ETV Bharat / state

খানাপাৰাত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

বৃহস্পতিবাৰে নিশা খানাপাৰাৰ ফাৰ্ম গেটৰ সন্মুখত উদ্ধাৰ বৃহৎসংখ্যক নিচাযুক্ত WY টেবলেট। অপৰাধ অনুসন্ধান শাখা আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ কৰা এই নিচাযুক্ত টেবলেটসমূহ।

author img

By

Published : Nov 20, 2020, 8:19 AM IST

Drugs recovery and three arrested at guwahati poilice
খানাপাৰাত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

গুৱাহাটী, 20 নৱেম্বৰঃ গুৱাহাটী মহানগৰীত অব্যাহত অবৈধ নিচাযুক্ত সামগ্ৰীৰ চোৰাং বেহা। বৃহস্পতিবাৰে নিশা খানাপাৰাৰ ফাৰ্ম গেটৰ সন্মুখত উদ্ধাৰ বৃহৎসংখ্যক নিচাযুক্ত WY টেবলেট। অপৰাধ অনুসন্ধান শাখা আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ কৰা এই নিচাযুক্ত টেবলেটসমূহ। প্ৰায় ২ কেজি WY টেবলেটৰ লগতে এখন স্কুটী আৰু তিনিজনকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে ।

আৰক্ষীয়ে সৰবৰাহকাৰী কেইটাৰ পৰা AS01 DH 8112 নম্বৰৰ এখন স্কুটীও জব্দ কৰে। ধৃত সৰবৰাহকাৰী কেইজন ক্ৰমে আমিৰ আহমেদ(মণিপুৰ), চালিমুদ্দিন চৌধাৰী(কাছাৰ) আৰু আজিজ হক(মৰিগাঁও)। সম্প্ৰতি ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াইছে মহানগৰ আৰক্ষীয়ে।

লগতে পঢ়কঃ শিৱসাগৰত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.