ETV Bharat / state

Durga Puja 2023: শুকুৰবাৰে মহাষষ্ঠী, সোণালী জয়ন্তী বৰ্ষত ভৰি দিব ৰাজগড়ৰ দুৰ্গা পূজাই

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 8:37 PM IST

দেৱী দুৰ্গাক আদৰিবলৈ সাজু ৰাজ্যবাসী । মাজত মাথোঁ কেইটামান ক্ষণ বাকী । কাইলৈ ষষ্ঠীত বেলবৰণেৰে বেদীত প্ৰতিষ্ঠা কৰা হ’ব দেৱী দুৰ্গাক ।

Durga Puja 2023
সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে ৰাজগড়ৰ দুৰ্গা পূজাই

গুৱাহাটী,19 অক্টোবৰ : কাইলৈ মহাষষ্ঠী । ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে পূজাৰ ব্যাপক প্ৰস্তুতি । মা দুৰ্গাক আদৰিবলৈ সাজু ৰাজ্যবাসী । ষষ্ঠীত বেলবৰণেৰে বেদীত প্ৰতিষ্ঠা কৰা হ’ব দেৱী দুৰ্গাক । বেলবৰণেৰে আৰম্ভ হ'ব দুৰ্গা পূজা । সাজু হৈ উঠিছে ৰাজ্যৰ পূজা মণ্ডপসমূহো । মহানগৰীত সাজু হৈছে ভিন্ন আৰ্হিৰ পূজা মণ্ডপসমূহ । কোনোবাখনত যদি থলুৱা কাৰিকৰ, কোনোবাখনত আকৌ বহিঃৰাজ্যৰ কাৰিকৰে সাজিছে পূজা মণ্ডপ । মুঠৰ ওপৰত পূজা সমিতিসমূহৰ মাজত যেন চলিছে এখন অঘোষিত প্ৰতিযোগিতা ।

মহানগৰীৰ অন্য পূজা কমিটিৰ লগতে সাজু হৈছে ৰাজগড় দুৰ্গোৎসৱ সমিতিও । ৰাজগড়ৰ দুৰ্গা পূজাই এইবাৰ ভৰি দিলে সোণালী জয়ন্তী বৰ্ষত । অসমীয়া পৰম্পৰাগত সাজ-সজ্জাৰে এইবাৰৰ ৰাজগড়ৰ মা দুৰ্গা, সৰস্বতী, লক্ষ্মী, গণেশ আৰু কাৰ্তিকৰ প্ৰতিমা সজ্জিত কৰা হৈছে ৰাজগড় পূজা মণ্ডপত । আনহাতে নৱমীৰ দিনা ৰাজগড়ত অনুষ্ঠিত হ'ব কুমাৰী পূজাৰ ।

ৰাজগড়ৰ দুৰ্গোৎসৱ সমিতিৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে অনুষ্ঠিত কৰা হৈছে সাংস্কৃতিক সন্ধিয়াও । ষষ্ঠীপূজাৰ দিনা মহিলাৰ নাগাৰা নাম, সপ্তমী পূজাৰ দিনাও নাগাৰা নাম, অষ্টমী দিনা অংকীয়া ভাওনা আৰু নৱমী পূজাৰ দিনা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিছে আয়োজক কমিটিয়ে ।

আনহাতে ৰাজগড় দুৰ্গা মন্দিৰতো মা শৈলপুত্ৰী পূজাৰে নৱৰাত্ৰিপূজা আৰম্ভ কৰা হৈছে । নৱৰাত্ৰিৰ দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিনী, তৃতীয় দিনা মা চন্দ্ৰঘণ্টা, চতুৰ্থ দিনা মা কুষ্মাণ্ডা, পঞ্চম দিনা স্কন্দমাতা, ষষ্ঠ দিনা মা কাত্যায়নী, সপ্তম দিনা মা কালৰাত্রী, অষ্টম দিনা মহাগৌৰী, আৰু নৱম দিনা সিদ্ধিদাত্ৰীৰ পূজা কৰা হ’ব । আজি মা স্কন্দমাতা পূজা কৰা হৈছে । লগতে নৱমীৰ দিনা অনুষ্ঠিত হ'বলগীয়া কুমাৰী পূজাত ৯ গৰাকী কুমাৰীক পুজা কৰা হ'ব ।

লগতে পঢ়ক:Assam School Dropout : অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ হাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.