ETV Bharat / state

ড্ৰাগছ বিৰোধী অভিযানৰ সাফল্যত সহযোগ লাগিব মণিপুৰ-নগালেণ্ডৰ - drugs supply to Assam through neighboring state

ৰাজ্যত এমাহ ধৰি চলা ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Operation) য়ে প্ৰমাণ কৰিছে যে এই বিশাল নেটৱৰ্কৰ লগত জড়িত হৈ আছে এক শক্তিশালী আন্তঃৰাষ্ট্ৰীয় চক্ৰ ।‌‌ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলোৱা ড্ৰাগছ বিৰোধী অভিযান স্বাভাৱিকতে সীমিত থাকিব ৰাজ্যৰ চাৰিসীমাৰ মাজতে ।‌‌ কিন্তু তাৰ বিপৰীতে অসমত চলা অভিযানৰ অনুসংগতে আৰম্ভ হ'ব নেকি চুবুৰীয়া ৰাজ্য আৰু ৰাষ্ট্ৰটো একেই অভিযান !

drugs Interstatelink
চুবুৰীয়া ৰাজ্যৰ সহযোগ অবিহনে সফল নহ'ব অসমৰ ড্ৰাগছ বিৰোধী অভিযান
author img

By

Published : Jun 12, 2021, 7:35 PM IST

গুৱাহাটী, ১২ জুন : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত ভয়াৱহ ৰূপ ধাৰণ কৰা ড্ৰাগছ(drugs) সাম্ৰাজ্যৰ আৰত আছে এক শক্তিশালী আন্তঃৰাষ্ট্ৰীয় চক্ৰ। কেৱল অসমতেই নহয় এই চক্ৰটোৱে অসমৰ মাজেৰে দেশৰ আন প্ৰান্তৰ আনকি চুবুৰীয়া ৰাষ্ট্ৰ সমূহলৈকো ড্ৰাগছ সৰাবৰাহ কৰি আহিছে । যোৱা এমাহ ধৰি অসমৰ বিভিন্ন ঠাইত চলা ড্ৰাগছ বিৰোধী অভিযানত পোহৰলৈ আহিছে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য।‌‌ বিশেষকৈ শুকুৰবাৰে বাইহাটা চাৰিআলিত আৰক্ষীয়ে এক অভিযান চলাই মণিপুৰৰ পৰা অহা এখন গেছ পৰিবাহী ট্ৰাকৰ পৰা প্ৰায় ডেৰ কোটিৰো অধিক টকাৰ হেৰ'ইন জব্দ কৰাৰ পিছত পৰিস্থিতি স্পষ্ট হৈ পৰিছে ।

লগতে পঢ়ক : ডিফুত নিচাযুক্ত টেবলেটসহ এজনক গ্ৰেপ্তাৰ

আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে অসমত শিপাই পৰা ড্ৰাগছৰ সৰাবৰাহৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে মণিপুৰ সংযোগ । সূত্ৰটোৰ মতে মূলতঃ তিনি চাৰিটা পথেৰে মণিপুৰৰ পৰা অসমলৈ নিয়মীয়াকৈ আহি আছে ড্ৰাগছ । ইয়াৰে কিছু অংশ অসমত ৰৈ যোৱাৰ উপৰিও এক বিশেষ অংশ ৰাজ্য খনৰ মাজেৰে আন ঠাইলৈ গৈ আছে । পূৰ্বতে এই পথেৰেই ড্ৰাগছ গৈছিল পঞ্জাৱ পৰ্যন্ত । সূত্ৰটোৰ মতে বৰ্তমানে অসমৰ মাজেৰে বিভিন্ন যোগাযোগ মাধ্যমৰ দ্বাৰা দেশৰ আন প্ৰান্তলৈ নিষিদ্ধ ড্ৰাগছ সৰাবৰাহ হৈ থকাৰ তথ্য অসম আৰক্ষীয়ে লাভ কৰিছে ।

অসমত যোৱা ১০ জুনলৈ ১২ কিলোগ্ৰাম হেৰ'ইন(heroine), ৩.৩৬ লাখ নিচাযুক্ত টেবলেট জব্দ হোৱাৰ উপৰিও এক বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ হৈছে যাৰ হিচাব এতিয়াও পোহৰলৈ অহাৰ নাই । আনহাতে, এই অভিযানত অসমৰ বিভিন্ন প্ৰান্তৰ থানাত ৪৪৭ টা গোচৰ ৰুজু হৈছে । এই সময়ছোৱাত মুঠ ৭৮৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । অৱশ্যে ইয়াৰ লগত গৰু চুৰি কাৰ্যত জড়িত লোকো আছে ।‌‌ ইয়াৰ পিছতো আৰক্ষীৰ অভিযান অব্যাহত আছে ।‌

লগতে পঢ়ক : তেজপুৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

কিন্তু আৰক্ষীৰ সূত্ৰটোৰ মতে এই নিষিদ্ধ ড্ৰাগছ সৰবৰাহ হোৱাৰ মূল উৎস মণিপুৰ আৰু চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ ঘাটিসমূহৰ লগত থকা সৰবৰাহ শৃংখলটো ছিঙিব নোৱাৰিলে সাময়িক অভিযানে সমস্যা সমাধান নকৰে । কিন্তু অতি লক্ষণীয়ভাৱে অসমত চলি থকা ড্ৰাগছ বিৰোধী অভিযানক এই পৰ্যন্ত কোনো প্ৰকাৰে সহায় কৰা‌ নাই । ৰাজ্যখনত বিজেপি চৰকাৰ থকাৰ সময়তো চৰকাৰখনৰ নিৰুদ্বিগ্নতাই সকলোকে আচৰিত কৰিছে । খবৰ অনুসৰি অসমত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰ হোৱাৰ লগে লগে কিছু সংখ্যক ড্ৰাগছ মাফিয়াই মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত আত্মগোপন কৰিছে । কিন্তু যোৱা এমাহত চুবুৰীয়া ৰাজ্য কেইখনৰ ক'তো ড্ৰাগছ বিৰোধী অভিযান চলা নাই বা চলিবলৈ দিয়া হোৱা নাই ।

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত নিজেই কৈছিল যে কেৱল অসমত ড্ৰাগছৰ প্ৰচলনেই নহয়, ৰাজ্যখনৰ মাজেৰে আন ঠাইলৈ ড্ৰাগছৰ সৰবৰাহো বন্ধ কৰা হ'ব । কিন্তু ইয়াৰ বাবে লাগিব চুবুৰীয়া ৰাজ্য চৰকাৰসমূহৰ সহযোগিতামূলক অভিযান । এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰি মুখ্যমন্ত্ৰী শৰ্মাই বিশেষ তৎপৰতা লৈছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.