ETV Bharat / state

Drugs Seized in Guwahati: ড্ৰাগছ বিৰোধী অভিযানত 2.532 কিঃগ্ৰাঃ নিষিদ্ধ হেৰ’ইনৰ লগতে আটক তিনি

author img

By

Published : Jul 7, 2023, 9:19 AM IST

আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ বিশেষ সফলতা ৷ অভিযানত তিনিজন ব্যক্তিক আটক কৰাৰ লগতে মুঠ 2 কেজি 532 গ্ৰাম নিষিদ্ধ হেৰ’ইন আৰু দুখন চাৰিচকীয়া বাহন জব্দ কৰা হৈছে ৷

Drugs Paddler Arrested With Drugs in Guwahati
নিষিদ্ধ হেৰ’ইন জব্দ

গুৱাহাটী, 7 জুন : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ বিশেষ সফলতা ৷ এক বিশেষ সূত্ৰৰ পম খেদি 25 জুনৰ পুৱতি নিশা গুৱাহাটীস্থিত এছটিএফ অসমৰ ডিআইজি পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰীৰ এটা দলৰ পম খেদি কামৰূপৰ হাজোত এক অভিযান চলায় আৰক্ষীয়ে ৷

আৰক্ষীৰ এই অভিযানত এ এছ 01 ডি টি 2876 পঞ্জীয়ন নম্বৰৰ টয়োটা ফৰচুনাৰ গাড়ী এখনৰ পিছ লোৱাত গাড়ীখনে অভিযানকাৰী আৰক্ষীৰ দলটোৰ পৰা পৰিত্ৰাণ পাবলৈ‌ দ্ৰুতগতিত গাড়ীসহ পলায়ন কৰাৰ প্ৰয়াস চলায় ৷ কিন্তু পোৱামক্কালৈ উঠি যোৱা পাহাৰীয়া পথটিত নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন পথৰ দাঁতিৰ পৰা প্ৰায় 100-150 ফুট তললৈ বাগৰি পৰে ৷ অভিযানকাৰী আৰক্ষীৰ‌ দলটোৱে গাড়ীখন উদ্ধাৰ কৰি তালাচী চলাই গাড়ীখনৰ পৰা 100 টা চাবোনৰ বাকচত মুঠ 1 কিলো 280 গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত দুৰ্ঘটনাত পতিত ঠাইডোখৰৰ কাষৰ পাহাৰীয়া জংঘলত আত্মগোপন কৰি থকা মঃ দিলৱাৰ হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

একেদিনাই পুৱা চলোৱা আন এক অভিযানত গুৱাহাটীৰ জালুকবাৰীৰ প্ৰাগজ্যোতিষ নগৰৰ এটা ভাড়াঘৰৰ পৰা মঃ আব্দুল কালাম আৰু মঃ মোছতাকিন নামৰ দুটা মণিপুৰী যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ধৃত যুৱকদ্বয়ৰ পৰা 65 টা পেকেটত ভৰাই ৰখা মুঠ 765 গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা এখন মাৰুতি চুজুকি বাহন জব্দ কৰে ৷ এই সংক্ৰান্তত এনডিপিএছ এক্টৰ 21(চি)/29(1) ধাৰাৰ আধীনত 04/2023 নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

এই গোচৰৰ তদন্তৰ সংক্ৰান্তত পৰৱৰ্তী পৰ্যায়ত 1 জুলাইত চলোৱা এটা অভিযানত ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰি ৰখা ফৰচুনাৰ গাড়ীখনৰ গোপন চেম্বাৰৰ পৰা আন 40 টা চাবোনৰ বাকচত লুকু্ৱাই থোৱা মুঠ 487 গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে 5 জুলাইত গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ এটা ঘৰত চলোৱা আন এক অভিযানত 2,088 টা নিষিদ্ধ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ এই গোচৰৰ তদন্ত অব্যাহত আছে আৰু গোচৰটোত জড়িত আন্তঃৰাজ্যিক ড্ৰাগছ নেটৱৰ্কৰ সদস্যৰ সন্ধান চলাই থকা হৈছে ৷ এই গোচৰটোৰ সন্দৰ্ভত এতিয়ালৈকে মুঠ তিনি সৰবৰাহকাৰীক আটক কৰাৰ লগতে মুঠ 2 কেজি 532 গ্ৰাম নিষিদ্ধ হেৰ’ইন আৰু দুখন চাৰিচকীয়া বাহন জব্দ কৰা হৈছে ৷

লগতে পঢ়ক: Biman Roy arrested: অৱশেষত নলবাৰী থানাত পলাতক OC বিমান ৰয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.