ETV Bharat / state

মৃত্যু বাৰ্ষিকীত ৰাজ্য়জুৰি সুধাকণ্ঠক স্মৰণ

author img

By

Published : Nov 5, 2020, 10:53 PM IST

বৃহস্পতিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাৰতৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকী পালন ৷ এই বিশেষ দিনটোত ৰাজ্যবাসীয়ে বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জ্ঞাপন কৰে সুধাকণ্ঠগৰাকীক ৷

Dr Bhupen Hazarika death anniversary organised in Assam
মৃত্যু বাৰ্ষিকীত ৰাজ্য়জুৰি সুধাকণ্ঠক স্মৰণ

আমগুৰি,5 নৱেম্বৰ : বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় ভাৰতৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকী ৷ সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত তেওঁক স্মৰণ কৰি ৰাজ্যবাসীয়ে বন্তি প্ৰজ্বলন,পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে কিছু কিছু ঠাইত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ৷

শিৱসাগৰৰ গৌৰীসাগৰত কণ্ঠশিল্পী মনোজ বড়াৰ বাসগৃহত অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি সুধাকণ্ঠক ৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে কণ্ঠশিল্পী মনোজ বড়াৰ কণ্ঠত ‘ভাৰতৰত্ন ভূপেন দা’ শীৰ্ষক এটি গীতৰ উন্মোচন কৰা হয় ।

Amguri
আমগুৰি

বৰপেটা : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটা জিলাৰ চেঙাতো চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শাখা সাহিত্য সভাৰ সহযোগত শ্বহীদ ভৱনৰ বাকৰিত ‘অশ্ৰু অঞ্জলি যাচিলোঁ’ শীৰ্ষক অনুষ্ঠানৰে সুধাকণ্ঠক স্মৰণ কৰা হয় ।

Barpeta
বৰপেটা

গুৱাহাটী : মহানগৰীৰ জালুকবাৰীস্থিত ড৹ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম গণ পৰিষদৰ নেতা তথা মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই । দলীয় কৰ্মকৰ্তাৰ সৈতে সমাধিক্ষেত্ৰত উপস্থিত হয় অগপৰ দুই মন্ত্ৰী । অসমীয়া হিয়াৰ আমঠু ভূপেন হাজৰিকাক শ্ৰদ্ধা জ্ঞাপন কৰি তেখেতৰ সৃষ্টিৰাজিক সুঁৱৰিলে মন্ত্ৰী অতুল বৰাই।

Guwahati
গুৱাহাটী

হোজাই : লামডিঙতো সুধাকণ্ঠৰ নৱম মৃত্যু বাৰ্ষিকী পালন কৰা হয় । লামডিং সমষ্টিৰ বিধিয়ক শিবু মিশ্ৰই সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনাই এই বিশেষ দিনটোত তেওঁ লামডিং অসামৰিক চিকিৎসালয় আৰু লামডিং ৰে’লৱে চিকিৎসালয়ত ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰে ৷

Lumding
লামডিং

বিশ্বনাথ : বিশ্বনাথ জিলাৰ বিহালীস্থিত বটিয়ামাৰীত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নৱম মৃত্যু দিৱস । বৃহত্তৰ বটিয়ামাৰী অঞ্চলৰ সাংস্কৃতিক কৰ্মীসকলৰ আহবানত তথা বিহালীৰ বিভিন্ন দল সংগঠনৰ সহযোগত বটিয়ামাৰীৰ ভানু ৰঙ্গ মঞ্চত শিল্পীগৰাকীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি অঞ্চলটোৰ বিভিন্ন ছাত্র-ছাত্রীসকলৰ মাজত ভূপেন হাজৰিকা নৃত্য আৰু গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । 9 গছি বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই পৱিত্ৰ অনুষ্ঠানটোত সভাপতিত্ব কৰে বিশিষ্ট সমাজ সেৱক ৰজনী কান্ত সিংহই ।

Biswanath
বিশ্বনাথ

ডুমডুমা : ডুমডুমাতো সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নৱম মৃত্যু তিথি পালন কৰা হয় । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ অন্তৰ্গত 8 নং শাখা সমিতিৰ উদ্যোগত আৰু মহামিলন যুৱক সংঘৰ সহযোগত 8 নং ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী । সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগঠনটোৱে ৷

Doomdooma
ডুমডুমা

লগতে পঢ়ক : বাক্সা জিলা সাহিত্য সভাৰ উদ্যোগত ড৹ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.