ETV Bharat / state

"হিন্দু মানেই দেশৰ নাগৰিক হ'ব নোৱাৰে" : হীৰেন গোহাঁই

author img

By

Published : Nov 23, 2019, 8:45 PM IST

ভাৰতবৰ্ষৰ অন্য ৰাজ্যত NRC ৰ প্ৰাসংগিকতা নাই"। কেবৰ বিৰুদ্ধে সকলোকে ওলাই আহিবলৈ আহ্বান ডঃ হীৰেন গোহাঁইৰ ৷ হিন্দু মানেই দেশৰ নাগৰিক হ'ব নোৱাৰে ৷ বিজেপি চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিব বিচাৰিছে ৷

"হিন্দু মানেই দেশৰ নাগৰিক হ'ব নোৱাৰে" : হীৰেন গোহাঁই

গুৱাহাটী, নৱেম্বৰ 23 :গুৱাহাটী প্ৰেছ ক্লাৱত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ সংবাদমেল ৷ বিশিষ্ট চিন্তাবিদ হীৰেন গোহাঁই , হৰেকৃষ্ণ ডেকা , উদয়াদিত্য ভৰালীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ লয় এই সংবাদমেলত৷ NRC সন্দৰ্ভত বুদ্ধিজীৱী হীৰেন গোহাঁইয়ে কয় যে," পুনৰ অসমত NRC এক অদ্ভুত কথা ৷ হিন্দু মুছলমানৰ বিভেদৰ সৃষ্টিৰ বাবে এই ঘোষণা কৰিছে বিজেপি চৰকাৰে ৷ ভাৰতবৰ্ষৰ অন্য ৰাজ্যত NRC ৰ প্ৰাসংগিকতা নাই"। আনহাতে, কেবৰ বিৰুদ্ধে সকলোকে ওলাই আহিবলৈ আহ্বান জনায় হীৰেন গোহাঁয়ে ৷ হিন্দু মানেই দেশৰ নাগৰিক হ'ব নোৱাৰে বুলি মত প্ৰকাশ হীৰেণ গোহাঁইৰ ৷ প্ৰকৃততে বিজেপি চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিব বিচাৰিছে ৷ যি সময়ত দেশৰ অৰ্থনৈতিক ব্যৱস্থা ভাঙি পৰিছে সেই মুহূৰ্তত জনসাধাৰণক ব্যস্ত ৰখাৰ বাবে চৰকাৰে এনেধৰণৰ পন্থা লৈছে বুলি সংবাদ মেলত প্ৰকাশ কৰে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে ৷

আৰু পঢ়কঃমৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অৱস্থান ধৰ্মঘট

তাৰোপৰি এই সংবাদ মেলতে আঞ্চলিক দল সমূহক নিৰ্লজ্জ আখ্যা দিয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী মঞ্চৰ আহ্বায়ক মঞ্জিত মহন্তই । এটা ব্যক্তিগত চেনেলৰ এক অনুষ্ঠানত কৃষক মুক্তিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰক বিজেপি নেতাই কৰা অভব্য আচৰণক তীব্ৰ ভাষাৰে সমালোচনা কৰে মঞ্জিত মহন্তৰ লগতে হৰেকৃষ্ণ ডেকাই ৷ বিজেপি দলে যদি এই নেতা জনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে কৃষক মুক্তিৰ নেতাৰ বিৰুদ্ধে এয়া পৰিকল্পিত ষড়যন্ত্ৰ বুলি মন্তব্য কৰে হৰেকৃষ্ণ ডেকাই । লগতে তেখেতে কয় যে যদিহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয় তেন্তে অসম চুক্তিৰ পাঁচ নং ধাৰা নস্যাৎ কৰা হ'ব ৷

কৃষক মুক্তিৰ নেতাক আক্ৰমণ কৰাটো পৰিকল্পিতঃ হৰেকৃষ্ণ ডেকা

সংসদত গৃহীত হলেও অসমে কেতিয়াও মানি নলয় নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ যেতিয়ালৈকে চৰকাৰে এই বিধেয়কখন বাতিল নকৰে সংগ্ৰাম চলি যাব বুলি মন্তব্য প্ৰকাশ কৰে হীৰেন গোহাঁয়ে ৷ আছু , কৃষক মুক্তি সংগ্ৰাম সমিতি সকলোৰে লগত কেব বিৰোধিতাৰ বাবে সমৰ্থন কৰাৰ কথাও ব্যক্ত কৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী মঞ্চৰ প্ৰতিজন সদস্যই ৷

লগতে পঢ়কঃসদনতে CABক বাধা দিয়াৰ উদ্দেশ্যে দিল্লীত নেছ’ নেতৃত্বঃ CABক বিৰোধিতা কৰাৰ

Intro:গুৱাহাটী প্ৰেছ ক্লাৱত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী মঞ্চৰ সংবাদমেল। বিশিষ্ট চিন্তাবিদ হীৰেন গোহাঁই , হৰেকৃষ্ণ ডেকা , উদয়াদিত্য ভৰালীকে ধৰি উপস্থিত সকলো।NRC ক লৈ বুদ্ধিজীৱী হীৰেন গোহাঁইৰ মন্তব্য-" পুনৰ অসমত NRC এক উদ্ভট কথা। হিন্দু মুছলমানৰ বিভেদৰ সৃষ্টিৰ বাবে এই ঘোষণা কৰিছে বিজেপি চৰকাৰে। লগতে ভাৰতবৰ্ষৰ অন্য ৰাজ্যত NRC ৰ প্ৰাসংগিকতা নাই।

Body:কেবৰ বিৰুদ্ধে সকলোকে ওলাই অহাৰ আহ্বান হীৰেণ গোহাঁইৰ। হিন্দু মানে দেশৰ নাগৰিক হব নোৱাৰে বুলি।মন্তব্য কৰিলে হীৰেণ গোহাঁই। প্ৰকৃততে বিজেপি চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিব বিচাৰিছে। যি সময়ত দেশৰ অৰ্থনৈতিক ব্যৱস্থা ভাঙি পৰিছে সেই মুহূৰ্তত জনসাধাৰণক ব্যস্ত ৰখাৰ বাবে এনেধৰণৰ পন্থা লৈছে চৰকাৰে। এই মন্তব্য হীৰেন গোঁহাইৰ।
আঞ্চলিক দল সমূহক নিৰ্লজ্জ আখ্যা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী মঞ্চৰ আহ্বায়ক মঞ্জিত মহন্তৰ । লগতে এটা ব্যক্তিগত চেনেলৰ এক অনুষ্ঠানত কৃষক মুক্তিৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰক বিজেপি নেতাই কৰা অভব্য আচৰণক তীব্ৰ ভাষাৰে সমালোচনা কৰে মঞ্জিত মহন্তৰ লগতে হৰেকৃষ্ণ ডেকাই। বিজেপি দলে যদি এই নেতা জনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ কৃষক মুক্তিৰ নেতাৰ বিৰুদ্ধে বুলি মন্তব্য কৰে হৰেকৃষ্ণ ডেকাই । লগতে কেব যদি গৃহীত হয় তেন্তে অসম চুক্তিৰ পাঁচ নম্বৰ ধাৰা নস্যাৎ কৰা হব বুলি কলে হৰেকৃষ্ণ ডেকাই।

Conclusion:সংসদত গৃহীত হলেও অসমে কেতিয়াও মানি নলয় নাগৰিকত্ব সংশোধনী বিধেয়ক। আন্দোলন চলি থাকিব আৰু যেতিয়ালৈকে চৰকাৰে এইখন বাতিল নকৰে সংগ্ৰাম চলি যাব বুলি মন্তব্য প্ৰকাশ কৰে হীৰেন গোহাঁই। আছু , কৃষক মুক্তি সংগ্ৰাম সমিতি সকলোৰে লগত কেব বিৰোধিতা বাবে সমৰ্থন কৰাৰ কথাও ব্যক্ত কৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী মঞ্চৰ প্ৰতিজন লোকে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.