ETV Bharat / state

ড৹ ৰবি কোটা হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 9:34 PM IST

Dr Ravi Kota : জ্যেষ্ঠ আই এ এছ বিষয়া ড৹ ৰবি কোটা হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব ৷ 31 মাৰ্চত পৰৱৰ্তী মুখ্য সচিব হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰিব প্ৰশাসনিক বিষয়া কোটাই ৷

Dr Ravi Kota will be the next CS of Assam
ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হ’ব ৰবি কোটা

নিউজ ডেস্ক, 16 জানুৱাৰী : ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হ’ব জ্যেষ্ঠ আই এ এছ বিষয়া ড৹ ৰবি কোটা ৷ 31 মাৰ্চত পৰৱৰ্তী মুখ্য সচিব হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰিব এইগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়াই ৷ 1993 বেটছৰ অসম মেঘালয় কেডাৰৰ ড৹ ৰবি কোটা সম্প্ৰতি ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব পদত অধিষ্ঠিত হৈ আছে ৷

উল্লেখ্য যে, বৰ্তমানৰ মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰে 31 মাৰ্চত অৱসৰ গ্ৰহণ কৰিব ৷ মন কৰিবলগীয়া, বৰঠাকুৰৰ কাৰ্যকাল ইতিমধ্যে উকলিছিল যদিও যোৱা সময়চোৱাত তিনি মাহৰ বাবে ৰাজ্য চৰকাৰে তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰিছিল ৷ সেই অনুসৰি, তেওঁৰ বৰ্ধিত কাৰ্যকাল 31 মাৰ্চত সমাপ্ত হ’ব আৰু সেই দিনাই ড৹ ৰবি কোটাই ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰিব ৷

ইতিমধ্যে বৰঠাকুৰৰ অৱসৰৰ পাচত মুখ্য সচিবৰ আসনত কোন অধিষ্ঠিত হ’ব তাকে লৈ দিছপুৰত সৰৱ চৰ্চা চলাৰ লগতে আন কেবাগৰাকীও শীৰ্ষ আই এ এছ বিষয়াৰ নাম মুখে মুখে বাগৰিছিল ৷ কিন্তু শেষ মুহূৰ্তত ড৹ ৰবি কোটাই পৰৱৰ্তী মুখ্য সচিব হোৱাটো নিশ্চিত হৈছে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অতি বিস্বস্ত বুলি পৰিচিত যিসকল আই এ এছ বিষয়া আছে সেইসকলৰ ভিতৰত অন্যতম হৈছে ড৹ ৰবি কোটা আৰু সমীৰ সিনহা ৷ সমীৰ সিনহাই মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব পদত কাৰ্য নিৰ্বাহ কৰাৰ উপৰিও বিত্ত বিভাগৰ আয়ুক্ত সচিবৰ দায়িত্বত আছিল ৷ কিন্তু কিছুদিন পূৰ্বে সমীৰ সিনহাই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সঞ্চালক প্ৰধান হিচাবে যোগদান কৰিছে ৷

সমীৰ সিনহাৰ দৰে এগৰাকী সুদক্ষ আই এ এছ বিষয়াই অসম ত্যাগ কৰিলেও ড৹ ৰবি কোটা ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিবৰ আসনত অধিষ্ঠিত হ’বলৈ ওলোৱাটো নিশ্চিতভাৱে এক গুৰুত্বপূৰ্ণ খবৰ ৷

লগতে পঢ়ক : তিনিমাহলৈ কাৰ্যকাল বাঢ়িল মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.