৰাক প্ৰকৃত ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা চলাইছে চানফ্লাৱাৰ ক্লাৱে ৷ প্ৰায় 25 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই পূজাস্থলী সম্পূৰ্ণৰূপে পৰিৱেশ অনুকূল বুলি জানিবলৈ দিয়ে উদ্যোক্তাই ৷ বাঁহ আৰু অন্যান্য জৈৱিক সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰি থকা হৈছে "অৱতাৰ" ছবিৰ দেশীয় ৰূপ ৷

Intro:বিষ্ণুপুৰত অৱতাৰ। এক কাল্পনিক জগতৰ নিৰ্মাণ কাৰ্য চলিছে মহানগৰীৰ বিষ্ণুপুৰত। শিল্পী নুৰুদ্দিন আহমেদৰ এক ব্যতিক্ৰম প্ৰচেষ্টাত পূৰ্ণগতিত চলিছে কাল্পনিক জগতখনৰ নিৰ্মাণ কাৰ্য।

Body:হলিউডৰ বিখ্যাত ছবি নিৰ্মাতা জেমছ কেমৰুণৰ ২০০৯ চনৰ অৱতাৰ ছবিখনৰ আৰ্হিত এইবাৰ মহানগৰীত নিৰ্মাণ কাৰ্য চলিছে এখন দুৰ্গা পূজা মাণ্ডপৰ। জেমছ কেমৰুণৰ অৱতাৰ ছবিখনৰ দহ বছৰ সম্পূৰ্ণ হৈছে যদিও এতিয়াও অব্যহত আছে ছবিখনৰ জনপ্ৰিয়তা। ছবি খনৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি দহ বছৰ পিছত পুনৰ নিৰ্মাণ কৰা হৈছে অৱতাৰৰ। শিল্পী নুৰুদ্দিন আহমেদৰ তত্বাবধনত প্ৰায় ৪০ গৰাকী লোক এমাহ ধৰি দিনে নিশাই ব্যস্ত হৈ আছে অৱতাৰ ছবি খনৰ আৰ্হিত বিষ্ণুপুৰত দুৰ্গা পূজা মাণ্ডপ নিৰ্মাণত। পৰিবেশ সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি মাহনাগৰীৰ বিষ্ণুপুৰৰ বিমলা নগৰৰ চানফ্লাৱাৰ ক্লাৱে এইবাৰ নিৰ্মাণ কৰিছে অৱতাৰ ছবি খনৰ আৰ্হিত দুৰ্গা পূজা মাণ্ডপ। সম্পূৰ্ণ বাঁহ আৰু পেৰিছেৰে নিৰ্মাণ কৰা হৈছে পূজা মাণ্ডপ খন। ৰাইজক পৰিবেশ সংৰক্ষণৰ বাবে আহ্বান জনোৱাৰ লগতে শিশু সকলক আকর্ষণ কৰাটো পূজা সমিতি খনৰ অন্যতম লক্ষ্য। পূজা মাণ্ডপ খনত ৰাইজে দেখিবলৈ পাব অৱতাৰ ছবি খনৰ অদ্ভুত জীৱ-জন্ত।

বাইট : নুৰুদ্দিন আহমেদ, শিল্পী

১৯৭৫ চনৰে পৰা দুৰ্গা পূজাৰ মাণ্ডপ নিৰ্মাণৰ লগত জড়িত শিল্পী নুৰুদ্দিন আহমেদৰ চিন্তা ধাৰাক প্ৰকৃত ৰূপত উত্থাপন কৰিবলৈ বিষ্ণুপুৰৰ বিমলা নগৰৰ চানফ্লাৱাৰ ক্লাৱে পূজাৰ মাণ্ডপটো নিৰ্মাণৰ বাবে ২৫ লাখ টকা ব্যয় কৰিব। পূজা মাণ্ডপ খনলৈ আহি ৰাইজে যাতে কিছু সময়ৰ বাবে এক কাল্পনিক জগতলৈ যাব পাৰে ইয়াৰ বাবে প্ৰতিটো সম্ভাব্য চেষ্টা চলাইছে সমিতি খনে।

বাইট : পূজা সমিতিৰ সদস্য

Conclusion:সম্পূৰ্ণ ইকো ফ্রেণ্ডলি এই পূজা মাণ্ডপ নিৰ্মাণ কাৰ্যৰ লগত জড়িত শিল্পী নুৰুদ্দিন আহমেদ ইয়াৰ পূৰ্বেও ১০১ ফুট ওখ বাঁহৰ দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি সমগ্ৰ দেশতে চৰ্চিত হৈ পৰিছিল।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.