গুৱাহাটী, 23 অক্টোবৰ: কৰ'ণা আতংকৰ মাজতেই ৰাজ্যত আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা ৷ চৰকাৰী নীতি নিয়মৰ মাজেৰে কৰা দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ সমান্তৰালকৈ গুৱাহাটীৰ পাণ্ডু-মালিগাঁৱতো শুকুৰবাৰৰ পুৱাৰে পৰা চলিছে পূজা-অৰ্চনা ৷ কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবেই অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে এইবাৰৰ পূজা ৷ মালিগাঁও-পাণ্ডু আনন্দ নগৰ পূজা কমিটিয়ে এইবাৰৰ পূজা আনবাৰৰ দৰে উদযাপন কৰা নাই যদিও আধ্যাত্মিক পৰিৱেশ পূৰ্বৰ দৰেই বৰ্তি আছে ৷ কেৱল লাখটকীয়া পূজা মণ্ডপৰ পৰিৱৰ্তে কম বাজেট সাপেক্ষে নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ ৷
উল্লেখনীয় যে, পেণ্ডেলৰ ভিতৰে-বাহিৰে সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি মণ্ডপ চৌহদত আঁৰি দিয়া হৈছে সতৰ্কতা মূলক জাননী ফলক ৷ যাৰ বাবে মহা সপ্তমীৰ দিনটোত বিভিন্ন প্ৰান্তৰ পৰা অহা অগনন ভক্তই ক'ভিড প্ৰটকল মানি আশীস ল’লে মা দুৰ্গাৰ ৷ একেদৰে পাণ্ডু 4 নং কলনী, ৰেষ্টকেম্প কালীবাৰী, নিউ কলনী, কলেজ গেট, বৰ বজাৰ, কামাখ্যা কলনী আদি স্থানতো চৰকাৰী বিধি অনুসৰি পূজাৰ ৰীতি-নীতি পালন কৰা হৈছে ৷