ETV Bharat / state

গুৱাহাটীৰ পূজা : ক’ভিডে ম্লান পেলালে পূজাৰ মাদকতা

এইবাৰৰ আহিন মাহটো মল্ল মাহ অৰ্থাৎ একেটা মাহতে দুটা অমাৱস্যা হোৱাৰ বাবে এটা অমাৱস্যাৰ পৰা পাছৰ অমাৱস্যালৈ পিছুৱাই দিয়া হ’ল মহালয়া । আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ নহৈ এইবাৰ সেয়ে কাতিৰ মাহত এইবাৰ দোলাত নামি আহিল দুৰ্গা দেৱী । দেৱী গমন কৰিব হস্তীত । হস্তীত দুৰ্গা দেৱী গমনৰ অৰ্থ শস্য উৎপাদন বৃদ্ধি।

author img

By

Published : Oct 22, 2020, 10:04 PM IST

durga poojas celebrate at guwahati
durga poojas celebrate at guwahati

গুৱাহাটী ২২ অক্টোবৰ : পৱিত্ৰতা, সৌন্দৰ্য আৰু আশাৰ প্ৰতীক শৰৎ। পদূলিৰ মুখৰ শেৱালিজোপাৰ সুবাসে মনত ৰহন সানে। কুঁৱলীৰ চেঁচা বতাহ লাগি মন-প্ৰাণ দ্বীপ্ত হৈ পৰে । আৰু সেই শুকুলা মেঘৰ বোকোচাত উঠি নামি আহে শৰৎ । চৌদিশে সৌন্দৰ্যৰ জেউতি বিলাই বুকুত প্ৰেমৰ সেউজীয়া সানি নামি আহে শৰৎ । প্ৰকৃতিৰ অপৰূপ এই ভৰযৌৱনা শৰৎ ঋতুতে ধৰালৈ নামি আহে শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱী ।

এইবাৰৰ আহিন মাহটো মল্ল মাহ অৰ্থাৎ একেটা মাহতে দুটা অমাৱস্যা হোৱাৰ বাবে এটা অমাৱস্যাৰ পৰা পাছৰ অমাৱস্যালৈ পিছুৱাই দিয়া হ’ল মহালয়া । আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ নহৈ এইবাৰ সেয়ে কাতিৰ মাহত এইবাৰ দোলাত নামি আহিল দুৰ্গা দেৱী । দেৱী গমন কৰিব হস্তীত । হস্তীত দুৰ্গা দেৱী গমনৰ অৰ্থ শস্য উৎপাদন বৃদ্ধি।

কৰ’ণাতংকৰ মাজতে আহিল শাৰদীয় দুৰ্গা পূজা । আজি বিল্ববোধনেৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা হ’ল দেৱী । কিন্তু পূৰ্বৰ পূজাৰ সেই উন্মাদনা এইবাৰ কাঢ়ি নিলে কৰ’ণাই । বজাৰত নাই ভিৰ। আনবাৰৰ দৰে এইবাৰ পূজা মণ্ডপত দেখা পোৱা নগ’ল ৰঙ বিৰঙৰ পোহৰৰ যাদু । বেলুন-পেঁপা আদিৰ মাত যেন ক’ৰবাত লুকাল । মণ্ডপৰ আশে-পাশে কেৱল শূন্যতা আৰু শূন্যতা ।

বিল্ববোধনেৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা মহিষ মৰ্দিনীক

দূৰৈৰ পৰা ভাহি নাহিল কোনো পূজাৰীৰ মন্ত্ৰোচাৰণ ‘‘য়া দেবী সর্বভূতেষু শক্তি ৰূপেনঃ সংস্থিতা, নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ’’ অথবা ধাকৰ শব্দ ৷ বিগত বৰ্ষসমূহত ২৫ লাখ টকা পৰ্যন্ত বাজেটেৰে উদযাপন কৰা ৪১ বৰ্ষ গৰকা লতাশিল খেলপথাৰৰ গুৱাহাটী দুৰ্গা পূজাত নাই দেৱীৰ প্ৰতিমা । নিস্তব্ধ, নিৰৱ লতাশিল । তদ্ৰূপ নিমাওমাও পৰিৱেশ গণেশগুৰিৰ বাৰোৱাৰী পূজা মণ্ডপ, গীতানগৰ খেলপথাৰ, প্ৰত্যেক বছৰে বিশালকায় মূৰ্তিৰ বাবে বিখ্যাত নয়নপুৰ দূৰ্গাপূজাৰ মণ্ডপ ।

বেলতলাৰ লক্ষীমন্দিৰ দেখা পোৱা ন’গল কোনো কলাকাৰে বাস্তৱ ৰূপ দিয়া কোনো জ্বলন্ত বিষয়বস্তু । কৰ’ণাই অনা এই মহা সংকটৰ ফলত দেৱী মাক নিময়-নীতিৰে পূজা-অৰ্চনা কৰিবলৈ আকৌ নিয়ম মানিব লাগিব জীৱন বচাবলৈ । তথাপি সমগ্ৰ দেশতে চলি থকা অৰ্থ সংকটৰ মাজতে নিজৰ মাজতে সহায়-সহযোগিতাৰে অতি অনুষ্টূপীয়াকৈ পালন কৰা হৈছে শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ পূজা-অৰ্চনা ।

লগতে পঢ়ক : স্বাস্থ্যবিধি মানি গোলাঘাটত অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.