ETV Bharat / state

আলফাৰ শীৰ্ষ নেতৃত্বৰ ৰাজনৈতিক অপৰিপক্কতা প্ৰকাশ পাইছে : ড৹ হীৰেন গোহাঁই

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 5:10 PM IST

ULFA Govt Peace Agreement : শান্তি চুক্তিৰ জৰিয়তে আলফাৰ শীৰ্ষ নেতৃত্বৰ ৰাজনৈতিক অপৰিপক্কতা প্ৰকাশ পাইছে বুলি মন্তব্য বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইৰ ৷ এই চুক্তি অসমৰ‌ বাবে সুখকৰ নহয় বুলি কয় তেওঁ ৷

ULFA Govt Peace Agreement
শান্তি চুক্তি সন্দৰ্ভত ড৹ হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া
ড৹ হীৰেন গোহাঁইৰ সংবাদমেল

গুৱাহাটী, 30 ডিচেম্বৰ : "আলফা-চৰকাৰৰ শান্তি চুক্তিৰ‌ পৰা অসমৰ‌ মানুহে বহুত আশা কৰিছিল ৷ চুক্তিখনৰ জৰিয়তে অসমৰ ৰাইজে এখন‌ পৰ্বত আশা কৰিছিল ৷ কিন্তু অসমৰ মানুহে এটা নিগনিহে পালে ৷" শেহতীয়াকৈ আলোচনা পন্থী আলফাই ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত কৰা‌ বহু আকাংক্ষিত চুক্তিখনৰ‌ সন্দৰ্ভত বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

শনিবাৰে গুৱাহাটীৰ নিজৰাপাৰৰ‌ বাসভৱনত সংবাদমেল সম্বোধন কৰি ড৹ গোহাঁইয়ে কয় যে, এই চুক্তিখন চিন্তাহীন ভাবে, খৰখেদাকৈ আৰু বিজেপি চৰকাৰৰ সুবিধা হোৱাকৈ কৰা হৈছে ৷ এই চুক্তিখন বিজেপি চৰকাৰৰ এজেণ্ডা মতে কৰিছে ৷ তেওঁ কয় যে, চুক্তিখন অসমৰ‌ বাবে সুখকৰ নহয় ৷ চুক্তিখন আত্মসমৰ্পণৰ দলিল ৷ ইয়াৰ মাজেদি আলফাৰ শীৰ্ষ নেতৃত্বৰ ৰাজনৈতিক অপৰিপক্কতা প্ৰকাশ পাইছে বুলি কয় তেওঁ ৷

এই চুক্তিক লৈ তেওঁ অত্যন্ত অসুখী আৰু ক্ষুব্ধ বুলি উল্লেখ কৰি ড৹ গোহাঁইয়ে কয় যে, ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে এইখন মানিলে বিপদহে বৃদ্ধি কৰিব ৷ তেওঁ কয় "তেওঁলোকে মনত ৰাখিছে নে নাই নাজানো ৷ 2010 চনত অৰবিন্দ ৰাজখোৱাই জেলৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ বাট উলিয়াবৰ বাবে মোক পত্ৰৰ জৰিয়তে অনুৰোধ কৰিছিল ৷ পিছত কেইজনমান জ্যেষ্ঠ নাগৰিকৰ সহায়ত দিল্লীলৈ গৈ কেন্দ্ৰীয় চৰকাৰক আলোচনাৰ বাবে মান্তি কৰিছিলো ৷ " ড৹ গোহাঁয়ে কয় যে, আলোচনাপন্থী আলফাই বহুত অনুৰোধ কৰাত, বিশিষ্ট বুদ্ধিজীৱী সকলে প্ৰস্তুত কৰি দিয়া দাবী চনদ অনুসৰি চৰকাৰৰ লগত আলোচনাৰ চৰ্তত তেওঁ এই কামত সন্মত হৈছিল ৷

তেওঁ কয় "আলোচনাৰ বাবে আলফাক আমি দাবী চনদ প্ৰস্তুত কৰি দিছিলো ৷ কিন্তু আজি 12 বছৰৰ পিছত আমি প্ৰস্তুত কৰি দিয়া দাবী চনদৰ লগত আজিৰ চুক্তিখনৰ বিশেষ কোনো মিল নাই ৷ আমি অসম আৰু অসমীয়াৰ ৰাজনৈতিক, অৰ্থনৈতিক সুৰক্ষা আদিৰ বিষয়ে দাবী চনদত দিয়া প্ৰস্তাববোৰ চুক্তিখন দেখা নাপালো ৷ চুক্তিখনত এইবোৰ কোনো কথা উল্লেখ নাই ৷ মাত্ৰ বিজেপি চৰকাৰৰ ৰাজনৈতিক হিচাপৰহে উল্লেখ আছে ৷ ইয়াৰ পৰা অসমীয়াৰ‌‌ কোনো উপকাৰ‌ নহয় ৷"

লগতে পঢ়ক : শান্তি চুক্তিৰ পিচত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা নস্যাৎ কৰিলে আলফাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.