ETV Bharat / state

ইংৰাজী মাধ্যমৰ বিদ্যালয়তো সলসলীয়াকৈ অসমীয়া কোৱাৰ আহ্বান - অসম গৌৰৱ বঁটাপ্ৰাপক বিশিষ্ট বন বিষয়া ধৰণীধৰ বড়ো

শেহতীয়াকৈ ৰাজ্য চৰকাৰে কেবিনেটত শিক্ষা সম্পৰ্কে গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্তৰ বিৰোধিতা কৰি অসমৰ শিক্ষা হাইব্ৰীড নহয়, অৰ্গেনিক ব্যৱস্থাৰে প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই (Dr amujjal Kumar Bhattacharya)৷

Dr amujjal Kumar Bhattacharya
ইংৰাজী মাধ্যমৰ বিদ্যালয়তো সলসলীয়াকৈ অসমীয়া কোৱাৰ আহ্বান
author img

By

Published : Aug 13, 2022, 10:35 PM IST

গুৱাহাটী, ১৩ আগষ্ট: চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে চন্দ্ৰপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিশেষ অভিনন্দন অনুষ্ঠান ৷ ২০২২ বর্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত চন্দ্ৰপুৰ অঞ্চললৈ ষ্টাৰ আৰু ডিষ্টিংছন নম্বৰসহ সুনাম কঢ়িয়াই অনা কৃতি ছাত্ৰ-ছাত্ৰীসকলক চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় (Felicitation by AASU in Guwahati)৷

এই সভাত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল ভট্টাচাৰ্যই (Dr Samujjal Kumar Bhattacharya) শেহতীয়াকৈ ৰাজ্য চৰকাৰে কেবিনেটত শিক্ষা সম্পৰ্কে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি অসমৰ শিক্ষা ব্যৱস্থা হাইব্ৰীড নহয়, অৰ্গেনিক ব্যৱস্থাৰে প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ৷ তেওঁ লগতে কয় যে চৰকাৰে চৰকাৰী মাধ্যমৰ বিদ্যালয় তথা মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত সৰুৰে পৰাই ভালদৰে অসমীয়াৰ লগতে ইংৰাজী শিকাব লাগিব যাতে ছাত্ৰ-ছাত্ৰীসকলে সল-সলীয়াকৈ অসমীয়াৰ লগতে ইংৰাজীও ক’ব অথবা লিখিব পাৰে ৷ তেতিয়া চৰকাৰে উল্লেখ কৰা হাইব্ৰীড পদ্ধতিৰে শিক্ষা প্ৰদান নকৰি অৰ্গেনিক অৰ্থাৎ এই পদ্ধতিৰে শিক্ষা প্ৰদান কৰিলে ছাত্ৰ -ছাত্ৰীসকল উপকৃত হ’ব ।

আছুৰ উপদেষ্টাগৰাকীয়ে লগতে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো ইংৰাজী শিক্ষাৰ লগতে অসমীয়া তথা মাতৃভাষাত যাতে সলসলীয়াকৈ ক’ব অথবা লিখিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষা ইংৰাজী মাধ্যমত প্ৰদান কৰিব বিচাৰটো কেতিয়াও বিজ্ঞানসন্মত নহয় বুলিও ব্যক্ত কৰে ড৹ ভট্টাচাৰ্যই ৷

ইফালে ৰাজ্যৰ শিক্ষা বিভাগে এক জাননীযোগে চৰকাৰী বিদ্যালয়সমূহে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ পৰা বিদ্যালয়সমূহত প্ৰয়োজন হোৱা ডেক্স বেঞ্চ, ফেন আদিৰ সহায় লোৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷

ইংৰাজী মাধ্যমৰ বিদ্যালয়তো সলসলীয়াকৈ অসমীয়া কোৱাৰ আহ্বান

তেওঁ কয় যে প্ৰত্যেক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী বা ৰাইজৰ ঘৰৰ ওচৰৰ বিদ্যালয়খনৰ প্ৰতি মৰম বা দায়বদ্ধতা আছেই ৷ কিন্তু চৰকাৰে উল্লেখ কৰাৰ দৰে প্ৰায় দুই লাখ বিদ্যালয়ৰ চিলিং ফেন অথবা ডেক্স-বেঞ্চ নাই এই কথাই চৰকাৰৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি কোনোধৰণৰ দায়বদ্ধতা নথকা তথা কৰণীয়খিনি যে কৰা নাই ইয়াৰে প্ৰমাণ দিয়ে ৷ গতিকে অসমীয়া মাধ্যম তথা মাতৃভাষা মাধ্যমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহে যাতে জয়যাত্ৰা অব্যাহত ৰাখিব পাৰে তাৰ বাবে চৰকাৰক সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনায় আছুৰ নেতাগৰাকীয়ে ৷

এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাবে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে অসম গৌৰৱ বঁটাপ্ৰাপক বিশিষ্ট বন বিষয়া ধৰণীধৰ বড়ো(Forest range officer Dharanidhar Boro) ৷ অভিনন্দন অনুষ্ঠানত চন্দ্ৰপুৰ অঞ্চললৈ সুনাম কঢ়িয়াই অনা ৮ খন বিদ্যালয়ৰ প্ৰধান শিক্ষকক গামোচা, জাপি আৰু এটি স্মাৰকৰে সম্বৰ্ধনা জনোৱাৰ লগতে ২০২২ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংছন আৰু ষ্টাৰ নম্বৰ লাভ কৰা ২৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, মানপত্ৰ আৰু ফাইল কভাৰেৰে সম্বৰ্ধনা জনোৱা হয় ।

তদুপৰি গ্ৰীষ্মবন্ধৰ সময়ছোৱাত ছাত্ৰ সন্থাই আয়োজন কৰা বিনামূলীয়া পাঠদান কাৰ্যসূচীত বিনামূলীয়া পাঠদান কৰোৱা ১৪ গৰাকী শিক্ষককো সম্বৰ্ধনা জনোৱা হয় উক্ত অনুষ্ঠানতে ৷

লগতে পঢ়ক: গো মাতাৰ আক্ৰমণত গুৰুতৰভাৱে আহত গুজৰাটৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী নীতিন পেটেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.