ETV Bharat / state

সদলবলে অগপত যোগদান শিক্ষাবিদ ড৹ ৰঞ্জিত ডেকাৰ

সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলত সোঁত বৈছে সদস্যভৰ্তি অভিযানৰ ৷ বুধবাৰে অসম গণ পৰিষদ দলত যোগদান কৰে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ স্বত্বাধিকাৰী তথা বিশিষ্ট শিক্ষাবিদ ড৹ ৰঞ্জিত ডেকাই ৷

author img

By

Published : Oct 7, 2020, 7:52 PM IST

Dr Ranjit Deka Joined AGP Guwahati assam etv bharat news
ড৹ ৰঞ্জিত ডেকা

গুৱাহাটী,7 অক্টোবৰ: বুধবাৰে মহানগৰীৰ আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত শতাধিক জনতা তথা শুভাকাংক্ষীৰ সৈতে সদলবলে অগপ দলত যোগদান কৰে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ স্বত্বাধিকাৰী তথা বিশিষ্ট শিক্ষাবিদ ড৹ ৰঞ্জিত ডেকাই ।

অগপ দলৰ সভাপতি অতুল বৰা তথা জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী,কেশৱ মহন্তকে প্ৰমুখ্য কৰি অগপৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে ডেকাই । আঞ্চলিতাবাদৰ প্ৰতি আকৰ্ষিত হৈ অসম গণ পৰিষদ দলত যোগদান কৰে বুলি ব্যক্ত কৰে দলটোৰ নৱতম সদস্য ড৹ ৰঞ্জিত ডেকায়ে । তদুপৰি দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব সুকলমে আৰু সুচাৰুৰূপে পালন কৰিব বুলি মন্তব্য কৰে আনন্দৰাম বৰুৱা একাডেমীৰ স্বত্বাধিকাৰীগৰাকীয়ে ৷ তাৎপৰ্যপূৰ্ণভাৱে ডেকাৰ অগপত যোগদানে পৰৱৰ্তী নিৰ্বাচনত পাটাছাৰকুছি সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে বুলি অনুমান প্ৰকাশ কৰিব পাৰি ৷

লগতে চাওকঃ আমগুৰিত মিনি ষ্টেডিয়াম নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.