ETV Bharat / state

'কা’ৰ বিৰুদ্ধে পুনৰ আন্দোলন হ’ব, এতিয়াও আশাবাদী ড° হীৰেন গোঁহাই

Dr Hiren Gohain on CAA : কাৰ বিৰুদ্ধে পুনৰ আন্দোলন হ’ব বুলি আশাবাদী বিশিষ্ট বুদ্ধিজীৱি ড৹ হীৰেন গোঁহাই ৷ অসমবাসীয়ে এই আইনখনক লৈ যথেষ্ট দুঃচিন্তাত সময় পাৰ কৰিছে বুলি মন্তব্য ড৹ হীৰেন গোঁহাইৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 9:44 PM IST

Dr Hiren Gohain on CAA
কাৰ বিৰুদ্ধে পুনৰ আন্দোলন হ’ব বুলিও আশাবাদী ড৹ হীৰেন গোঁহাই
কা আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া ড৹ হীৰেন গোঁহাইৰ

গুৱাহাটী, ৪ ডিচেম্বৰ: 'কা’ (CAA) ৰ বিৰুদ্ধে পুনৰ আন্দোলন হ’ব বুলি এতিয়াও আশাবাদী বিশিষ্ট বুদ্ধিজীৱি ড৹ হীৰেন গোঁহাই ৷ কেন্দ্ৰীয় চৰকাৰে 'কা'ৰ নীতি-নিয়ম প্ৰণয়নক সন্দৰ্ভত কৰা চিন্তা-চৰ্চাক লৈ ড৹ হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া ৷

এই প্ৰসংগত ড৹ গোঁহাইৰ মন্তব্য যে এইখন চৰকাৰে যি ধৰণেৰে কাম কৰে তাত গণতন্ত্ৰ নাই ৷ এই চৰকাৰে যিদৰে ভাবে তেনেদৰে কাম কৰে ৷ আন বেলেগ লোকৰ কোনো পৰামৰ্শ বা চিন্তাধাৰাক লৈ চিন্তিত নহয় চৰকাৰ ৷ উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নাগৰিকত্ব সংশোধনী আইনৰ বিধি বলৱতৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ পৰিছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা গৃহ বিভাগৰ জ্যেষ্ঠ আমোলায়ো প্ৰকাশ কৰিছে বিধি বলৱতৰ সম্ভাৱনাৰ এই তথ্য ৷

2019তে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হৈছিল যদিও কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বিধি বলৱৎ কৰিবলৈ আগবঢ়া নাছিল ৷ বিধি বলৱতৰ সম্ভাৱনাৰ লগে লগে দেশজুৰি পুনৰ 'কা'ক লৈ উকমুকনি উঠিছে ৷ বৃহস্পতিবাৰে সাংবাদিকৰ প্ৰশ্নত বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোঁহায়ে কয় যে অসমবাসীয়ে এই আইনখনক লৈ যথেষ্ট দুঃচিন্তাত সময় পাৰ কৰিছে ৷ কিন্তু চৰকাৰে দুই এটা সান্তনা বাণীৰ বাহিৰে এই দুঃচিন্তা আতঁৰ কৰাৰ বাবে বেলেগ একো কৰিব পৰা নাই ৷ সেয়ে এই আইনৰ বিৰুদ্ধে আন্দোলন কৰিব লাগিব ৷ আন্দোলনৰ বাদে আন কোনো বিকল্প অসমীয়াৰ হাতত নাই বুলি কয় তেওঁ ৷

'কা’ৰ বিৰুদ্ধে পুনৰ আন্দোলন হ’ব বুলিও আশাবাদী বিশিষ্ট বুদ্ধিজীৱি গৰাকী ৷ লগতে দেৰগাঁৱৰ ভয়ংকৰ পথ দুৰ্ঘটনাক লৈয়ো প্ৰতিক্ৰিয়া ড৹ গোঁহাইৰ ৷ বনভোজৰ বাছখনৰ সৈতে দুৰ্ঘটনাত পতিত হোৱা কয়লাভৰ্তি ট্ৰাকখনক লৈয়ো সাংবাদিকৰ প্ৰশ্নত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেঁও কয় যে অবৈধ কয়লা সৰবৰাহত ৰাজনৈতিক নেতা, আৰক্ষী বিষয়া জড়িত হৈ অহাৰ তথ্য প্ৰকাশ হৈ আহিছে ৷ সেয়ে ঘটনাত জড়িত কয়লা ট্ৰাকৰ বিষয়টোৰ মূল ৰহস্য ভেদ নহয় ৷

লগতে পঢ়ক : দেৰগাঁৱৰ পথ দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ গৃহত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.