গুৱাহাটী,8 জুন: ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডে । দীপৰ বিলৰ লগতে অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছে গুৱাহাটী পৌৰ নিগমৰ ডাম্পিং গ্ৰাউণ্ডে । অঞ্চলটোৰ জৈৱ বৈচিত্ৰৰ প্ৰতি সংকটৰ সৃষ্টি কৰি আহিছে এই ডাম্পিং গ্ৰাউণ্ডে ৷
ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰাৰ বাবে বিভিন্ন সময়ত স্থানীয় ৰাইজ আৰু দল-সংগঠনে প্ৰতিবাদ কৰি আহিছিল । সেয়েহে এতিয়া এই ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰাৰ বাবে আগবাঢ়ি আহিছে জিলা প্ৰশাসন । উল্লেখ্য যে মহানগৰীৰ কেইবা ঠাইতো ডাম্পিং গ্ৰাউণ্ডৰ পৌৰ নিগমে মাটি চাইছে । নাৰেংগীত ইতিমধ্যেই ২০ বিঘা মাটি ডাম্পিং গ্ৰাউণ্ডৰ বাবে আৱণ্টন দিয়া হৈছে । কিন্তু কিছু সমস্যাৰ বাবে উক্ত স্থানটো চূড়ান্ত কৰা হোৱা নাই ।
ইয়াৰোপৰি চন্দ্ৰপুৰ, সোণাপুৰতো ডাম্পিং গ্ৰাউণ্ডৰ বাবে জিলা প্ৰশাসনে মাটি আৱণ্টন দিছে বুলি জনায় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে । ইফালে কেৱল এটা ডাম্পিং গ্ৰাউণ্ডৰ পৰিৱৰ্তে মহানগৰীৰ কেইবাটাও স্থানত সৰু সৰু ডাম্পিং গ্ৰাউণ্ডৰ ব্যৱস্থা কৰিব বুলিও উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে । কিন্তু এই কাৰ্য কেতিয়ালৈ সম্পূৰ্ণ হয়,সেয়া সময়েহে ক'ব ।