ETV Bharat / state

জালুকবাৰী আৰক্ষীৰ জালত চাৰি কুখ্যাত ড্ৰাগছ ব্যৱসায়ী

author img

By

Published : Aug 25, 2020, 12:36 PM IST

কুখ্যাত ড্ৰাগছ ব্যৱসায়ী কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে এখন চাৰিচকীয়া বাহন, দুটা ড্ৰাগছৰ পেকেট, ৪টা ম’বাইল ফোন আৰু বহুটো আপত্তিজনক নথি-পত্ৰ ৷

drugs paddler arrested in Jalukbari
জালুকবাৰী আৰক্ষীৰ জালত চাৰি কুখ্যাত ড্ৰাগছ ব্যৱসায়ী

গুৱাহাটী, 25 আগষ্টঃ গুৱাহাটীত অব্যাহত আছে যুৱ প্ৰজন্মক কোঙা কৰা ড্ৰাগছৰ বেহা । মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া উপলব্ধ মাৰাত্মক ড্ৰাগছ । সোমবাৰে জালুকবাৰী আৰক্ষীয়ে চলাই ড্ৰাগছৰ বিৰুদ্ধে দিনজোৰা মাৰাথান অভিযান । এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চাৰি কুখ্যাত ড্ৰাগছ ব্যৱসায়ী । জব্দ হ'ল এখন চাৰিচকীয়া বাহন, দুটা ড্ৰাগছৰ পেকেট, ৪ টা মোবাইল ফোন আৰু বহুটো আপত্তিজনক নথি-পত্ৰ।

ধৃত ড্ৰাগছ ব্যৱসায়ীসকল ক্ৰমে মফিজুল, আতিফ আলী, টফিক আলী, পানী ওৰফে শ্বাহৰুক খান । ইয়াৰে এইজন মফিজুল হৈছে কুখ্যাত ড্ৰাগছ মাফিয়া । মহানগৰীৰ বিভিন্ন স্থানত ড্ৰাগছৰ হ’ম ডেলিভাৰী দিয়ে মফিজুল আৰু তেওঁৰ সংগী পানী ওৰফে শ্বাহৰুক । আৰক্ষীৰ ম'ষ্ট ৱান্টেড তালিকাটো নাম আছিল গাড়ীগাঁৱৰ এই দুইজন ড্ৰাগছ ব্যৱসায়ীৰ । পূৰ্বে কেইবাৰো আৰক্ষীৰ জালত পৰিছে যদিও নিষিদ্ধ ড্ৰাগছৰ বেহা এৰিব পৰা নাই । ড্ৰাগছ ব্যৱসায়ৰ জৰিয়তে যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দি এওঁলোকে অগাধ সম্পত্তি গঢ়াৰো অভিযোগ আছে । ইফালে আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযানক শলাগ লৈছে গাড়ীগাঁওবাসী ৰাইজে । অঞ্চলটোৰ পৰিৱেশ বিনষ্টকাৰী এইসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী তুলিলে সকলোৱে ।

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ গৃহ জিলাত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.