ETV Bharat / state

চ’লাৰ ড্ৰায়াৰ,ইলেক্ট্ৰিকেল স্ম’কাৰ উদ্ভাৱন ডাউন টাউন বিশ্ববিদ্যালয় আৰু নেৰামেকৰ - উত্তৰ-পূৱ আঞ্চলিক কৃষি বিপণন নিগম লিমিটেড

‘‘চ’লাৰ ড্ৰায়াৰ’’ আৰু ‘‘ইলেক্ট্ৰিকেল স্ম’কাৰ’’ উদ্ভৱন কৰিছে অসম ডাউন টাউন বিশ্ববিদ্যালয় (AdtU) আৰু উত্তৰ-পূৱ আঞ্চলিক কৃষি বিপণন নিগম লিমিটেড (NERAMAC)য়ে ৷ ইতিমধ্যে বোকাখাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি উদ্যান পালন অনুষ্ঠান,২০২১ত উদ্বোধন কৰা হয় এই প্ৰণালী দুটা ৷

Down Town University, NERAMAC develops
ডাউন টাউন বিশ্ববিদ্যালয় আৰু নেৰামেকৰ
author img

By

Published : Jan 22, 2021, 7:29 PM IST

নিউজ ডেস্ক,22 জানুৱাৰী : অসম ডাউন টাউন বিশ্ববিদ্যালয় (AdtU) আৰু উত্তৰ-পূৱ আঞ্চলিক কৃষি বিপণন নিগম লিমিটেড (NERAMAC)ৰ যৌথ প্ৰচেষ্টাৰে আৱিস্কাৰ কৰিছে দুই অভিনৱ খাদ্য প্ৰণালী ৷ এই খাদ্য প্ৰণালী দুটা হৈছে ‘‘চ’লাৰ ড্ৰায়াৰ’’ আৰু ‘‘ইলেক্ট্ৰিকেল স্ম’কাৰ’’ ৷

Down Town University, NERAMAC develops
ডাউন টাউন বিশ্ববিদ্যালয় আৰু নেৰামেকৰ

শেহতীয়াকৈ গোলাঘাট জিলাৰ বোকাখাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি উদ্যান পালন অনুষ্ঠান,২০২১ত এই প্ৰণালী দুটাৰ উদ্বোধন কৰা হয় ৷

অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু উত্তৰ-পূৱ আঞ্চলিক কৃষি বিপণন নিগম লিমিটেডৰ উমৈহতীয়া স্বাক্ষৰ আৰু বুজাবুজিৰ ভিত্তিত এই প্ৰণালী দুটাৰ বিকাশ সাধন কৰা হয় ৷

Down Town University, NERAMAC develops
ডাউন টাউন বিশ্ববিদ্যালয় আৰু নেৰামেকৰ

আভিযান্ত্ৰিক আৰু প্ৰযুক্তিৰ ডিন আৰু AdtUৰ উদ্ভাৱন দলৰ মুৰব্বী ড৹ সুনন্দন বৰুৱাই জনোৱা মতে, ‘‘নেন’প্ৰযুক্তি ভিত্তিক চ’লাৰ ড্ৰায়াৰে সৌৰ ফন’ সংগ্ৰহ কৰিবলৈ আৰু এটা বন্ধ চেম্বাৰ গৰম কৰিবলৈ পৰোক্ষভাৱে কৌশল ব্যৱহাৰ কৰিব, যিটো ফল-মূল, পাচলি, মাছ-মাংস আদি শুকোৱাৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব । প্ৰট’টাইপটো তিনিটা গৰম উঞ্চতাৰ কোঠালিৰে সজ্জিত । 28 ডিগ্ৰী ছেলছিয়াছৰ এক সাধাৰণ বাহিৰৰ উষ্ণতাই প্ৰায় 75 অ’চি চেম্বাৰ উষ্ণতাৰ সৃষ্টি কৰিব পাৰে । সোৱাদ আৰু সুগন্ধ বজাই ৰাখিবলৈ ইলেক্ট্ৰনিক নিয়ন্ত্ৰণ প্ৰণালী ব্যৱহাৰ কৰি কোঠালীৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিব পাৰি । শুকান কোঠালিবোৰক এটা এণ্টিফাংগাল বা এণ্টিমাইক্ৰ’বিয়েল নেন’কোটিং দিয়া হয়, যাতে শুকান সামগ্ৰীবোৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা মুক্ত হয় । ব্যৱহাৰকাৰীৰ প্ৰয়োজনীয়তা অনুকূলিত কৰিবলৈ আৰ্হিটো ওলট-পালট কৰিব পাৰি’’ ৷

আনহাতে, ইলেক্ট্ৰিকেল স্ম’কাৰক কৃষি, উদ্যানজাত, মাংস-মাছৰ অধিক সোৱাদ বৃদ্ধি কৰিবলৈ ইয়াৰ আৰ্হি প্ৰস্তুত কৰা হৈছে । স্ম’কিঙৰ পৰম্পৰাগত উপায়টোৱে কাৰ্চিন’জেনিক যৌগৰ সৃষ্টি কৰে যাৰ ফলস্বৰূপে খোৱাৰ সময়ত স্বাস্থ্যত সমস্যাই দেখা দিব পাৰে । কিন্তু AdtUত প্ৰস্তুত কৰা প্ৰণালীটোৱে কাৰ্চিন’জেনিক সুগন্ধি যৌগৰ উৎপাদন হ্ৰাস কৰে আৰু স্ম’কিঙৰ সামগ্ৰী ব্যৱহাৰৰ সুৰক্ষা নিশ্চিত কৰে । ইয়াক বৈদ্যুতিক গ্ৰিল হিচাপেও ব্যৱহাৰ কৰিব পাৰি । কোঠালিবোৰ জৈৱ সুৰক্ষিত নেন’ সামগ্ৰীৰে প্ৰলেপ দিয়া হয় যাতে ভেঁকুৰ আৰু মাইক্ৰ’বিয়েল বৃদ্ধি নহয় বুলি ড৹ সুনন্দন বৰুৱাই মন্তব্য কৰে ৷

উল্লেখ্য যে, আফ্ৰিকাৰ কেইগৰাকীমান বিশেষজ্ঞই এই প্ৰণালীৰ প্ৰশংসা কৰে আৰু প্ৰযুক্তিবোৰ ঘানালৈ লৈ যাবলৈ আগ্ৰহ প্ৰকাশ কৰে ৷

লগতে পঢ়ক : মেঘালয়ৰ কয়লাৰ খনিত অঘটন: অসমৰ শ্ৰমিকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.