ETV Bharat / state

Dr Rupam Jyoti Sharma: আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন স্বাস্থ্য গৱেষণা সংস্থাৰ উপদেষ্টা পদত অসমৰ ড৹ ৰূপম জ্যোতি শৰ্মা

author img

By

Published : Apr 11, 2023, 6:45 PM IST

আমেৰিকাৰ নিৱাসী তথা অসমৰ সু-সন্তান ড৹ ৰূপম জ্যোতি শৰ্মাক হোৱাইট হাউছৰ প্ৰেচিডেন্সিয়েল ইনোভেচন ফেল’ আৰু স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে । ১৪ এপ্ৰিল বিহুৰ দিনাই ড৹ শৰ্মাই হোৱাইট হাউছৰ আদৰণি অনুষ্ঠানত অংশ ল'ব ।

Dr Rupam Jyoti Sharma of Assam
অসমৰ সুযোগ্য সন্তান ডঃ ৰূপম জ্যোতি শৰ্মা

গুৱাহাটী, ১১ এপ্ৰিল : অসমবাসীৰ বাবে এটা ভাল খবৰ । আমেৰিকাৰ নিৱাসী অসম সন্তান ড৹ ৰূপম জ্যোতি শৰ্মাক হোৱাইট হাউছৰ প্ৰেচিডেন্সিয়েল ইনোভেচন ফেল' আৰু স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে । ড৹ শৰ্মাই মঙলবাৰে মাৰ্কিন ৰাষ্ট্ৰপতিৰ প্ৰথম অসমীয়া ইনোভেচন ফেল' হিচাপে শপত গ্ৰহণ কৰে । ১৪ এপ্ৰিল ব’হাগ বিহুৰ দিনাই ড৹ শৰ্মাই হোৱাইট হাউছৰ আদৰণি অনুষ্ঠানত আনুষ্ঠানিকভাৱে অংশ ল'ব (Dr Rupam Jyoti Sharma of Assam) ৷

বহাগ বিহুৰ পূৰ্বে অহা এই খবৰ সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱৰ বিষয় । ১৪ এপ্ৰিল বিহুৰ দিনাই ড৹ শৰ্মাই হোৱাইট হাউছৰ আদৰণি অনুষ্ঠানত অংশ ল'ব অসমৰ সু সন্তান গৰাকীয়ে । উল্লেখ্য যে, যোৰহাটত জন্ম গ্ৰহণ কৰা শৰ্মাই যোৰহাট আৰু গোলাঘাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল । পৰৱৰ্তী সময়ত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত প্ৰাক স্নাতক ডিগ্ৰী লাভ কৰি যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইলেক্ট্ৰনিক বি ই ডিগ্ৰী লাভ কৰিছিল । পৰৱৰ্তী সময়ত তেওঁ আমেৰিকাৰ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল । ১৯৯১ চনতে আমেৰিকালৈ যোৱা ৰূপম শৰ্মাই বিগত সময়চোৱাত বহুকেইটা আগশাৰীৰ কোম্পানীৰ শীৰ্ষ পদত নিযুক্তি লাভ কৰিছিল । বিভিন্ন সময়ত চৰকাৰী বিভাগৰো দায়িত্ব পালন কৰি আহিছিল তেওঁ ।

বিগত বৰ্ষৰ নৱেম্বৰত কেলিফৰ্ণিয়া চৰকাৰে স্বাস্থ্য সেৱা, কৃত্ৰিম বুদ্ধিমত্তা আৰু গৱেষণা প্ৰযুক্তি তথা উদ্ভাৱনৰ ক্ষেত্ৰখনত নেতৃত্ব প্ৰদান কৰাৰ বাবে মুখ্য প্ৰযুক্তি বিষয়া হিচাপে নিযুক্তি দিছিল তেওঁক । কেৱল ইমানেই নহয় বহুমুখী প্ৰতিভাসম্পন্ন শৰ্মাই আমেৰিকাত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰো শিক্ষা গ্ৰহণ কৰিছিল । যাৰ বাবে তেওঁ গ্ৰেমীৰ সদস্য হিচাপেও নিৰ্বাচিত হয় । সংগীতৰ ক্ষেত্ৰখনতো যে, তেওঁ নিপুন সেয়া প্ৰতিপন্ন কৰিছে গীনিজ বুকত স্থান লাভৰ দ্বাৰা । বিশ্ব শান্তিৰ হকে শৰ্মাই ৩১৫ বিধ পৃথক বাদ্যযন্ত্ৰৰ জৰিয়তে ৫০০ গৰাকী শিল্পীৰ দ্বাৰা এক সংগীতৰ ছিম্ফনী সৃষ্টি কৰি এই ৰেকৰ্ডত স্থান লাভ কৰিছিল ।

ছবি পৰিচালনাৰ ক্ষেত্ৰতো তেওঁৰ অৱদান আছে । বিভিন্ন ক্ষেত্ৰত ৰূপম জ্যোতি শৰ্মাৰ অৱদান অতুলনীয় । উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে কেন্সাৰ, এলঝেইমাৰ, ডায়েবেটিছ আৰু অন্যান্য ৰোগৰ নিৰাময় বিচাৰি গঠন কৰিছে এডভান্স ৰিচাৰ্ছ প্ৰজেক্টছ এজেন্সি ফৰ হেল্থ নামৰ এই নতুন সংস্থাটো (US Presidents new Health Research Agency) । ৰূপম জ্যোতি শৰ্মাই মূল সংস্থা নেশ্য়নেল ইন্সটিটিউট অৱ হেল্থৰ অধীনত নতুন সংস্থাটোৰ মুখ্য তথ্য বিষয়া আৰু প্ৰেছিডেন্সীয়েল জ্যেষ্ঠ উপদেষ্টাৰ ভূমিকাত অংশ গ্ৰহণ কৰিব (Dr Rupam Jyoti Sharma appointed as an advisor) ।

লগতে পঢ়ক : Rickshaw Association Meeting: বৰবাৰীত ৰিক্সাচালক কল্যাণ সংস্থাৰ সজাগতা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.