ETV Bharat / state

মহানগৰীৰ সাতগাঁৱত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন

পাঞ্জাবাৰীৰ বাঘৰবৰী অঞ্চলৰ পৰা আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক । আৰক্ষীয়ে ড্ৰাগছ মাফিয়া ফকিৰ আলীৰ পৰা তিনিটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ (Container), চিৰিঞ্জসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে ।

drugs peddler arrest
মহানগৰীৰ সাতগাঁৱত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
author img

By

Published : Jul 20, 2021, 2:21 PM IST

গুৱাহাটী, ২০ জুলাই : নিষিদ্ধ ড্ৰাগছৰ (Drugs) বিৰুদ্ধে অসম আৰক্ষীৰ (Assam Police) অভিযান অব্যাহত আহিছে । বিভিন্ন স্থানত চলা অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে বহুতো ড্ৰাগছ সৰবৰাহকাৰী (peddler) আৰু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী আৰক্ষীও (Guwahati Police) এই ক্ষেত্ৰত যথেষ্ট সষ্টম হৈ আছে ।

কিন্তু, তাৰ মাজতো আৰক্ষীৰ চকুত ধূলি দি এই নিষিদ্ধ সামগ্ৰীৰ বেহা অব্যাহত ৰাখিছে একাংশই । সেয়ে পুনৰ ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলালে গুৱাহাটীৰ সাতগাঁও থানাৰ আৰক্ষীয়ে । আৰক্ষীয়ে অভিযান চলাই মহানগৰীৰ পাঞ্জাবাৰীৰ বাঘৰবৰী অঞ্চলৰ পৰা আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক । অভিযান কালত আৰক্ষীয়ে লোকজনৰ ঘৰৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

আৰক্ষীৰ জালত পৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে মঙলদৈৰ দলগাঁও অঞ্চলৰ ৩৩ বছৰীয়া ফকিৰ আলী । আৰক্ষীয়ে ড্ৰাগছ মাফিয়া ফকিৰ আলীৰ পৰা তিনিটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ (Container), চিৰিঞ্জসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছৰ পৰিমাণ ৪.৫০ গ্ৰাম ।

উল্লেখ্য যে, বাঘৰবৰী অঞ্চলৰ এঘৰ লোকৰ ঘৰত দীৰ্ঘদিন ধৰি ভাৰাতীয়া হিচাপে থকা ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৱে আৰক্ষীৰ চকুত ধূলি দি মহানগৰীৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল । অৱশেষত সোমবাৰে সাতগাঁও আৰক্ষীৰ জালত পৰে ধৃত ড্ৰাগছ সৰবৰাহকাৰী ফকিৰ আলী । অভিযুক্ত জনৰ বিৰুদ্ধে সাতগাঁও আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি মঙলবাৰে ড্ৰাগছ সৰবৰাহকাৰীটোক আদালতত হাজিৰ কৰে আৰক্ষীয়ে ।

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত জব্দ হৈছে বহুতো নিষিদ্ধ সামগ্ৰী । এই সামগ্ৰীবোৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই জ্বলাই ধ্বংস কৰিছে । অসমৰ ভিন্ন প্ৰান্তত ড্ৰাগছ ধ্বংস কাৰ্যসূচীত (Drugs burning program ) অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ড্ৰাগছমুক্ত অসম গঢ়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

লগতে পঢ়ক :গুৱাহাটীত RSS প্ৰধান মোহন ভাগৱতৰ ৰুদ্ধদ্বাৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.