ETV Bharat / state

কুৰিয়াৰ যোগে গুৱাহাটীলৈ কোকেইন প্ৰেৰণ: দিল্লীত গ্ৰেপ্তাৰ এজন

author img

By

Published : Aug 28, 2021, 8:13 PM IST

দক্ষিণ দিল্লীৰ এটা অঞ্চলৰ পৰা কুৰিয়াৰ যোগে গুৱাহাটীলৈ কোকেইন প্ৰেৰণ কৰি অহা ড্ৰাগছ মাফিয়া বিশাল চৌধুৰীক শনিবাৰে অসম আৰক্ষীৰ এটা দলে দিল্লীত গ্ৰেপ্তাৰ কৰে ।

Drugs mafia vishal Chaudhary
কুৰিয়াৰত কোকেইন সৰবৰাহ কৰা বিশাল চৌধুৰীক গ্ৰেপ্তাৰ

গুৱাহাটী, ২৮ আগষ্ট: বিগত ছমাহ ধৰি দক্ষিণ দিল্লীৰ এটা অঞ্চলৰ পৰা কুৰিয়াৰ যোগে গুৱাহাটীলৈ কোকেইন প্ৰেৰণ কৰি অহা ড্ৰাগছ মাফিয়া বিশাল চৌধুৰীক শনিবাৰে গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ এটা দলে ৷ দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছে ড্ৰাগছ মাফিয়া বিশাল চৌধুৰীক । দিল্লীৰ পৰা কুৰিয়াৰত কোকেইন প্ৰেৰণ কৰাৰ বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছিল ই টিভি ভাৰতে ।

অসমৰ একাংশ অভিজাত লোকৰ বাবে এইদৰে যে দিল্লীৰ পৰা কুৰিয়াৰত কোকেইন আহে সেই কথা পোহৰলৈ আহিছিল যোৱা ১৩ আগষ্টত । গুৱাহাটীৰ ৰিভাইৰা নামৰ এপাৰ্টমেন্টটোত ৰেভ পাৰ্টি কৰি থকা অৱস্থাত ১৩ আগষ্টত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ১৮ গৰাকীকৈ সম্ভ্ৰান্ত পৰিয়ালৰ লোকক ।

লগতে পঢ়ক: কেলেংকাৰীত জড়িতৰ প্ৰমাণ দিলে দ'লমুখত আঁঠু ল'ব শৃংখল চলিহাই

এইসকলৰ মাজত আছিল অশোক বৰ্মন নামৰ এজন ড্ৰাগছ যোগনীয়াৰ, যাৰ ঠিকনাত দক্ষিণ দিল্লীৰ পৰা বিশাল চৌধুৰীয়ে কুৰিয়াৰত পঠিয়াই কোকেইন আৰু সেই কোকেইন অশোক বৰ্মনে বিতৰণ কৰে সমাজৰ অভিজাত লোকৰ মাজত ।

সেই অশোক বৰ্মনৰ স্বীকাৰোক্তিৰ ভিত্তিতে অসম আৰক্ষীৰ এটা দল বিশাল চৌধুৰীৰ সন্ধানত দিল্লীলৈ ৰাওনা হয় আৰু আজি দিল্লী আৰক্ষীৰ সহযোগত দিল্লীত বিশাল চৌধুৰীক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: OLX ত সামগ্ৰী ক্ৰয় অথবা বিক্ৰী কৰোঁতে হওক সাৱধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.